--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে স্মৰণীয় প্ৰদৰ্শনেৰে পুনৰ আইচিচিৰ ৰেংকিঙৰ শীৰ্ষ দহত প্ৰৱেশ কৰিলে বিৰাট কোহলীয়ে। শেহতীয়াকৈ আইচিচিয়ে প্ৰকাশ কৰা টি২০ বেটিং ৰেংকিঙত কোহলীয়ে নৱম স্থান লাভ কৰিছে।

বৰ্তমান কোহলীয়ে ৬৩৫ ৰেটিং পইণ্ট লাভ কৰিছে। ৰেংকিঙৰ প্ৰথম স্থানত আছে পাকিস্তানৰ উইকেটকীপাৰ-বেটাৰ মহম্মদ ৰিঝৱান। তেওঁৰ পাছতে ডেভন কনৱে’ আৰু সূৰ্যকুমাৰ যাদৱ।  পাকিস্তানৰ অধিনায়ক বাবৰ আজম আছে চতুৰ্থ স্থানত।

টি২০ ৰেংকিঙৰ বেটিং শিতানত ভাৰতৰ দুজনকৈ বেটাৰ থকাৰ বিপৰীতে বলিং তালিকাত এজনো ভাৰতীয় বলাৰ নাই। শীৰ্ষস্থানত আছে আফগানিস্তানৰ ৰছিদ খান।

অলৰাউণ্ডাৰৰ তালিকাত বাংলাদেশৰ ছাকিব উল হাছানে প্ৰথম স্থানত থকাৰ লগতে ভাৰতৰ হাৰ্দিক পাণ্ডিয়াই দখল কৰিছে তৃতীয় স্থান।

আনহাতে, আইচিচিৰ এদিনীয়া ৰেংকিঙত কোহলীয়ে সপ্তম স্থান অধিকাৰ কৰিছে। কোহলীৰ বাদে আন কোনো ভাৰতীয় বেটাৰ এদিনীয়া ৰেংকিঙত নাই।

উল্লেখ্য যে আইচিচিৰ ৰেংকিঙত বহু দিনৰ পাছত এইদৰে কোহলীয়ে শীৰ্ষ দহত স্থান লাভ কৰিছে। ফৰ্মহীনতাত ভোগাৰ পাছত এচিয়া কাপত দমনীয় প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হয়।

চলিত বৰ্ষত কোহলী দূৰ্দান্ত ফৰ্মত আছে। ১৫ খন টি-২০ মেচত কোহলীয়ে গড়ে ৫১.৫৪ সহ ৫৬১ ৰাণ সংগ্ৰহ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু