--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত। মেচখনত জয়ী হোৱাৰ বহু আগতেই তেওঁলোকে ফাইনেলত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লৈছিল। মেন অৱ দ্য মেচ অক্ষৰ পেটেলৰ ভাষণৰ পৰা সেয়া স্পষ্ট। তেওঁৰ মতে, বেটিং কৰি থকা অৱস্থাত ১৮.২ অভাৰতে জয়ী হয় মেচখন।

ছেমি ফাইনেলত ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে ভাৰতে। সেই মেচত প্ৰথম বেটিং কৰি ৰোহিতে ১৭১ ৰান সংগ্ৰহ কৰে। কিন্তু অক্ষৰৰ মতে এই খেলপথাৰত ১৫০ ৰান যথেষ্ট আছিল। ভাৰতীয় স্পিনাৰগৰাকীয়ে কয়, ‘এই খেলপথাৰত ১৫০ ৰান যথেষ্ট আছিল। আমি সেইটো বুজিলোঁ যেতিয়া মই বেটিং কৰিবলৈ ওলাই আহিলোঁ। কিন্তু আমাৰ বেটছমেনসকলে ১৭০ ৰান কৰিলে। গতিকে আমি আত্মবিশ্বাসী আছিলো।" ১৮.২ অভাৰত ১৫০ ৰান অতিক্ৰম কৰে ভাৰতে।

খেলখনত অক্ষৰে তিনিটা উইকেট দখল কৰে। তেওঁ মেচখনৰ মেন অৱ দ্য মেচ। কুলদীপ যাদৱেও ৩টা উইকেট দখল কৰে। তেওঁলোকৰ যুটি সন্দৰ্ভত অক্ষৰে কয়, ‘ডাঙৰ মেচত দলৰ বাবে কথা পতাটো অতি প্ৰয়োজনীয়। বিশ্বকাপত আমাৰ বাবে সকলো মেচ ডাঙৰ। প্ৰথমে বলিং কৰাৰ পৰাই (ৰবীন্দ্ৰ) খেলপথাৰত কি হোৱা নাই সেই কথা জাদেজা আৰু কুলদীপক কৈয়েই থাকিল। মই ডাঙৰকৈ কোৱাৰ পিছতো বন্ধ হৈ আছিল। ১০ অভাৰ ব্ৰেকৰ সময়ত মই জাদ্দু ভাইকেইজনক ক’লোঁ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ