--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলা টেষ্ট ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িছে ভাৰতৰ শ্বেফালী বাৰ্মাই। শ্বেফালি হৈছে সৰ্বাধিক দ্ৰুত দ্বিশতক স্ক’ৰাৰ। এনাবেল চাথাৰলেণ্ডৰ অভিলেখ ভংগ হ’ল। দুয়োটাখন মেচতে বিপক্ষ দল দক্ষিণ আফ্ৰিকা। শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্ট। তাত ভাৰতে প্ৰথম দিনাই ৪ উইকেটত ৫২৫ ৰান সংগ্ৰহ কৰে।

শ্বেফালীয়ে ১৯৪টা বলত দ্বিশতক অৰ্জন কৰে। ছাথাৰলেণ্ডে ২৪৮টা বলত দ্বিশতক অৰ্জন কৰিছিল। শেষত ১৯৭টা বলত ২০৫ ৰান সংগ্ৰহ কৰি আউট হয়। ২৩টা চাৰি আৰু আঠটা ছয় মাৰিলে। ৰান আউট হয়৷ মাত্ৰ ৯ ৰানৰ বাবে মিতালী ৰাজৰ ২১৪ ৰানৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে। টেষ্টত ভাৰতৰ বাবে সেয়া হৈছে সৰ্বোচ্চ ইনিংছ। এই বিশ্ব অভিলেখ পাকিস্তানৰ কিৰণ বেলুচৰ হাতত আছে। তেওঁ ২৪২ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ হৈ অ’পেন কৰিবলৈ আহিছিল শ্বেফালী আৰু স্মৃতি মান্ধনা। দুয়োজনে ২৯২ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। ইয়াৰ পূৰ্বে পাকিস্তানে মহিলা টেষ্টত উদ্বোধনী যুটিত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িছিল। কিৰণ বেলুচ আৰু সজ্জিদা শ্বাহে ২৪১ ৰানৰ অংশীদাৰিত্ব গঠন কৰে। ২০০৪ চনৰ অভিলেখ ভংগ কৰিছিল শ্বেফালীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ