--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত বিশ্বকাপৰ সময়ত পাকিস্তানক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে পোষ্ট কৰিছিল ‘জয় শ্ৰী হনুমান’। তেতিয়াৰ পৰাই ৰামৰ নাম কেশৱ মহাৰাজৰ নামৰ সৈতে জড়িত হৈ আছে। শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ই বৃদ্ধি পাইছে। মহাৰাজ যেতিয়াই বেটিং কৰিবলৈ ওলাই আহে তেতিয়াই ‘ৰাম ছিয়া ৰাম’ গীতটো বজাই দিয়া হয়। এই গীতটো কিয় বজাইছিল? দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰে ক’লে আঁৰৰ কাৰণ।

মহাৰাজে কয় যে তেওঁ সৰুৰে পৰা ৰাম-হনুমানৰ ভক্ত। গতিকে বেটিং কৰিবলৈ নামি অহাৰ সময়ত সেই গীতটো বজাবলৈ অনুৰোধ কৰিলে। মহাৰাজে ক’লে, “মই ভগৱান ৰাম আৰু শ্ৰী হনুমানৰ ভক্ত। গতিকে বেটিং কৰিবলৈ নামি অহাৰ সময়ত সেই গীতটো বজাবলৈ অনুৰোধ কৰিলোঁ। আচলতে সেই গীতটো বজাইলে মই অনুভৱ কৰো যে মই ৰাম আৰু হনুমানৰ আশীৰ্বাদ পাইছো। দলৰ হৈ মই ভাল খেলিব পাৰো। ইয়াৰ বাহিৰেও নিজৰ ধৰ্ম-সংস্কৃতিৰ প্ৰতি সন্মান দেখুৱাবলৈ ইয়াতকৈ ভাল উপায় মই নাজানো।’’

ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্টত যেতিয়া মহাৰাজে বেটিং কৰিবলৈ ওলাই আহিছিল, তেতিয়া বিৰাট কোহলিয়ে ৰামৰ গান শুনি থাকোঁতে তেওঁক প্ৰণাম কৰা দেখা গৈছিল। লোকেশ ৰাহুলক মহাৰাজৰ লগত কথা পতাও দেখা গৈছে।

মহাৰাজৰ জন্ম দক্ষিণ আফ্ৰিকাৰ ডাৰবানত হৈছিল যদিও তেওঁৰ পূৰ্বপুৰুষ উত্তৰ প্ৰদেশৰ চুলতানপুৰত বাস কৰিছিল। তেওঁলোকৰ ঘৰ গোমতি নদীৰ পাৰত আছিল। মহাৰাজৰ বিয়াও এগৰাকী ভাৰতীয় মহিলাৰ সৈতে। তেওঁৰ বেটখনত 'OM' লিখা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু