--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত বিশ্বকাপৰ সময়ত পাকিস্তানক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে পোষ্ট কৰিছিল ‘জয় শ্ৰী হনুমান’। তেতিয়াৰ পৰাই ৰামৰ নাম কেশৱ মহাৰাজৰ নামৰ সৈতে জড়িত হৈ আছে। শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ই বৃদ্ধি পাইছে। মহাৰাজ যেতিয়াই বেটিং কৰিবলৈ ওলাই আহে তেতিয়াই ‘ৰাম ছিয়া ৰাম’ গীতটো বজাই দিয়া হয়। এই গীতটো কিয় বজাইছিল? দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰে ক’লে আঁৰৰ কাৰণ।

মহাৰাজে কয় যে তেওঁ সৰুৰে পৰা ৰাম-হনুমানৰ ভক্ত। গতিকে বেটিং কৰিবলৈ নামি অহাৰ সময়ত সেই গীতটো বজাবলৈ অনুৰোধ কৰিলে। মহাৰাজে ক’লে, “মই ভগৱান ৰাম আৰু শ্ৰী হনুমানৰ ভক্ত। গতিকে বেটিং কৰিবলৈ নামি অহাৰ সময়ত সেই গীতটো বজাবলৈ অনুৰোধ কৰিলোঁ। আচলতে সেই গীতটো বজাইলে মই অনুভৱ কৰো যে মই ৰাম আৰু হনুমানৰ আশীৰ্বাদ পাইছো। দলৰ হৈ মই ভাল খেলিব পাৰো। ইয়াৰ বাহিৰেও নিজৰ ধৰ্ম-সংস্কৃতিৰ প্ৰতি সন্মান দেখুৱাবলৈ ইয়াতকৈ ভাল উপায় মই নাজানো।’’

ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্টত যেতিয়া মহাৰাজে বেটিং কৰিবলৈ ওলাই আহিছিল, তেতিয়া বিৰাট কোহলিয়ে ৰামৰ গান শুনি থাকোঁতে তেওঁক প্ৰণাম কৰা দেখা গৈছিল। লোকেশ ৰাহুলক মহাৰাজৰ লগত কথা পতাও দেখা গৈছে।

মহাৰাজৰ জন্ম দক্ষিণ আফ্ৰিকাৰ ডাৰবানত হৈছিল যদিও তেওঁৰ পূৰ্বপুৰুষ উত্তৰ প্ৰদেশৰ চুলতানপুৰত বাস কৰিছিল। তেওঁলোকৰ ঘৰ গোমতি নদীৰ পাৰত আছিল। মহাৰাজৰ বিয়াও এগৰাকী ভাৰতীয় মহিলাৰ সৈতে। তেওঁৰ বেটখনত 'OM' লিখা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক