--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ উৰি চেক্টৰত ভাৰত-পাকিস্তানৰ সীমান্তৱৰ্তী চমৱালী গাঁৱত ভাৰতীয় সেনা আৰু স্থানীয় লোকসকলৰ মাজত প্ৰথমখন বন্ধুত্বপূৰ্ণ বৰফাবৃত ঠাইত ভলীবল খেলৰ অনুষ্ঠিত কৰা হয়। ‘আৱাম জোৱান’ (প্ৰাক্তন আৰু আৱাসী) সংযোগ স্থাপন কৰিবলৈ, ভাৰতীয় সেনাই স্থানীয় লোকসকলৰ সৈতে এক বন্ধুত্বপূৰ্ণ স্নো ভলীবল খেলৰ আয়োজন কৰিছিল। এক ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতে কথা পাতি থকা এজন স্থানীয় বাসিন্দা আব্দুল ৰছিদে কয়, এলঅ’চিৰ ওচৰত অৱস্থিত আমাৰ গাঁওখনত আমাৰ কোনো ক্ৰীড়া কাৰ্যকলাপ নাই, সেয়েহে আমি ভাৰতীয় সেনা আৰু স্থানীয় লোকসকলৰ দ্বাৰা আয়োজিত স্নো ভলীবল খেলখন চাবলৈ ভাল পাইছিলোঁ। আমি বিচাৰো যে স্থানীয় লোক আৰু সেনাৰ মাজত সেই ঐক্য বজাই ৰখা হওক আৰু এই ক্ৰীড়াৰ আয়োজন এটা ভাল পদক্ষেপ আছিল। স্থানীয় পঞ্চায়ত সদস্য মহম্মদ ইউচুফে কৈছিল, আমাৰ গাঁৱত প্ৰায় আঢ়ৈ মিটাৰজুৰি বৰফেৰে ঢাক খাই আছে৷ সেয়েহে আমাৰ জীৱন অতি একঘেয়ামী হৈ পৰে৷ বিশেষকৈ শীতৰ সময়ছোৱাত৷ গতিকে আয়োজিত এই খেলখনে যুৱসকলক উৎসাহিত কৰিছিল আৰু আমি ভৱিষ্যতে এনে ধৰণৰ আৰু অধিক অনুষ্ঠান আয়োজন কৰাৰ আশা কৰিছোঁ৷ ভলীবল খেলখন চাবলৈ শিশুৰ পৰা বৃদ্ধলৈ ভিৰ কৰা পৰিলক্ষিত হৈছিল৷ গাঁওখনৰ চৰকাৰী বিদ্যালয়ৰ এজন শিক্ষক য়াছমিনে কয়, বিদ্যালয়খনৰ ল’ৰা-ছোৱালীয়ে সেনা জোৱানসকলৰ সৈতে খেলি ভাল সময় অতিবাহিত কৰিছিল আৰু গাঁওখনৰ আন বাসিন্দাসকলে বৰফৰ ভলীবল খেলখন চাই ভাল পাইছিল। খেলখনত অংশগ্ৰহণ কৰা এজন যুৱ খেলুৱৈ ইকবাল মালিকে কয়, ভাৰতীয় সেনাৰ সৈতে খেলি আনন্দ লাগিছিল আৰু মই ভাৰতীয় সেনাক ভৱিষ্যতেও এনে খেল অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছো‍ঁ৷ স্থানীয় লোকসকলক ভাৰতীয় সেনাই শীতকালত এক স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰিছিল। গাঁওবাসীয়ে এনেধৰণৰ আকৰ্ষণীয় কাৰ্যকলাপ সংগঠিত কৰাৰ বাবে ভাৰতীয় সেনাৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে৷ BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি