--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ উৰি চেক্টৰত ভাৰত-পাকিস্তানৰ সীমান্তৱৰ্তী চমৱালী গাঁৱত ভাৰতীয় সেনা আৰু স্থানীয় লোকসকলৰ মাজত প্ৰথমখন বন্ধুত্বপূৰ্ণ বৰফাবৃত ঠাইত ভলীবল খেলৰ অনুষ্ঠিত কৰা হয়। ‘আৱাম জোৱান’ (প্ৰাক্তন আৰু আৱাসী) সংযোগ স্থাপন কৰিবলৈ, ভাৰতীয় সেনাই স্থানীয় লোকসকলৰ সৈতে এক বন্ধুত্বপূৰ্ণ স্নো ভলীবল খেলৰ আয়োজন কৰিছিল। এক ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতে কথা পাতি থকা এজন স্থানীয় বাসিন্দা আব্দুল ৰছিদে কয়, এলঅ’চিৰ ওচৰত অৱস্থিত আমাৰ গাঁওখনত আমাৰ কোনো ক্ৰীড়া কাৰ্যকলাপ নাই, সেয়েহে আমি ভাৰতীয় সেনা আৰু স্থানীয় লোকসকলৰ দ্বাৰা আয়োজিত স্নো ভলীবল খেলখন চাবলৈ ভাল পাইছিলোঁ। আমি বিচাৰো যে স্থানীয় লোক আৰু সেনাৰ মাজত সেই ঐক্য বজাই ৰখা হওক আৰু এই ক্ৰীড়াৰ আয়োজন এটা ভাল পদক্ষেপ আছিল। স্থানীয় পঞ্চায়ত সদস্য মহম্মদ ইউচুফে কৈছিল, আমাৰ গাঁৱত প্ৰায় আঢ়ৈ মিটাৰজুৰি বৰফেৰে ঢাক খাই আছে৷ সেয়েহে আমাৰ জীৱন অতি একঘেয়ামী হৈ পৰে৷ বিশেষকৈ শীতৰ সময়ছোৱাত৷ গতিকে আয়োজিত এই খেলখনে যুৱসকলক উৎসাহিত কৰিছিল আৰু আমি ভৱিষ্যতে এনে ধৰণৰ আৰু অধিক অনুষ্ঠান আয়োজন কৰাৰ আশা কৰিছোঁ৷ ভলীবল খেলখন চাবলৈ শিশুৰ পৰা বৃদ্ধলৈ ভিৰ কৰা পৰিলক্ষিত হৈছিল৷ গাঁওখনৰ চৰকাৰী বিদ্যালয়ৰ এজন শিক্ষক য়াছমিনে কয়, বিদ্যালয়খনৰ ল’ৰা-ছোৱালীয়ে সেনা জোৱানসকলৰ সৈতে খেলি ভাল সময় অতিবাহিত কৰিছিল আৰু গাঁওখনৰ আন বাসিন্দাসকলে বৰফৰ ভলীবল খেলখন চাই ভাল পাইছিল। খেলখনত অংশগ্ৰহণ কৰা এজন যুৱ খেলুৱৈ ইকবাল মালিকে কয়, ভাৰতীয় সেনাৰ সৈতে খেলি আনন্দ লাগিছিল আৰু মই ভাৰতীয় সেনাক ভৱিষ্যতেও এনে খেল অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছো‍ঁ৷ স্থানীয় লোকসকলক ভাৰতীয় সেনাই শীতকালত এক স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰিছিল। গাঁওবাসীয়ে এনেধৰণৰ আকৰ্ষণীয় কাৰ্যকলাপ সংগঠিত কৰাৰ বাবে ভাৰতীয় সেনাৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে৷ BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন