--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আম আদমী পাৰ্টীৰ আগ্ৰাসনে শংকিত কৰিছে নেকি বিজেপিক? পঞ্জাবত কেজৰিৱাল নেতৃত্বৰ দলটোৱে চমকপ্ৰদ বিজয়েৰে ক্ষমতা দখলৰ পাছত এতিয়া ৰণকৌশল সলনি কৰিবলৈ বাধ্য হৈ পৰিছে বিজেপি দলে। পঞ্জাবৰ পাছত হাৰিয়ানত শাসনৰ গাদী দখলৰ বাবে লক্ষ্য স্থিৰ কৰিছে আম আদমী পাৰ্টীয়ে। এনে পৰিস্থিতিত বিজেপিয়ে অধিক সতৰ্ক হৈ পৰা দেখিবলৈ পোৱা গৈছে। আম আদমী পাৰ্টীৰ কৌশল অনুসৰণ কৰি এতিয়া দলটোক প্ৰতিহত কৰাৰ অংক কৰিছে বিজেপিয়ে। উল্লেখ্য যে, পঞ্জাবৰ নৱ অভিষিক্ত মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে শপত গ্ৰহণৰ সময়ত এটা ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছিল। তেওঁ ৰাজভৱনত শপত গ্ৰহণৰ পৰম্পৰা ভংগ কৰি শপত গ্ৰহণৰ বাবে বাছি লৈছিল এখন বিশেষ স্থান। এই বিশেষ স্থান হৈছে কিংবদন্তী স্বাধীনতা সংগ্ৰামী শ্বহীদ ভগত সিঙৰ জন্মস্থান। ভগৎ সিঙৰ জন্মস্থানত শপত গ্ৰহণ কৰি এটা নতুন বাৰ্তা দিছিল আম আদমী পাৰ্টীৰ নেতা তথা পঞ্জাবৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে। ইয়াৰ পাছতে এতিয়া এই কৌশলৰ পৰা আপক নিৰস্ত কৰিবলৈ উঠি-পৰি লাগিছে বিজেপি দল। হাৰিয়ানাত নিজৰ দূৰ্গ ৰক্ষা কৰাৰ বাবে বিজেপিয়ে এতিয়া ভগৎ সিঙৰ সহায় ল’ব বিচাৰিছে। ভগৎ সিঙক লৈ প্ৰচাৰেৰে আপে যাতে অগ্ৰগতি ল’ব নোৱাৰে তাৰ বাবে বিজেপিয়ে এতিয়া হাৰিয়ানাৰ তিনি শতাধিক স্থানত ভগৎ সিঙৰ মৃত্যু দিৱস পালন কৰিবলৈ অগ্ৰসৰ হৈছে বিজেপিয়ে। হাৰিয়ানৰ ৩০৬টা স্থানত বিজেপিয়ে ভগৎ সিঙৰ মৃত্যু দিন পালন কৰিব। ২৩ মাৰ্চ শ্বহীদ দিৱসৰ কাৰ্যসূচী পালন কৰিব বিজেপিয়ে।

১৯৩১চনৰ ২৩মাৰ্চত ব্ৰিটিছ চৰকাৰে ফাঁচি দিছিল

উল্লেখ্য যে, দেশৰ স্বাধীনতা সংগ্ৰামৰ তিনি বীৰ সেনানী ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক ১৯৩১চনৰ ২৩মাৰ্চত ব্ৰিটিছ চৰকাৰে ফাঁচি দিছিল। এই দিনটোক পালন কৰি অহা হৈছে শ্বহীদ দিৱস হিচাপে। কিন্তু এতিয়া বিজেপিয়ে এই শ্বহীদ দিৱসৰ কাৰ্যসূচী দলীয় পৃষ্ঠপোষকতাত পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মণ্ডল পৰ্যায়ত আয়োজন কৰা এই কাৰ্যসূচীসমূহৰ প্ৰত্যেকটোতে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। বিজেপিয়ে হঠাতে এনেদেৰ ভগৎ সিঙক সন্মান জনাবলৈ তৎপৰ হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। পঞ্জাবত আপে ভগৎ সিঙৰ ভূমিৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাছত সেই আৱেগে যাতে হাৰিয়ানাকো স্পৰ্শ কৰিব নোৱাৰে তাৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি। পঞ্জাবৰ পাছত হাৰিয়ানাও আপৰ দখললৈ গ’লে সেয়া বিজেপিৰ বাবে বৃহৎ প্ৰত্যাহ্বান বিবেচিত হ’ব পাৰে। গতিকে এতিয়াৰে পৰা সতৰ্কতা আৰম্ভ কৰিছে বিজেপিয়ে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ