--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আম আদমী পাৰ্টীৰ আগ্ৰাসনে শংকিত কৰিছে নেকি বিজেপিক? পঞ্জাবত কেজৰিৱাল নেতৃত্বৰ দলটোৱে চমকপ্ৰদ বিজয়েৰে ক্ষমতা দখলৰ পাছত এতিয়া ৰণকৌশল সলনি কৰিবলৈ বাধ্য হৈ পৰিছে বিজেপি দলে। পঞ্জাবৰ পাছত হাৰিয়ানত শাসনৰ গাদী দখলৰ বাবে লক্ষ্য স্থিৰ কৰিছে আম আদমী পাৰ্টীয়ে। এনে পৰিস্থিতিত বিজেপিয়ে অধিক সতৰ্ক হৈ পৰা দেখিবলৈ পোৱা গৈছে। আম আদমী পাৰ্টীৰ কৌশল অনুসৰণ কৰি এতিয়া দলটোক প্ৰতিহত কৰাৰ অংক কৰিছে বিজেপিয়ে। উল্লেখ্য যে, পঞ্জাবৰ নৱ অভিষিক্ত মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে শপত গ্ৰহণৰ সময়ত এটা ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছিল। তেওঁ ৰাজভৱনত শপত গ্ৰহণৰ পৰম্পৰা ভংগ কৰি শপত গ্ৰহণৰ বাবে বাছি লৈছিল এখন বিশেষ স্থান। এই বিশেষ স্থান হৈছে কিংবদন্তী স্বাধীনতা সংগ্ৰামী শ্বহীদ ভগত সিঙৰ জন্মস্থান। ভগৎ সিঙৰ জন্মস্থানত শপত গ্ৰহণ কৰি এটা নতুন বাৰ্তা দিছিল আম আদমী পাৰ্টীৰ নেতা তথা পঞ্জাবৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে। ইয়াৰ পাছতে এতিয়া এই কৌশলৰ পৰা আপক নিৰস্ত কৰিবলৈ উঠি-পৰি লাগিছে বিজেপি দল। হাৰিয়ানাত নিজৰ দূৰ্গ ৰক্ষা কৰাৰ বাবে বিজেপিয়ে এতিয়া ভগৎ সিঙৰ সহায় ল’ব বিচাৰিছে। ভগৎ সিঙক লৈ প্ৰচাৰেৰে আপে যাতে অগ্ৰগতি ল’ব নোৱাৰে তাৰ বাবে বিজেপিয়ে এতিয়া হাৰিয়ানাৰ তিনি শতাধিক স্থানত ভগৎ সিঙৰ মৃত্যু দিৱস পালন কৰিবলৈ অগ্ৰসৰ হৈছে বিজেপিয়ে। হাৰিয়ানৰ ৩০৬টা স্থানত বিজেপিয়ে ভগৎ সিঙৰ মৃত্যু দিন পালন কৰিব। ২৩ মাৰ্চ শ্বহীদ দিৱসৰ কাৰ্যসূচী পালন কৰিব বিজেপিয়ে।

১৯৩১চনৰ ২৩মাৰ্চত ব্ৰিটিছ চৰকাৰে ফাঁচি দিছিল

উল্লেখ্য যে, দেশৰ স্বাধীনতা সংগ্ৰামৰ তিনি বীৰ সেনানী ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক ১৯৩১চনৰ ২৩মাৰ্চত ব্ৰিটিছ চৰকাৰে ফাঁচি দিছিল। এই দিনটোক পালন কৰি অহা হৈছে শ্বহীদ দিৱস হিচাপে। কিন্তু এতিয়া বিজেপিয়ে এই শ্বহীদ দিৱসৰ কাৰ্যসূচী দলীয় পৃষ্ঠপোষকতাত পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মণ্ডল পৰ্যায়ত আয়োজন কৰা এই কাৰ্যসূচীসমূহৰ প্ৰত্যেকটোতে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। বিজেপিয়ে হঠাতে এনেদেৰ ভগৎ সিঙক সন্মান জনাবলৈ তৎপৰ হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। পঞ্জাবত আপে ভগৎ সিঙৰ ভূমিৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাছত সেই আৱেগে যাতে হাৰিয়ানাকো স্পৰ্শ কৰিব নোৱাৰে তাৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি। পঞ্জাবৰ পাছত হাৰিয়ানাও আপৰ দখললৈ গ’লে সেয়া বিজেপিৰ বাবে বৃহৎ প্ৰত্যাহ্বান বিবেচিত হ’ব পাৰে। গতিকে এতিয়াৰে পৰা সতৰ্কতা আৰম্ভ কৰিছে বিজেপিয়ে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি