--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশ তথা বিদেশত শ্বাহৰুখ খানৰ ছবি 'পাঠান'-এ এক প্ৰকাৰে ধুমুহাৰ সৃষ্টি কৰিছে৷ ছবি খনে ৫০০ কোটি টকাৰ ঘৰ কেতিয়াবাই পাৰ হৈ গৈছে৷ কিন্তু ছবি খনৰ চিত্ৰনাট্যত ৰৈ গৈছে তিনিটা সহজে চকুত পৰা ভুল৷ 'পাঠান'ৰ চিত্ৰনাট্যত  আৰু পৰিকল্পনাত, নেটিজেনসকলে তিনিটা ভুল  আঙুলিয়াই দিছে । এই ভুলবোৰকলৈ  সামাজিক মাধ্যমত চৰ্চাও  হৈছে। 

একচন দৃশ্য আৰু কাহিনীৰ এই মৌলিক ভুলবোৰ 'পাঠান'ৰ মুক্তিৰ পিছত ধৰা পৰিছে।'পাঠান'ৰ এটা দৃশ্যত শ্বাহৰুখে দীপিকাক আফগানিস্তানৰ কাহিনী কৈ আছিল। তেওঁ কৈছিল যে তেওঁ ২০০২ চনত আফগানিস্তানত কাম কৰি আছিল। সেই সময়ত, ম'বাইলৰ জিপিএছ অৱস্থান ব্যৱহাৰ কৰি তেওঁ এখন আফগান গাঁৱক ভয়ংকৰ মিছাইলৰ পৰা ৰক্ষা কৰিছিল।

কিন্তু নেটিজেনসকলে ইয়াত  ভুল বিচাৰি পাইছে। কাৰণ ২০০৮ চনতহে  স্মাৰ্টফোনত জিপিএছ অৱস্থান প্ৰৱৰ্তন কৰা হৈছিল। সেয়েহে, ২০০২ চনত আফগানিস্তানত স্মাৰ্টফোন ব্যৱহাৰ কৰি মিছাইলৰ পৰা ৰক্ষা কৰাটো সম্ভৱ নাছিল।

চলচ্চিত্ৰখনৰ দ্বিতীয় ভুলটো হৈছে ৰে’লৰ একচন দৃশ্য এটা । ৰে’লখনত ৰখা এটা বোমাৰ বিস্ফোৰণ হৈছিল আৰু গোটেই কোঠাটো উৰি গৈছিল। শ্বাহৰুখ তাতেই আছিল। তেওঁ ৰে’লখনত ধাতুৰ টুকুৰাএটাৰে নিজকে ৰক্ষা কৰিছিল।শ্বাহৰুখে ধাতুৰ টুকুৰা এটা কবচ হিচাপে ব্যৱহাৰ কৰি মূৰটো ঢাকি ৰাখিছিল। দেখা গৈছে যে বোমাটো বিস্ফোৰণৰ ফলত  গোটেই কোঠাটো উৰি গৈছিল, কিন্তু ৰেলখনৰ ধাতুৰ টুকুৰাটোৰ একো  হোৱা নাছিল। নায়কৰ শৰীৰতো আঘাত কৰাপোৱা নাছিল। বহুলোকে এই দৃশ্যটোৰ বাস্তৱতা বিচাৰি  পোৱা নাই৷
 

তৃতীয় ভুলটো লক্ষণীয়। এই ভুলটো কিছুমানে আনকি চিনেমা হলত বহিও লক্ষ্য কৰিব পাৰে। ভুলটো হেলিকপ্টাৰৰ একচন দৃশ্যত আছে।
শ্বাহৰুখ আৰু দীপিকাই ৰাছিয়াৰ দুটা উচ্চ-সুৰক্ষা বহুমহলীয়া অট্টালিকাৰ পৰা এটা গুৰুত্বপূৰ্ণ তলা আৰু চাবি চুৰি কৰাৰ পৰিকল্পনা কৰিছিল। কোৱা হৈছিল যে দুয়োটা বহুমহলীয়া ঘৰ  ইটোৱে সিটোৰ  বিপৰীত ফালে অৱস্থিত।শ্বাহৰুখ আৰু দীপিকা পৃথকে দুটা মহলালৈ গৈছিল আৰু পৰিকল্পনা অনুসৰি প্ৰয়োজনীয় সামগ্ৰী চুৰি কৰিছিল। কিন্তু পৰৱৰ্তী দৃশ্যত যথেষ্ট বিভ্ৰান্তি হৈছিল।

শ্বাহৰুখ আৰু দীপিকাই বিপৰীত দিশত থকা  বহুমহলীয়া ভৱনৰ পৰা হেলিকপ্টাৰেৰে মুখ্য গন্তব্যস্থানত উপনীত হোৱাৰ পৰিকল্পনা কৰিছিল। সেই অনুসৰি বিপৰীত দিশৰ পৰা হেলিকপ্টাৰ এটা কেন্দ্ৰীয় স্থানত উপস্থিত হোৱাৰ কথা আছিল।কিন্তু দেখা গৈছে যে শ্বাহৰুখ আৰু দীপিকাৰ হেলিকপ্টাৰ একে দিশত গৈ আছে। এয়া  কেনেকৈ সম্ভৱ হ’ল  সেয়া বহুলোকে বুজি পোৱা নাছিল।বহুতে ভুলবোৰৰ বাবে 'পাঠান'ৰ পৰিচালক সিদ্ধাৰ্থ আনন্দক দোষাৰোপ কৰিছে। বহুলোকে ইতিমধ্যে এই  ছবি খনক 'অবাস্তৱ', 'অযৌক্তিক' ইত্যাদি বুলিও অভিহিত কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ