--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশ তথা বিদেশত শ্বাহৰুখ খানৰ ছবি 'পাঠান'-এ এক প্ৰকাৰে ধুমুহাৰ সৃষ্টি কৰিছে৷ ছবি খনে ৫০০ কোটি টকাৰ ঘৰ কেতিয়াবাই পাৰ হৈ গৈছে৷ কিন্তু ছবি খনৰ চিত্ৰনাট্যত ৰৈ গৈছে তিনিটা সহজে চকুত পৰা ভুল৷ 'পাঠান'ৰ চিত্ৰনাট্যত  আৰু পৰিকল্পনাত, নেটিজেনসকলে তিনিটা ভুল  আঙুলিয়াই দিছে । এই ভুলবোৰকলৈ  সামাজিক মাধ্যমত চৰ্চাও  হৈছে। 

একচন দৃশ্য আৰু কাহিনীৰ এই মৌলিক ভুলবোৰ 'পাঠান'ৰ মুক্তিৰ পিছত ধৰা পৰিছে।'পাঠান'ৰ এটা দৃশ্যত শ্বাহৰুখে দীপিকাক আফগানিস্তানৰ কাহিনী কৈ আছিল। তেওঁ কৈছিল যে তেওঁ ২০০২ চনত আফগানিস্তানত কাম কৰি আছিল। সেই সময়ত, ম'বাইলৰ জিপিএছ অৱস্থান ব্যৱহাৰ কৰি তেওঁ এখন আফগান গাঁৱক ভয়ংকৰ মিছাইলৰ পৰা ৰক্ষা কৰিছিল।

কিন্তু নেটিজেনসকলে ইয়াত  ভুল বিচাৰি পাইছে। কাৰণ ২০০৮ চনতহে  স্মাৰ্টফোনত জিপিএছ অৱস্থান প্ৰৱৰ্তন কৰা হৈছিল। সেয়েহে, ২০০২ চনত আফগানিস্তানত স্মাৰ্টফোন ব্যৱহাৰ কৰি মিছাইলৰ পৰা ৰক্ষা কৰাটো সম্ভৱ নাছিল।

চলচ্চিত্ৰখনৰ দ্বিতীয় ভুলটো হৈছে ৰে’লৰ একচন দৃশ্য এটা । ৰে’লখনত ৰখা এটা বোমাৰ বিস্ফোৰণ হৈছিল আৰু গোটেই কোঠাটো উৰি গৈছিল। শ্বাহৰুখ তাতেই আছিল। তেওঁ ৰে’লখনত ধাতুৰ টুকুৰাএটাৰে নিজকে ৰক্ষা কৰিছিল।শ্বাহৰুখে ধাতুৰ টুকুৰা এটা কবচ হিচাপে ব্যৱহাৰ কৰি মূৰটো ঢাকি ৰাখিছিল। দেখা গৈছে যে বোমাটো বিস্ফোৰণৰ ফলত  গোটেই কোঠাটো উৰি গৈছিল, কিন্তু ৰেলখনৰ ধাতুৰ টুকুৰাটোৰ একো  হোৱা নাছিল। নায়কৰ শৰীৰতো আঘাত কৰাপোৱা নাছিল। বহুলোকে এই দৃশ্যটোৰ বাস্তৱতা বিচাৰি  পোৱা নাই৷
 

তৃতীয় ভুলটো লক্ষণীয়। এই ভুলটো কিছুমানে আনকি চিনেমা হলত বহিও লক্ষ্য কৰিব পাৰে। ভুলটো হেলিকপ্টাৰৰ একচন দৃশ্যত আছে।
শ্বাহৰুখ আৰু দীপিকাই ৰাছিয়াৰ দুটা উচ্চ-সুৰক্ষা বহুমহলীয়া অট্টালিকাৰ পৰা এটা গুৰুত্বপূৰ্ণ তলা আৰু চাবি চুৰি কৰাৰ পৰিকল্পনা কৰিছিল। কোৱা হৈছিল যে দুয়োটা বহুমহলীয়া ঘৰ  ইটোৱে সিটোৰ  বিপৰীত ফালে অৱস্থিত।শ্বাহৰুখ আৰু দীপিকা পৃথকে দুটা মহলালৈ গৈছিল আৰু পৰিকল্পনা অনুসৰি প্ৰয়োজনীয় সামগ্ৰী চুৰি কৰিছিল। কিন্তু পৰৱৰ্তী দৃশ্যত যথেষ্ট বিভ্ৰান্তি হৈছিল।

শ্বাহৰুখ আৰু দীপিকাই বিপৰীত দিশত থকা  বহুমহলীয়া ভৱনৰ পৰা হেলিকপ্টাৰেৰে মুখ্য গন্তব্যস্থানত উপনীত হোৱাৰ পৰিকল্পনা কৰিছিল। সেই অনুসৰি বিপৰীত দিশৰ পৰা হেলিকপ্টাৰ এটা কেন্দ্ৰীয় স্থানত উপস্থিত হোৱাৰ কথা আছিল।কিন্তু দেখা গৈছে যে শ্বাহৰুখ আৰু দীপিকাৰ হেলিকপ্টাৰ একে দিশত গৈ আছে। এয়া  কেনেকৈ সম্ভৱ হ’ল  সেয়া বহুলোকে বুজি পোৱা নাছিল।বহুতে ভুলবোৰৰ বাবে 'পাঠান'ৰ পৰিচালক সিদ্ধাৰ্থ আনন্দক দোষাৰোপ কৰিছে। বহুলোকে ইতিমধ্যে এই  ছবি খনক 'অবাস্তৱ', 'অযৌক্তিক' ইত্যাদি বুলিও অভিহিত কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ধিঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ধন লৈ পলাল এগৰাকী মহিলা
দীপাৱলীৰ বতৰত জয়পুৰত দেশৰ সবাতোকৈ দামী মিঠাই
বালিত পোত গ'ল পঞ্জাবৰ ৩ লাখ হেক্টৰ কৃষিভূমি
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক