--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান মানুহ অভিনেতা হ’বলৈ চলচ্চিত্ৰ জগতলৈ আহে, আনহাতে এনে কিছুমান শিল্পী আছে, যাক ভাগ্যই মনোৰঞ্জনৰ জগতখনলৈ লৈ আনে। তাৰপাছত তেওঁ ইমানেই বিখ্যাত হৈ পৰে যে মানুহে তেওঁক লৈ গৌৰৱ অনুভৱ কৰে। তেনে এজন শিল্পীয়ে আজি ৬৬ সংখ্যক জন্মদিন উদযাপন কৰিছে। যাক সকলোৱে মৰমতে মাতে ‘জগু দাদা’ বুলি। হয়, আমি জেকী শ্ৰফৰ কথা কৈছো। ১৯৫৭ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা জেকী শ্ৰফ বলীউডৰ এগৰাকী অন্যতম সফল অভিনেতা। আজি জেকী শ্ৰফৰ জন্মদিনত তেওঁৰ জীৱন কাহিনীৰ বিষয়ে জানো আহক। 

গুজৰাটৰ বাসিন্দা কাকুভাই হৰিভাই শ্ৰফৰ ঘৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল জয়ীশন কাকুভাই শ্ৰফে। জেকিয়ে শৈশৱতে এই নামটো পাইছিল আৰু স্কুললৈকে তেওঁক এই নামেৰে জনা গৈছিল। যিহেতু তেওঁৰ নামটো দীঘলীয়া আছিল, সেয়েহে তেওঁৰ স্কুলৰ এজন বন্ধুৱে তেওঁক ‘জেকী’ বুলি মাতিবলৈ ধৰিলে। ইয়াৰ পাছত তেওঁৰ এই নামটোৱেই ৰৈ গৈছিল।

প্ৰাৰম্ভিক সময়ছোৱাত জেকীৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ইমান ভাল নাছিল। জেকীৰ বয়স যেতিয়া ১০ বছৰ আছিল, তেতিয়া তেওঁৰ সন্মুখতে সাগৰত ডুব গৈ তেওঁৰ ডাঙৰ ভাতৃৰ মৃত্যু হৈছিল। এইটো গোটেই পৰিয়ালটোৰ বাবে এটা ডাঙৰ শ্বক আছিল আৰু তেওঁলোকৰ অৱস্থা আৰু অধিক বেয়া হৈ পৰিছিল। এনে পৰিস্থিতিত জেকীয়ে একাদশ শ্ৰেণীৰ পাছত পঢ়া-শুনা এৰিবলগীয়া হ’ল। পৰিস্থিতি ইমানেই বেয়া আছিল যে জেকীয়ে টকা উপাৰ্জনৰ বাবে বাদাম বিক্ৰী কৰিছিল। চিনেমা হলৰ বাহিৰত, কেতিয়াবা বাছ ষ্টেণ্ডত বাদাম বিক্ৰী কৰিছিল জেকীয়ে। তেওঁ দেৱালত চিনেমাৰ পোষ্টাৰ লগোৱা কামো কৰিছিল। জেকী শ্ৰফে বহু বছৰ ধৰি এই দুটা কাম কৰিছিল। ইয়াৰ পাছত বহু চেষ্টাৰ অন্তত তেওঁ ট্ৰেভেল এজেণ্টৰ চাকৰি পালে।

ট্ৰেভেল এজেণ্ট হিচাপে কাম কৰি থাকোঁতে এবাৰ জেকী বাছ ষ্টেণ্ডত থিয় হৈ আছিল। তেতিয়া এটা বিজ্ঞাপন সংস্থাৰ সৈতে জড়িত এজন ব্যক্তিয়ে তেওঁক সুধিলে, ‘আপুনি মডেলিং কৰিব নেকি?’ তেতিয়া জেকীয়ে সুধিছিল-‘পইচা পাম নেকি?’ পাছদিনা জেকীয়ে উক্ত ঠিকনাটোলৈ গৈ ছুট চাৰ্টৰ বিজ্ঞাপনৰ ফটোশ্বুট এটা কৰিলে। প্ৰথম কামটোৰ বাবদ তেওঁ লাভ কৰিছিল ৭ হাজাৰ টকা। ইয়াৰ পাছত তেওঁ চাকৰি বাদ দি মডেলিং জগতখনৰ সৈতে জড়িত হৈ পৰে। মডেলিং কৰি থাকোতেই জেকীয়ে লগ পায় প্ৰখ্যাত অভিনেতা দেৱ আনন্দৰ পুত্ৰ সুনীল আনন্দক। সুনীলে জেকীক পিতৃৰ সৈতে পৰিচয় কৰাই দিয়ে। জেকীক লগ পায়েই চিনেমাৰ অফাৰ কৰে দেৱ আনন্দই। ইয়াৰ ঠিক পাছতেই জেকী শ্ৰফৰ ফটো সুভাষ ঘাইৰ ওচৰ পালেগৈ আৰু তেওঁ ‘হিৰো’ ছবিখনত সুযোগ লাভ কৰিলে। ইয়াৰ পাছৰ পৰা কেতিয়াও পাছলৈ ঘূৰি চাবলগীয়া নহ’ল জেকী শ্ৰফে। 

১৯৮৭ চনত জেকীয়ে আয়েশা শ্ৰফৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান কৃষ্ণা শ্ৰফ আৰু টাইগাৰ শ্ৰফ। বৰ্তমান ২১২ কোটিৰো অধিক টকাৰ সম্পত্তিৰ মালিক জেকী শ্ৰফ। এগৰাকী উদাৰ হৃদয়ৰ ব্যক্তি হিচাপে সমাজত বিশেষ আদৰ আছে জেকী শ্ৰফৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ