--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান মানুহ অভিনেতা হ’বলৈ চলচ্চিত্ৰ জগতলৈ আহে, আনহাতে এনে কিছুমান শিল্পী আছে, যাক ভাগ্যই মনোৰঞ্জনৰ জগতখনলৈ লৈ আনে। তাৰপাছত তেওঁ ইমানেই বিখ্যাত হৈ পৰে যে মানুহে তেওঁক লৈ গৌৰৱ অনুভৱ কৰে। তেনে এজন শিল্পীয়ে আজি ৬৬ সংখ্যক জন্মদিন উদযাপন কৰিছে। যাক সকলোৱে মৰমতে মাতে ‘জগু দাদা’ বুলি। হয়, আমি জেকী শ্ৰফৰ কথা কৈছো। ১৯৫৭ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা জেকী শ্ৰফ বলীউডৰ এগৰাকী অন্যতম সফল অভিনেতা। আজি জেকী শ্ৰফৰ জন্মদিনত তেওঁৰ জীৱন কাহিনীৰ বিষয়ে জানো আহক। 

গুজৰাটৰ বাসিন্দা কাকুভাই হৰিভাই শ্ৰফৰ ঘৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল জয়ীশন কাকুভাই শ্ৰফে। জেকিয়ে শৈশৱতে এই নামটো পাইছিল আৰু স্কুললৈকে তেওঁক এই নামেৰে জনা গৈছিল। যিহেতু তেওঁৰ নামটো দীঘলীয়া আছিল, সেয়েহে তেওঁৰ স্কুলৰ এজন বন্ধুৱে তেওঁক ‘জেকী’ বুলি মাতিবলৈ ধৰিলে। ইয়াৰ পাছত তেওঁৰ এই নামটোৱেই ৰৈ গৈছিল।

প্ৰাৰম্ভিক সময়ছোৱাত জেকীৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ইমান ভাল নাছিল। জেকীৰ বয়স যেতিয়া ১০ বছৰ আছিল, তেতিয়া তেওঁৰ সন্মুখতে সাগৰত ডুব গৈ তেওঁৰ ডাঙৰ ভাতৃৰ মৃত্যু হৈছিল। এইটো গোটেই পৰিয়ালটোৰ বাবে এটা ডাঙৰ শ্বক আছিল আৰু তেওঁলোকৰ অৱস্থা আৰু অধিক বেয়া হৈ পৰিছিল। এনে পৰিস্থিতিত জেকীয়ে একাদশ শ্ৰেণীৰ পাছত পঢ়া-শুনা এৰিবলগীয়া হ’ল। পৰিস্থিতি ইমানেই বেয়া আছিল যে জেকীয়ে টকা উপাৰ্জনৰ বাবে বাদাম বিক্ৰী কৰিছিল। চিনেমা হলৰ বাহিৰত, কেতিয়াবা বাছ ষ্টেণ্ডত বাদাম বিক্ৰী কৰিছিল জেকীয়ে। তেওঁ দেৱালত চিনেমাৰ পোষ্টাৰ লগোৱা কামো কৰিছিল। জেকী শ্ৰফে বহু বছৰ ধৰি এই দুটা কাম কৰিছিল। ইয়াৰ পাছত বহু চেষ্টাৰ অন্তত তেওঁ ট্ৰেভেল এজেণ্টৰ চাকৰি পালে।

ট্ৰেভেল এজেণ্ট হিচাপে কাম কৰি থাকোঁতে এবাৰ জেকী বাছ ষ্টেণ্ডত থিয় হৈ আছিল। তেতিয়া এটা বিজ্ঞাপন সংস্থাৰ সৈতে জড়িত এজন ব্যক্তিয়ে তেওঁক সুধিলে, ‘আপুনি মডেলিং কৰিব নেকি?’ তেতিয়া জেকীয়ে সুধিছিল-‘পইচা পাম নেকি?’ পাছদিনা জেকীয়ে উক্ত ঠিকনাটোলৈ গৈ ছুট চাৰ্টৰ বিজ্ঞাপনৰ ফটোশ্বুট এটা কৰিলে। প্ৰথম কামটোৰ বাবদ তেওঁ লাভ কৰিছিল ৭ হাজাৰ টকা। ইয়াৰ পাছত তেওঁ চাকৰি বাদ দি মডেলিং জগতখনৰ সৈতে জড়িত হৈ পৰে। মডেলিং কৰি থাকোতেই জেকীয়ে লগ পায় প্ৰখ্যাত অভিনেতা দেৱ আনন্দৰ পুত্ৰ সুনীল আনন্দক। সুনীলে জেকীক পিতৃৰ সৈতে পৰিচয় কৰাই দিয়ে। জেকীক লগ পায়েই চিনেমাৰ অফাৰ কৰে দেৱ আনন্দই। ইয়াৰ ঠিক পাছতেই জেকী শ্ৰফৰ ফটো সুভাষ ঘাইৰ ওচৰ পালেগৈ আৰু তেওঁ ‘হিৰো’ ছবিখনত সুযোগ লাভ কৰিলে। ইয়াৰ পাছৰ পৰা কেতিয়াও পাছলৈ ঘূৰি চাবলগীয়া নহ’ল জেকী শ্ৰফে। 

১৯৮৭ চনত জেকীয়ে আয়েশা শ্ৰফৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান কৃষ্ণা শ্ৰফ আৰু টাইগাৰ শ্ৰফ। বৰ্তমান ২১২ কোটিৰো অধিক টকাৰ সম্পত্তিৰ মালিক জেকী শ্ৰফ। এগৰাকী উদাৰ হৃদয়ৰ ব্যক্তি হিচাপে সমাজত বিশেষ আদৰ আছে জেকী শ্ৰফৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধিঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ধন লৈ পলাল এগৰাকী মহিলা
দীপাৱলীৰ বতৰত জয়পুৰত দেশৰ সবাতোকৈ দামী মিঠাই
বালিত পোত গ'ল পঞ্জাবৰ ৩ লাখ হেক্টৰ কৃষিভূমি
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক