--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ভালুক, কিন্তু সাধাৰণ ভালুক নহয়! বৰঞ্চ কিংম্বদন্তি ভালুক! মিউজিয়ামত ভালুকটোৰ মূৰ্তিও ৰখা হৈছে। কিন্তু এনে কি কাম কৰিলে ভালুকটোৱে, যাৰ বাবে আনকি হলিউডত চিনেমাও বনাবলৈ লোৱা হৈছে ভালুকটোক লৈ?

জৰ্জিয়াৰ ঘন জংঘলৰ মাজত ভালুকটোৱে ড্ৰাগছ সেৱন কৰিছিল! শুনিবলৈ আচৰিত লাগিলেও এবাৰ ভালুকটোৱে ৪০ পেকেট কোকেইন একেলগে সেৱন কৰিছিল। ইয়াৰ মূল্য আছিল কমেও ১১৯ কোটি ২০ লাখ টকা!

কোকেইন সেৱন কৰাৰ বাবেই ভালুকটোক পাবলো এস্কো-বিয়েৰ নামেৰে নামাকৰণ কৰা হয়। মেক্সিকোৰ কিংম্বদন্তি ড্ৰাগছ মাফিফা পাবলো এস্কোবাৰৰ নামতে ভালুকটোক তেনে নাম দিয়া গৈছিল। জৰ্জিয়াৰ মিউজিয়ামত ভালুকটোৰ মূৰ্তিও সংৰক্ষণ কৰা হৈছে।

কথিত আছে যে ভালুকটোৱে এবাৰত একেলগে ৪০ পেকেট কোকেইন সেৱন কৰিছিল। ইমান পৰিমাণৰ কোকেইন এবাৰত খোৱাটো দূৰৈৰ কথা, মানুহৰ পক্ষে ভাবিবও নোৱাৰি। কাৰণ ইয়াৰ আধাখিনি খালে বাঁচি থকাটো কাৰোৰে বাবে সম্ভৱ নহয়।

ঘটনাটো সংঘটিত হৈছিল ১৯৮৫ চনত। জৰ্জিয়াৰ জংঘলত কোকেইনৰ এটা বেগ পেলাই আহিছিল এন্দ্ৰিউ থৰ্নটন নামৰ ৪০ বৰ্ষীয় এজন লোকে। এন্দ্ৰিউ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেণ্টাকী প্ৰদেশৰ এজন ধনী ঘোড়া ব্যৱসায়ীৰ সন্তান।

নিজৰ ব্যক্তিগত বিমানেৰে জৰ্জিয়া আহিছিল এন্দ্ৰিউ। তেওঁৰ দায়িত্ব আছিল জংঘলত ১০ টা কোকেইন ভৰ্তি বেগ পেলাই অহা। বেগকেইটা জংঘলৰ পৰাই দায়িত্ববাহী সৰৱৰাহকাৰীসকলে সংগ্ৰহ কৰি ল’ব।

কিন্তু অন্তিমটো বেগ পেলোৱাৰ সময়তে গোলমাল হয়। বিমান দূৰ্ঘটনাত পতিত হয় এন্দ্ৰিউ । ততালিকে মৃত্যুবৰণো কৰে তেওঁ। তেতিয়াই সলনি হৈ যায় ঘন জংঘলত বাস কৰা এটা ক’লা ভালুকৰ জীৱন!

থৰ্নটনৰ মৃতদেহ যেতিয়া পুলিছে উদ্ধাৰ কৰিছিল তেতিয়া তেওঁৰ লগত থকা সকলো বস্তু পোৱা যায়। থৰ্নটনে বিমানৰ পৰা তললৈ পেলোৱা ১০ টা কোকেইনৰ বেগৰ ৯ টা উদ্ধাৰ কৰিবলৈ সক্ষম হয় পুলিছ।

কিন্তু ১০ নম্বৰ বেগটো ততালিকে বিচাৰি পোৱা নগ’ল। প্ৰায় ৩ মাহৰ মূৰতহে বেগটোৰ সন্ধান পোৱা যায়। বেগটোৰ সন্ধান লাভ কৰি আৰক্ষীয়ে এটা অতি আচৰিত দৃশ্যৰ সাক্ষী হয়।

বেগটো য’ত পৰি আছিল, সেইখিনিতে এটা ভালুকৰো মৃতদেহ পৰি আছিল। বেগটোৰ ভিতৰত থকা কোকেইনৰ ৪০ টি পেকেট আশে-পাশে ছিটিকি পৰি আছিল।

আৰক্ষীয়ে দেখে যে কোকেইনৰ পেকেটকেইটা খালি। ভিতৰত কোকেইন নাই। আৰক্ষীৰ সন্দেহ হয় যে ভালুকটোৱেই সেই কোকেইনখিনি সেৱন কৰিছইল। নিশ্চিত হোৱাৰ বাবে ভালুকৰ মৃতদেহটো চিকিৎসালয়লৈ লৈ যোৱা হয়।

চিকিৎসালয়ৰ ৰিপোৰ্ট দেখি তদন্তকাৰী আৰক্ষীসকল অবাক হৈ পৰে। ভালুকটোৰ পাকস্থলীত পোৱা গৈছিল কোকেইনৰ গুড়ি। মূলতঃ কোকেইনখিনি ভক্ষণ কৰাৰ ফলতে ভালুকটোৰ মৃত্যু হৈছিল বুলি নিশ্চিত হয়।

তদন্তকাৰীসকল নিশ্চিত হয় যে বিচাৰি নোপোৱা ১০ নম্বৰ বেগটোৰ পৰা কোকেইনখিনি ভালুকটোৱেই ভক্ষণ কৰিছিল। এই আচৰিত পৰিমাণৰ কোকেইন সেৱন কৰিলে মৃত্যু স্বাভাৱিক। কিন্তু তদন্তকাৰীসকলক অবাক কৰি দিয়ে মৃত্যুৰ আগত ভালুকটোৱে কৰা আচৰণে। ক্ৰমান্বয়ে ৪০ টা পেকেট খুলি তাৰ ভিতৰত থকা কোকেইন ধাৰাসাৰভাৱে খাই পেলাইছিল ভালুকটোৱে।

চিকিৎসকসকলে জনাইছে যে ইমান পৰিমাণৰ কোকেইন সেৱন কৰাৰ বাবে হাৰ্ট এটেকৰ আৰম্ভণি কৰি কিডনী, হৃদযন্ত্ৰ বিকল, মগজুৰ ৰক্তক্ষৰণ, হাইপাৰথাৰমিয়াৰ বলি হৈ মৃত্যু হৈছিল ভালুকটোৰ।

তাৰপাছতে ভালুকটোক লৈ সাংঘাটিক চৰ্চা চলিব ধৰে। শেহতীয়াকৈ এই ভালুকটিক লৈয়ে হলিউডত এখনি থ্ৰিলাৰ ছৱি তৈয়াৰ কৰা হৈছে। এলিজাবেথ বেংক পৰিচালিত 'কোকেইন বিয়েৰ’ নামৰ ছৱিখনে অতিশ্ৰীঘ্ৰে মুক্তিলাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক