--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰায় সকলো লোকৰে ৰে’লত ভ্ৰমণ কৰাৰ অভিজ্ঞতা আছে৷ কিন্তু কেতিয়াবা টিকট অবিহনে ৰে’লত ভ্ৰমণ কৰি পাইছেনে? টিকট বিহীনভাৱে ৰে’লত ভ্ৰমণ কৰিলে গধুৰ জৰিমনা ভৰাৰ উপৰিও আন বহু সমস্যাৰ সন্মুখীন হ’ব লাগিব৷ কিন্তু এই ভাৰতবৰ্ষতে  এনে এখন ৰে’লও আছে য'ত উঠিবলৈ  আপুনি এক টকাও খৰচ কৰিব নালাগে ৷ হয়, এইয়া সম্পূৰ্ণ সঁচা, কথা৷ যোৱা ৭৩  বছৰ ধৰি, বহু ভাৰতীয় যাত্ৰীয়ে  বিনামূলীয়াকৈ এই সেৱা  উপভোগ কৰি আহিছে৷ 

এই বিশেষ ৰে’লখন পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ মাজত চলে।  ভাখৰা আৰু নাংগল অঞ্চলৰ মাজত ভ্ৰমণ কৰিবলৈ বহুতে  এই ৰে’লখন ব্যৱহাৰ কৰে। এই ৰে’লত উঠিবলৈ আপুনি  আপুনি টিকটৰ বিষয়ে চিন্তা কৰিব নালাগে৷  সম্পূৰ্ণ বিনামূলীয়াকৈ এই ৰে’লত  ভ্ৰমণ কৰিব পাৰিব৷ 

ৰে’লখনে ১৯৪৮ চনত যাত্ৰা আৰম্ভ কৰিছিল। নাংগল বান্ধ নিৰ্মাণৰ সময়ত ৰে’লখনৰ প্ৰয়োজন হৈছিল৷ প্ৰথমাৱস্থাত ৰে’লখনত  পুৰণি ইঞ্জিন ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু পিছত ১৯৫৩ চনত  আমেৰিকাৰ নতুন ইঞ্জিন ৰে’লখনত লগোৱা হৈছিল ৷ আপুনি জানি আচৰিত হ'ব যে , উক্ত ৰে’লখনত  এতিয়াও ৬০  বছৰ পুৰণি ইঞ্জিন ব্যৱহাৰ হৈ আছে৷ 

 ট্ৰেইনখনৰ ডবাবোৰ কৰাছীত  নিৰ্মাণ কৰা হৈছিল, আনকি ডবাৰ  ভিতৰৰ কাঠৰ বেঞ্চবোৰো ব্ৰিটিছ যুগৰ বহু পুৰণি।

এই ৰে’লখনে শিৱালিক পাহাৰৰ মাজেৰে ১৩ কিলোমিটাৰ ভ্ৰমণ কৰে। এই ট্ৰেইন যাত্ৰাটো নেহলা ষ্টেচনৰ পৰা আৰম্ভ হয়, য'ৰ পৰা ৰেলখন পঞ্জাৱৰ নাংগল বান্ধলৈ যায়। আপুনি জানি আচৰিত হ'ব যে এই ৰেলখন চলাবলৈ প্ৰতি ঘণ্টাত ১৮ ৰ পৰা ২০ লিটাৰ ডিজেল ব্যয় হয়। কিন্তু তাৰ পাছতো ভাখৰা বিয়াছ মেনেজমেণ্ট বোৰ্ডে ৰে'লখন বিনামূলীয়াকৈ ৰখাৰ সিদ্ধান্ত লয়।

ভাৰতৰ  বহুতো যাত্ৰী, কৰ্মচাৰী, বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু দৰ্শনাৰ্থীয়ে বিনামূলীয়াকৈ এই ৰে’ল সেৱা লাভ কৰে। অৱশ্যে কেইদিনমান আগতে বিয়াছ মেনেজমেণ্ট বোৰ্ডে বিত্তীয় সমস্যাৰ বাবে বিনামূলীয়া যাত্ৰা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু পিছত, ৰে’লখনৰ পৰম্পৰা আৰু ঐতিহাসিক গুৰুত্ব বিবেচনা কৰি, তেওঁলোকে পুনৰ বিনামূলীয়া ৰে’ল চলোৱাৰ পক্ষত ৰায় দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement