--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰায় সকলো লোকৰে ৰে’লত ভ্ৰমণ কৰাৰ অভিজ্ঞতা আছে৷ কিন্তু কেতিয়াবা টিকট অবিহনে ৰে’লত ভ্ৰমণ কৰি পাইছেনে? টিকট বিহীনভাৱে ৰে’লত ভ্ৰমণ কৰিলে গধুৰ জৰিমনা ভৰাৰ উপৰিও আন বহু সমস্যাৰ সন্মুখীন হ’ব লাগিব৷ কিন্তু এই ভাৰতবৰ্ষতে  এনে এখন ৰে’লও আছে য'ত উঠিবলৈ  আপুনি এক টকাও খৰচ কৰিব নালাগে ৷ হয়, এইয়া সম্পূৰ্ণ সঁচা, কথা৷ যোৱা ৭৩  বছৰ ধৰি, বহু ভাৰতীয় যাত্ৰীয়ে  বিনামূলীয়াকৈ এই সেৱা  উপভোগ কৰি আহিছে৷ 

এই বিশেষ ৰে’লখন পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ মাজত চলে।  ভাখৰা আৰু নাংগল অঞ্চলৰ মাজত ভ্ৰমণ কৰিবলৈ বহুতে  এই ৰে’লখন ব্যৱহাৰ কৰে। এই ৰে’লত উঠিবলৈ আপুনি  আপুনি টিকটৰ বিষয়ে চিন্তা কৰিব নালাগে৷  সম্পূৰ্ণ বিনামূলীয়াকৈ এই ৰে’লত  ভ্ৰমণ কৰিব পাৰিব৷ 

ৰে’লখনে ১৯৪৮ চনত যাত্ৰা আৰম্ভ কৰিছিল। নাংগল বান্ধ নিৰ্মাণৰ সময়ত ৰে’লখনৰ প্ৰয়োজন হৈছিল৷ প্ৰথমাৱস্থাত ৰে’লখনত  পুৰণি ইঞ্জিন ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু পিছত ১৯৫৩ চনত  আমেৰিকাৰ নতুন ইঞ্জিন ৰে’লখনত লগোৱা হৈছিল ৷ আপুনি জানি আচৰিত হ'ব যে , উক্ত ৰে’লখনত  এতিয়াও ৬০  বছৰ পুৰণি ইঞ্জিন ব্যৱহাৰ হৈ আছে৷ 

 ট্ৰেইনখনৰ ডবাবোৰ কৰাছীত  নিৰ্মাণ কৰা হৈছিল, আনকি ডবাৰ  ভিতৰৰ কাঠৰ বেঞ্চবোৰো ব্ৰিটিছ যুগৰ বহু পুৰণি।

এই ৰে’লখনে শিৱালিক পাহাৰৰ মাজেৰে ১৩ কিলোমিটাৰ ভ্ৰমণ কৰে। এই ট্ৰেইন যাত্ৰাটো নেহলা ষ্টেচনৰ পৰা আৰম্ভ হয়, য'ৰ পৰা ৰেলখন পঞ্জাৱৰ নাংগল বান্ধলৈ যায়। আপুনি জানি আচৰিত হ'ব যে এই ৰেলখন চলাবলৈ প্ৰতি ঘণ্টাত ১৮ ৰ পৰা ২০ লিটাৰ ডিজেল ব্যয় হয়। কিন্তু তাৰ পাছতো ভাখৰা বিয়াছ মেনেজমেণ্ট বোৰ্ডে ৰে'লখন বিনামূলীয়াকৈ ৰখাৰ সিদ্ধান্ত লয়।

ভাৰতৰ  বহুতো যাত্ৰী, কৰ্মচাৰী, বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু দৰ্শনাৰ্থীয়ে বিনামূলীয়াকৈ এই ৰে’ল সেৱা লাভ কৰে। অৱশ্যে কেইদিনমান আগতে বিয়াছ মেনেজমেণ্ট বোৰ্ডে বিত্তীয় সমস্যাৰ বাবে বিনামূলীয়া যাত্ৰা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু পিছত, ৰে’লখনৰ পৰম্পৰা আৰু ঐতিহাসিক গুৰুত্ব বিবেচনা কৰি, তেওঁলোকে পুনৰ বিনামূলীয়া ৰে’ল চলোৱাৰ পক্ষত ৰায় দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু