--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি জানেনে পদিনাৰ উপকাৰিতাৰ কথা? গ্ৰীষ্মকালত পদিনা সেৱন বৃদ্ধি পায়,  পদিনা চাটনি, পদিনা ৰস আদি গৰমত প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা হয়। আচলতে পদিনা পাতে গৰমৰ পৰা সকাহ দিয়াৰ কাম কৰে। পদিনাৰ উপকাৰিতাৰ বিষয়ে চমুকৈ জানো আহক।

উল্লেখযোগ্য যে পদিনা পাত শুকান বা সতেজ দুয়োটা ৰূপতে ব্যৱহাৰ কৰা হয়। অত্যধিক পদিনা সেৱন কৰিব নালাগে, নহ’লে ই ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। নিয়ন্ত্ৰিত পৰিমাণত পদিনা খোৱা আৰু শৰীৰত লগোৱা উপকাৰিতাও বহুতো।

আচলতে পদিনাৰ পাত শৰীৰৰ বাবে যথেষ্ট উপকাৰী। পদিনাৰ পাতত এন্টিঅক্সিডেন্ট আৰু ফাইটোনিউট্ৰিয়েণ্ট থাকে, আৰু ইয়াত ভিটামিন এ, ভিটামিন চি, আৰু বি-কম্প্লেক্স, ফছফৰাছ, কেলচিয়াম থাকে। লগতে পদিনাৰ পাতত বেক্টেৰিয়া প্ৰতিৰোধী গুণ থাকে। আইৰণ, পটাছিয়াম, আৰু মেংগানিজৰ অন্যতম সমৃদ্ধ উৎস যিয়ে হিম’গ্লবিনৰ মাত্ৰা উন্নত কৰে আৰু মগজুৰ কাৰ্য-কলাপ বৃদ্ধি কৰে।

পদিনাৰ উপকাৰী গুণসমূহ - 

১) পদিনাৰ পাতে গাৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে। যদি আপোনাৰ গাৰ পৰা দুৰ্গন্ধ ওলাই তেন্তে আপুনি পদিনাৰ পাত ব্যৱহাৰেৰে উপক্ৰম পাব পাৰে। পদিনাৰ পাতৰ ৰস উলিয়াই বা পানীত মিহলাই সেই পানীৰে গা ধুলে গাৰ দুৰ্গন্ধ কমে। 

২) শালমইনাৰ পৰা হাত সাৰিবলৈ আপুনি পদিনা ব্যৱহাৰ কৰিব পাৰে।  যদি আপোনাৰ শালমইনাৰ সমস্যা আছে তেন্তে পদিনা পাতৰ ৰস ব্যৱহাৰ কৰিলে ই নিয়ন্ত্ৰণলৈ আহিব।

৩) চুলিৰ সৰা সমস্যা হ্ৰাস হয় । পদিনাৰ পানী এন্টিঅক্সিজেনযুক্ত সেয়ে ইয়াৰ ৰস পানীত মিহলাই সানিলে চুলিৰ বহু সমস্যাৰ নোহোৱা হয়। পদিনাৰ ৰস ব্যৱহাৰ কৰিলে চুলি সৰাও বন্ধ হয়। যদি আপোনাৰ চুলিত উফিৰ সমস্যা আছে তেন্তে আপুনি পদিনাৰ ৰস ব্যৱহাৰ কৰিলে উপকৃত হ’ব। 

৪) পদিনা আৰু নেমুপানীৰ ৰস পানীত মিহলাই অকণমান সময় ভৰি তিয়াই ৰাখিলে সকলো ভাগৰ বা ক্লান্তি দূৰ কৰাত সহায় কৰে। লগতে আপোনাৰ মন আৰু শৰীৰ শান্ত হৈ পৰে। হতাশা দূৰ কৰাটো পদিনাই সহায় কৰে।

৫)  মুখৰ উজ্জ্বলতা বঢ়োৱাত পদিনাই সহায় কৰে। মুখমণ্ডলত পদিনাৰ পাত লগালে বা সেই পানীৰে মুখ ধুলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় বা উজ্জ্বল হৈ উঠে কাৰণ পদিনাৰ পাতে মৃত কোষবোৰ নিৰ্মূল কৰি চালক সতেজ কৰি তোলাত সহায় কৰে।














  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু