--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি জানেনে পদিনাৰ উপকাৰিতাৰ কথা? গ্ৰীষ্মকালত পদিনা সেৱন বৃদ্ধি পায়,  পদিনা চাটনি, পদিনা ৰস আদি গৰমত প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা হয়। আচলতে পদিনা পাতে গৰমৰ পৰা সকাহ দিয়াৰ কাম কৰে। পদিনাৰ উপকাৰিতাৰ বিষয়ে চমুকৈ জানো আহক।

উল্লেখযোগ্য যে পদিনা পাত শুকান বা সতেজ দুয়োটা ৰূপতে ব্যৱহাৰ কৰা হয়। অত্যধিক পদিনা সেৱন কৰিব নালাগে, নহ’লে ই ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। নিয়ন্ত্ৰিত পৰিমাণত পদিনা খোৱা আৰু শৰীৰত লগোৱা উপকাৰিতাও বহুতো।

আচলতে পদিনাৰ পাত শৰীৰৰ বাবে যথেষ্ট উপকাৰী। পদিনাৰ পাতত এন্টিঅক্সিডেন্ট আৰু ফাইটোনিউট্ৰিয়েণ্ট থাকে, আৰু ইয়াত ভিটামিন এ, ভিটামিন চি, আৰু বি-কম্প্লেক্স, ফছফৰাছ, কেলচিয়াম থাকে। লগতে পদিনাৰ পাতত বেক্টেৰিয়া প্ৰতিৰোধী গুণ থাকে। আইৰণ, পটাছিয়াম, আৰু মেংগানিজৰ অন্যতম সমৃদ্ধ উৎস যিয়ে হিম’গ্লবিনৰ মাত্ৰা উন্নত কৰে আৰু মগজুৰ কাৰ্য-কলাপ বৃদ্ধি কৰে।

পদিনাৰ উপকাৰী গুণসমূহ - 

১) পদিনাৰ পাতে গাৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে। যদি আপোনাৰ গাৰ পৰা দুৰ্গন্ধ ওলাই তেন্তে আপুনি পদিনাৰ পাত ব্যৱহাৰেৰে উপক্ৰম পাব পাৰে। পদিনাৰ পাতৰ ৰস উলিয়াই বা পানীত মিহলাই সেই পানীৰে গা ধুলে গাৰ দুৰ্গন্ধ কমে। 

২) শালমইনাৰ পৰা হাত সাৰিবলৈ আপুনি পদিনা ব্যৱহাৰ কৰিব পাৰে।  যদি আপোনাৰ শালমইনাৰ সমস্যা আছে তেন্তে পদিনা পাতৰ ৰস ব্যৱহাৰ কৰিলে ই নিয়ন্ত্ৰণলৈ আহিব।

৩) চুলিৰ সৰা সমস্যা হ্ৰাস হয় । পদিনাৰ পানী এন্টিঅক্সিজেনযুক্ত সেয়ে ইয়াৰ ৰস পানীত মিহলাই সানিলে চুলিৰ বহু সমস্যাৰ নোহোৱা হয়। পদিনাৰ ৰস ব্যৱহাৰ কৰিলে চুলি সৰাও বন্ধ হয়। যদি আপোনাৰ চুলিত উফিৰ সমস্যা আছে তেন্তে আপুনি পদিনাৰ ৰস ব্যৱহাৰ কৰিলে উপকৃত হ’ব। 

৪) পদিনা আৰু নেমুপানীৰ ৰস পানীত মিহলাই অকণমান সময় ভৰি তিয়াই ৰাখিলে সকলো ভাগৰ বা ক্লান্তি দূৰ কৰাত সহায় কৰে। লগতে আপোনাৰ মন আৰু শৰীৰ শান্ত হৈ পৰে। হতাশা দূৰ কৰাটো পদিনাই সহায় কৰে।

৫)  মুখৰ উজ্জ্বলতা বঢ়োৱাত পদিনাই সহায় কৰে। মুখমণ্ডলত পদিনাৰ পাত লগালে বা সেই পানীৰে মুখ ধুলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় বা উজ্জ্বল হৈ উঠে কাৰণ পদিনাৰ পাতে মৃত কোষবোৰ নিৰ্মূল কৰি চালক সতেজ কৰি তোলাত সহায় কৰে।














  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ