--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ভয়াৱহ পৰিৱৰ্তনৰ বাবে যোৱা কেইদশকমানত পাইলছত আক্ৰান্ত লোকৰ সংখ্যা বহুগুণ বৃদ্ধি পাইছে। সেইবাবেই কোষ্ঠকাঠিন্যৰ পৰা আঁতৰি থাকিবলৈ কিছুমান বিশেষ খাদ্য পৰিহাৰ কৰা উচিত। সেইধৰণৰ খাদ্যসমূহৰ বিষয়ে সবিশেষ তলত আলোচনা কৰা হ’ল৷

১. গৰম তেলত ভজা খাদ্যঃ-গৰম তেলত ভজা খাদ্য বা ডিপ ফ্ৰাইড ফুড যেনে-চপ, ফ্ৰেঞ্চ ফ্ৰাই, চিপছ আদি খাদ্যৰ পৰা দূৰত থকা উচিত। কিয়নো ইয়াত নিমখ আৰু মছলাৰ যথেষ্ট পৰিমাণে থাকে। যাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু এই সমস্যাই লাহে লাহে পাইলছৰ দিশে অগ্ৰগতি কৰে।

২. গাখীৰৰ পৰা তৈয়াৰী খাদ্যঃ-একাংশ লোকে গাখীৰৰ পৰা তৈয়াৰী খাদ্য গ্ৰহণ কৰা অনুচিত। এই সমস্যাক লেক্ট’জ বুলি কোৱা হয়। এই সমস্যাৰ বাবে আক্ৰান্ত লোকে গাখীৰত থকা লেক্ট’জ নামৰ চেনি হজম কৰিব নোৱাৰে। যাৰ ফলত একাধিক সমস্যাৰ সৃষ্টি হয়। এই কাৰণেই বহু লোকে কোষ্ঠকাঠিন্য ৰোগ আৰু পেটৰ বিষত ভুগিব পাৰে। 
৩. আটাৰে তৈয়াৰী খাদ্যঃ-আটাৰে তৈয়াৰী খাদ্য যেনে-লুচি, পৰঠা কমকৈ খোৱা উচিত। দৰাচলতে আটাত আঁহ নাথাকে বাবে আটাৰে তৈয়াৰী খাদ্য খালে কোষ্ঠকাঠিন্য সমস্যা হ’ব পাৰে।

৪. মেগী বা নুডলছ জাতীয় খাদ্যঃ-ব্যস্ততাপূৰ্ণ জীৱনত ২ মিনিটতে তৈয়াৰী নুডলছ বা মেগী। এই মেগী বনাই খাবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। যদিও আপুনি জানেনে ই দেহৰ বাবে বহু ক্ষতিকাৰক। কাৰণ এই খাদ্যত প্ৰায় আঁহ নাথাকে। ফলত পাইলছৰ দৰে সমস্যা আশংকা বাঢ়ি যায়।

৫. আইৰণৰ পৰিপূৰক খাদ্য গ্ৰহণঃ-ৰক্তহীনতাৰ দৰে সমস্যাত থকা লোকসকলে আইৰণৰ পৰিপূৰক গ্ৰহণ কৰিবলগীয়া হয়। এই ঔষধ সেৱন কৰিলে তেওঁলোকৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ হিম’গ্লবিন উৎপাদন কৰিব পাৰে। কিন্তু আপুনি জানি আচৰিত হ’ব যে নিয়মিতভাৱে আইৰণৰ পৰিপূৰক গ্ৰহণ কৰাৰ পাছতো বহু লোকে কোষ্ঠকাঠিন্য বা পাইলছ ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰে। গতিকে আইৰণৰ পৰিপূৰক খাদ্য গ্ৰহণ কৰা উচিত।

৬. মদ্যপানঃ-মদ্যপানে শৰীৰৰ বিভিন্ন অংগত বেয়া প্ৰভাৱ পেলায়। আনকি কোষ্ঠকাঠিন্য আৰু পাইলছৰ সমস্যাও হ’ব পাৰে। দৰাচলতে মদ খোৱাৰ পাছত ডিহাইড্ৰ’জেনেচনৰ মাত্ৰা কমিবলৈ ধৰিলে আৰু শৰীৰত পানীৰ অভাৱ হ’লে মল কঠিন হৈ পৰে। গতিকে পাইলছক প্ৰতিৰোধ কৰাৰ বাবে নিয়মিতভাৱে মদ্যপান কৰাৰ অভ্যাস ত্যাগ কৰা উচিত।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু