--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ভয়াৱহ পৰিৱৰ্তনৰ বাবে যোৱা কেইদশকমানত পাইলছত আক্ৰান্ত লোকৰ সংখ্যা বহুগুণ বৃদ্ধি পাইছে। সেইবাবেই কোষ্ঠকাঠিন্যৰ পৰা আঁতৰি থাকিবলৈ কিছুমান বিশেষ খাদ্য পৰিহাৰ কৰা উচিত। সেইধৰণৰ খাদ্যসমূহৰ বিষয়ে সবিশেষ তলত আলোচনা কৰা হ’ল৷

১. গৰম তেলত ভজা খাদ্যঃ-গৰম তেলত ভজা খাদ্য বা ডিপ ফ্ৰাইড ফুড যেনে-চপ, ফ্ৰেঞ্চ ফ্ৰাই, চিপছ আদি খাদ্যৰ পৰা দূৰত থকা উচিত। কিয়নো ইয়াত নিমখ আৰু মছলাৰ যথেষ্ট পৰিমাণে থাকে। যাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু এই সমস্যাই লাহে লাহে পাইলছৰ দিশে অগ্ৰগতি কৰে।

২. গাখীৰৰ পৰা তৈয়াৰী খাদ্যঃ-একাংশ লোকে গাখীৰৰ পৰা তৈয়াৰী খাদ্য গ্ৰহণ কৰা অনুচিত। এই সমস্যাক লেক্ট’জ বুলি কোৱা হয়। এই সমস্যাৰ বাবে আক্ৰান্ত লোকে গাখীৰত থকা লেক্ট’জ নামৰ চেনি হজম কৰিব নোৱাৰে। যাৰ ফলত একাধিক সমস্যাৰ সৃষ্টি হয়। এই কাৰণেই বহু লোকে কোষ্ঠকাঠিন্য ৰোগ আৰু পেটৰ বিষত ভুগিব পাৰে। 
৩. আটাৰে তৈয়াৰী খাদ্যঃ-আটাৰে তৈয়াৰী খাদ্য যেনে-লুচি, পৰঠা কমকৈ খোৱা উচিত। দৰাচলতে আটাত আঁহ নাথাকে বাবে আটাৰে তৈয়াৰী খাদ্য খালে কোষ্ঠকাঠিন্য সমস্যা হ’ব পাৰে।

৪. মেগী বা নুডলছ জাতীয় খাদ্যঃ-ব্যস্ততাপূৰ্ণ জীৱনত ২ মিনিটতে তৈয়াৰী নুডলছ বা মেগী। এই মেগী বনাই খাবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। যদিও আপুনি জানেনে ই দেহৰ বাবে বহু ক্ষতিকাৰক। কাৰণ এই খাদ্যত প্ৰায় আঁহ নাথাকে। ফলত পাইলছৰ দৰে সমস্যা আশংকা বাঢ়ি যায়।

৫. আইৰণৰ পৰিপূৰক খাদ্য গ্ৰহণঃ-ৰক্তহীনতাৰ দৰে সমস্যাত থকা লোকসকলে আইৰণৰ পৰিপূৰক গ্ৰহণ কৰিবলগীয়া হয়। এই ঔষধ সেৱন কৰিলে তেওঁলোকৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ হিম’গ্লবিন উৎপাদন কৰিব পাৰে। কিন্তু আপুনি জানি আচৰিত হ’ব যে নিয়মিতভাৱে আইৰণৰ পৰিপূৰক গ্ৰহণ কৰাৰ পাছতো বহু লোকে কোষ্ঠকাঠিন্য বা পাইলছ ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰে। গতিকে আইৰণৰ পৰিপূৰক খাদ্য গ্ৰহণ কৰা উচিত।

৬. মদ্যপানঃ-মদ্যপানে শৰীৰৰ বিভিন্ন অংগত বেয়া প্ৰভাৱ পেলায়। আনকি কোষ্ঠকাঠিন্য আৰু পাইলছৰ সমস্যাও হ’ব পাৰে। দৰাচলতে মদ খোৱাৰ পাছত ডিহাইড্ৰ’জেনেচনৰ মাত্ৰা কমিবলৈ ধৰিলে আৰু শৰীৰত পানীৰ অভাৱ হ’লে মল কঠিন হৈ পৰে। গতিকে পাইলছক প্ৰতিৰোধ কৰাৰ বাবে নিয়মিতভাৱে মদ্যপান কৰাৰ অভ্যাস ত্যাগ কৰা উচিত।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ