--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কোনটো ৰোগে কেতিয়া বাহ লয় সেয়া কোনেও নাজানে। কিছুমান ৰোগ আছে যিয়ে মানুহৰ অকাল মৃত্যুক মাতি আনে। কৰ্কট ৰোগক এনে এটা ৰোগ বুলিব পাৰি। যদি মানুহৰ শৰীৰৰ কোষবোৰ দ্ৰুতগতিত বৃদ্ধি হয়, তেন্তে বুজিব যে শৰীৰত কিবা এটা বিসংগতি চলি আছে। কিছুমান কৰ্কট ৰোগ শৰীৰৰ বাহিৰৰ পৰা জনা যায়, আনহাতে কিছুমান কৰ্কট ৰোগ শেষ পৰ্যায়তহে পোহৰলৈ আহে। অগ্নাশয়ত হোৱা কৰ্কট ৰোগ এনে এটা ৰোগ যি বেছিভাগ লোকৰ ক্ষেত্ৰতে শেষ পৰ্যায়ত প্ৰকাশ পায়। যদি আপুনি এই ৰোগৰ পৰা হাত সাৰিব বিচাৰে তেন্তে ইয়াৰ লক্ষণসমূহৰ প্ৰতিও সজাগ হোৱা উচিত।

 জণ্ডিচ পেনক্ৰিয়াটিক কেন্সাৰৰ প্ৰাথমিক লক্ষণ-

জণ্ডিচ হৈছে যকৃতৰ ৰোগ। যেতিয়া যকৃতে অধিক বিলিৰুবিন উৎপাদন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া জণ্ডিছে ৰোগৰ সৃষ্টি হয়, জণ্ডিচ হৈছে পেনক্ৰিয়াটিক কেন্সাৰৰ প্ৰাথমিক লক্ষণ। মানুহৰ চকু, নখৰ ৰং হালধীয়া হোৱাৰ লগতে ছালো হালধীয়া হৈ পৰে। যদি এই লক্ষণবোৰ বহুদিনলৈকে থাকে, তেন্তে তৎক্ষণাত চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা উচিত। এয়া হ’ব পাৰে পেনক্ৰিয়াচৰ কৰ্কট ৰোগৰ আৰম্ভণি।

 কিয় হালধীয়া ৰং হৈ পৰে?

বিলিৰুবিন যকৃতত গাঢ় হালধীয়া-বাদামী ৰঙৰ পোৱা যায়। লিভাৰত ইয়াৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই শৰীৰৰ পৰা বেয়া সামগ্ৰী আঁতৰোৱাৰ কাম কৰে। বেয়া ৰক্তকণিকাৰ বাবেই ইয়াৰ সৃষ্টি হয়। সাধাৰণতে ই যকৃতত সৃষ্টি হয়, কিন্তু যেতিয়া পিত্তনলী বন্ধ হৈ পৰে তেতিয়া ই তেজত জমা হ’বলৈ আৰম্ভ কৰে আৰু এইটোৱেই পেনক্ৰিয়াটিক কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণ বুলি ধৰা হয়। ইয়াক কেন্সাৰৰ প্ৰাথমিক লক্ষণ বুলিও ক’ব পাৰি।

 পেনক্ৰিয়াটিক কৰ্কট ৰোগৰ লক্ষণসমূহ কি কি?

প্ৰতিটো কৰ্কট ৰোগৰ লক্ষণ বেলেগ বেলেগ। তেজৰ কৰ্কট ৰোগৰ লক্ষণো বেলেগ বেলেগ, আনহাতে মগজু বা আন অংগত হোৱা কৰ্কট ৰোগৰ লক্ষণো বেলেগ বেলেগ। একেদৰে পেনক্ৰিয়াটিক কেন্সাৰৰ লক্ষণসমূহো কিছু পৃথক। পেট বা অন্ত্ৰত তীব্ৰ বিষ হয়। পেটৰ অসুবিধা আৰু দ্ৰুত ওজন হ্ৰাস পোৱাৰ লগতে তেজ জমাও সৃষ্টি হয়। চিকিৎসকে কয় যে ধূমপান, দীৰ্ঘদিনীয়া ডায়েবেটিছ আৰু ভুল খাদ্যাভ্যাসৰ বাবে পেনক্ৰিয়াটিক কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি। ধূমপান এৰি, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে এই ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু