--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ চি বি সদায় তাৰকাৰে ভৰা দল। কিন্তু ১৬ বছৰত তেওঁলোকে এবাৰো আই পি এলৰ ট্ৰফী লাভ কৰিব নোৱাৰিলে। দলত তাৰকাৰ উপস্থিতিৰ বাবেই ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ ব্যৰ্থতাৰ কাৰণ বুলি পাৰ্থীৱ পেটেলে ভাবে। পাৰ্থিৱে দুবাৰকৈ চাৰি বছৰ আৰচিবিৰ হৈ খেলিছিল। সেই অভিজ্ঞতাৰ পৰা তেওঁ অনুভৱ কৰিছিল যে আৰ চি বি মানে কেৱল বিৰাট কোহলী, এ বি ডি ভিলিয়াৰ্ছ আৰু ক্ৰীছ গেইল। তেওঁৰ মতে, ব্যক্তিগত নিৰ্ভৰশীলতাৰ বাবেই দলৰ এই অৱস্থা।

এই উইকেটকীপাৰে ২০১৪ চনত আৰচিবিৰ হৈ খেলিছিল। ইয়াৰ পিছত ২০১৮ চনৰ পৰা ২০২০ চনলৈ তেওঁ বাংগালুৰুত আছিল। ইয়াৰ ভিতৰত ২০১৪ চনত ভিৰাট, ডি ভিলিয়াৰ্ছ, গেইল তিনিজন আছিল। ২০১৮ চনত যেতিয়া পাৰ্থীৱ ঘূৰি আহিছিল, তেতিয়া গেইল আৰু নাছিল। পাৰ্থবে কয়, "মই চাৰি বছৰ আৰ চি বিত আছিলো। আৰ চি বি সদায় ব্যক্তিভিত্তিক হৈ আহিছে। কেতিয়াও দল হৈ নাথাকিল। মই যেতিয়া দলত আছিলো তেতিয়া বাংগালুৰুৰ অৰ্থ আছিল কেৱল বিৰাট, ডি ভিলিয়াৰ্ছ আৰু গেইল। আৰ চি বিৰ পৰা ওলাই অহা যিকোনো ব্যক্তিয়ে মোৰ কথাত সন্মতি দিব।''

এটা প’ডকাষ্টত পাৰ্থীৱে লগতে কয়, ‘তেওঁলোকে সদায় বিশেষ সুবিধা পাইছিল। ফলত যেতিয়া আৰ চি বি খেলিছিল তেতিয়া স্পষ্ট হৈ পৰিছিল যে সংস্কৃতি দলটোৱে বুজাব বিচৰা ধৰণৰ নহয়। সেইবাবেই তেওঁলোকে এতিয়াও কোনো ট্ৰফী লাভ কৰা নাই। সেইটো সঁচা।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী