--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোপা আমেৰিকাৰ ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হয় কলম্বিয়া। ২৩ বছৰৰ পাছতো তেওঁলোকৰ ট্ৰফী জয়ৰ সপোন আধৰুৱা হৈ থাকিল। আমেৰিকাৰ আৰক্ষীয়ে কলম্বিয়াৰ হতাশা আৰু অধিক বৃদ্ধি কৰিলে। কলম্বিয়াৰ ফুটবল ফেডাৰেচনৰ সভাপতি ৰেমন জেছুৰানক ফাইনেলৰ পিছত গ্ৰেপ্তাৰ কৰা হয়।

জেচুৰানৰ লগতে মিয়ামি আৰক্ষীয়ে তেওঁৰ পুত্ৰ ৰেমন হামিল জেচুৰানক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি, ফাইনেলৰ দিনা ষ্টেডিয়ামৰ নিৰাপত্তাৰক্ষীৰ সৈতে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। ফাইনেল আৰম্ভ হোৱাৰ পূৰ্বে অশান্তি সৃষ্টি কৰাৰ অপৰাধত আন ২৫ জন ফুটবল অনুৰাগীকো গ্ৰেপ্তাৰ কৰা হয়। মিয়ামিৰ আৰক্ষী বিষয়া আন্দ্ৰে মাৰ্টিনে কয় যে, ‘কোপা আমেৰিকাৰ ফাইনেলৰ দিনা হাৰ্ড ৰক ষ্টেডিয়ামত জেচুৰান আৰু তেওঁৰ পুত্ৰৰ এক অভাৱনীয় ঘটনা সংঘটিত হৈছিল। আমি নিৰ্দিষ্ট অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছো।

আৰক্ষীৰ সূত্ৰ অনুসৰি মেচ আৰম্ভ হোৱাৰ পূৰ্বে জেছুৰান আৰু তেওঁৰ পুত্ৰই খেলপথাৰলৈ যোৱা সুৰংগত নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত হয়। একেটা সুৰংগতে সাংবাদিকসকলো আছিল। কলম্বিয়াৰ ফুটবল এছ’চিয়েশ্যনৰ সভাপতি আৰু তেওঁৰ পুত্ৰক সুৰক্ষাৰ বাবে নিৰাপত্তাৰক্ষীয়ে আটক কৰি ৰাখিছে। খেলপথাৰত প্ৰৱেশ কৰাত দেৰি হোৱাৰ বাবে জেছুৰানে বিচলিত হৈছিল। এজন নিৰাপত্তাৰক্ষীয়ে হাত জোকাৰি আঁতৰাই লৈ যোৱাৰ লগতে খং হেৰুৱাই পেলালে। নিৰাপত্তাৰক্ষীজনক মাটিত ঘুচা মাৰিলে। মাজনিশা খেল শেষ হোৱাৰ পিছতে দুয়োকে গ্ৰেপ্তাৰ কৰে।

৭১ বছৰীয়া জেচুৰানে ২০১৫ চনৰ পৰা কলম্বিয়াৰ ফুটবল সংস্থাটোৰ শীৰ্ষত আছে। CONMABLE ৰ অন্যতম উপ-সভাপতিও তেওঁ। জেছুৰান ফিফা কাউন্সিলৰ সদস্যও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু