--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোপা আমেৰিকাৰ ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হয় কলম্বিয়া। ২৩ বছৰৰ পাছতো তেওঁলোকৰ ট্ৰফী জয়ৰ সপোন আধৰুৱা হৈ থাকিল। আমেৰিকাৰ আৰক্ষীয়ে কলম্বিয়াৰ হতাশা আৰু অধিক বৃদ্ধি কৰিলে। কলম্বিয়াৰ ফুটবল ফেডাৰেচনৰ সভাপতি ৰেমন জেছুৰানক ফাইনেলৰ পিছত গ্ৰেপ্তাৰ কৰা হয়।

জেচুৰানৰ লগতে মিয়ামি আৰক্ষীয়ে তেওঁৰ পুত্ৰ ৰেমন হামিল জেচুৰানক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি, ফাইনেলৰ দিনা ষ্টেডিয়ামৰ নিৰাপত্তাৰক্ষীৰ সৈতে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। ফাইনেল আৰম্ভ হোৱাৰ পূৰ্বে অশান্তি সৃষ্টি কৰাৰ অপৰাধত আন ২৫ জন ফুটবল অনুৰাগীকো গ্ৰেপ্তাৰ কৰা হয়। মিয়ামিৰ আৰক্ষী বিষয়া আন্দ্ৰে মাৰ্টিনে কয় যে, ‘কোপা আমেৰিকাৰ ফাইনেলৰ দিনা হাৰ্ড ৰক ষ্টেডিয়ামত জেচুৰান আৰু তেওঁৰ পুত্ৰৰ এক অভাৱনীয় ঘটনা সংঘটিত হৈছিল। আমি নিৰ্দিষ্ট অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছো।

আৰক্ষীৰ সূত্ৰ অনুসৰি মেচ আৰম্ভ হোৱাৰ পূৰ্বে জেছুৰান আৰু তেওঁৰ পুত্ৰই খেলপথাৰলৈ যোৱা সুৰংগত নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত হয়। একেটা সুৰংগতে সাংবাদিকসকলো আছিল। কলম্বিয়াৰ ফুটবল এছ’চিয়েশ্যনৰ সভাপতি আৰু তেওঁৰ পুত্ৰক সুৰক্ষাৰ বাবে নিৰাপত্তাৰক্ষীয়ে আটক কৰি ৰাখিছে। খেলপথাৰত প্ৰৱেশ কৰাত দেৰি হোৱাৰ বাবে জেছুৰানে বিচলিত হৈছিল। এজন নিৰাপত্তাৰক্ষীয়ে হাত জোকাৰি আঁতৰাই লৈ যোৱাৰ লগতে খং হেৰুৱাই পেলালে। নিৰাপত্তাৰক্ষীজনক মাটিত ঘুচা মাৰিলে। মাজনিশা খেল শেষ হোৱাৰ পিছতে দুয়োকে গ্ৰেপ্তাৰ কৰে।

৭১ বছৰীয়া জেচুৰানে ২০১৫ চনৰ পৰা কলম্বিয়াৰ ফুটবল সংস্থাটোৰ শীৰ্ষত আছে। CONMABLE ৰ অন্যতম উপ-সভাপতিও তেওঁ। জেছুৰান ফিফা কাউন্সিলৰ সদস্যও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী