ডিজিটেল ডেস্কঃ ক্ৰিকেটীয়
দক্ষতাৰ উপৰিও অনুৰাগীৰ হৃদয় জয় কৰাতো বিৰাট কোহলীৰ দক্ষতা আছে। টি২০ বিশ্বকাপত
ফৰ্মৰ তুংগত থকাৰ মাজতে এক সুন্দৰ মানৱীয় অনুভূতিক প্ৰতিফলিত কৰিলে বিশ্ব ক্ৰিকেটৰ
অন্যতম শ্ৰেষ্ঠ বেটাৰগৰাকীয়ে।
৫ নৱেম্বৰত কোহলীৰ জন্মদিন
উপলক্ষে ইংলেণ্ডৰ পৰা এলি নামৰ এগৰাকী কিশোৰীয়ে কোহলীলৈ এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ
কৰে। বিশেষভাৱে সক্ষম কিশোৰীগৰাকী দৃষ্টিহীন। কিশোৰীগৰাকীয়ে বিৰাট কোহলীক জনাই যে
তেওঁ এগৰাকী অনুৰাগী। সেয়ে তেওঁ কোহলীক লগ পাব বিচাৰে।
ভিডিঅ’ বাৰ্তাটোত কোহলীক
উদ্দ্যেশ্যি এলিয়ে কয় যে তেওঁ অন্ধ বাবে কোহলীক দেখা নাপায়, কিন্তু কোহলীৰ কথা
শুনি অত্যন্ত আনন্দ পায়। সেয়ে এলিয়ে কোহলীক লগ কৰিব বিচাৰে।
ইয়াৰ পাছত কিশোৰীগৰাকীক
প্ৰত্যুত্তৰ দি কোহলীয়ে কয় যে সুযোগ হ’লে নিশ্চয় লগ কৰিব পৰা যাব। কোহলীয়ে এলিক কয়
যে তেওঁ কিশোৰীগৰাকীৰ জীৱনত যে অলপ হ’লেও আনন্দ দিব পাৰিছো, সেয়া তেওঁৰ বাবে বহুত
ডাঙৰ প্ৰাপ্তি।
কিশোৰীগৰাকীক ভালে থাকিবলৈ
অভিনন্দনো জনালে কোহলীয়ে। কয় যে এলিৰ জীৱন ভাল হ’বলৈ তেওঁ ঈশ্বৰৰ ওচৰত
প্ৰাৰ্থনা কৰিব। তদুপৰি ইংলেণ্ড গ’লেই এলিক লগ কৰিব বুলিও কোহলীয়ে প্ৰতিশ্ৰুতি
দিয়ে।