--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্ৰিকেটীয় দক্ষতাৰ উপৰিও অনুৰাগীৰ হৃদয় জয় কৰাতো বিৰাট কোহলীৰ দক্ষতা আছে। টি২০ বিশ্বকাপত ফৰ্মৰ তুংগত থকাৰ মাজতে এক সুন্দৰ মানৱীয় অনুভূতিক প্ৰতিফলিত কৰিলে বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটাৰগৰাকীয়ে।

৫ নৱেম্বৰত কোহলীৰ জন্মদিন উপলক্ষে ইংলেণ্ডৰ পৰা এলি নামৰ এগৰাকী কিশোৰীয়ে কোহলীলৈ এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে। বিশেষভাৱে সক্ষম কিশোৰীগৰাকী দৃষ্টিহীন। কিশোৰীগৰাকীয়ে বিৰাট কোহলীক জনাই যে তেওঁ এগৰাকী অনুৰাগী। সেয়ে তেওঁ কোহলীক লগ পাব বিচাৰে।

ভিডিঅ’ বাৰ্তাটোত কোহলীক উদ্দ্যেশ্যি এলিয়ে কয় যে তেওঁ অন্ধ বাবে কোহলীক দেখা নাপায়, কিন্তু কোহলীৰ কথা শুনি অত্যন্ত আনন্দ পায়। সেয়ে এলিয়ে কোহলীক লগ কৰিব বিচাৰে।

ইয়াৰ পাছত কিশোৰীগৰাকীক প্ৰত্যুত্তৰ দি কোহলীয়ে কয় যে সুযোগ হ’লে নিশ্চয় লগ কৰিব পৰা যাব। কোহলীয়ে এলিক কয় যে তেওঁ কিশোৰীগৰাকীৰ জীৱনত যে অলপ হ’লেও আনন্দ দিব পাৰিছো, সেয়া তেওঁৰ বাবে বহুত ডাঙৰ প্ৰাপ্তি।

কিশোৰীগৰাকীক ভালে থাকিবলৈ অভিনন্দনো জনালে কোহলীয়ে। কয় যে এলিৰ জীৱন ভাল হ’বলৈ তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব। তদুপৰি ইংলেণ্ড গ’লেই এলিক লগ কৰিব বুলিও কোহলীয়ে প্ৰতিশ্ৰুতি দিয়ে।





 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক