--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সুখৰ সংসাৰত ভাঙোন আৰম্ভ হৈছে নেকি ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকৰ? বিবাহ বিচ্ছেদ হ’ব নেকি ভাৰতৰ টেনিছ তাৰকা ছানিয়া আৰু পাকিস্তানৰ ক্ৰিকেট তাৰকা ছোৱেইব মালিকৰ।

শেহতীয়াকৈ এনেধৰণৰ গুণগুণনি শুনিবলৈ পোৱা গৈছে। জানিব পৰামতে, ক্ৰীড়াজগতৰ অন্যতম আকৰ্ষণীয় দম্পত্তিহালে সোনকালেই বিচ্ছেদ কৰিব। বৰ্তমান দুয়োগৰাকী তাৰকা পৃথকে আছে আৰু তেওঁলোকৰ সন্তান ইঝহানৰ দায়িত্ব যুটীয়াভাৱে লৈ আছে।

উল্লেক্য যে দুখন চিৰবৈৰী দেশৰ তাৰকা দুগৰাকীয়ে ২০১০ চনত বিবাহপাশত আৱদ্ধ হৈছিল। বহুচৰ্চিত তেওঁলোকৰ বিবাহৰ ফলস্বৰূপে ২০১৮ চনত পুত্ৰসন্তান ইঝহানৰ জন্ম হয়।

তেওঁলোকৰ সংসাৰৰ ভাঙোনৰ বিষয়ে বিতংকৈ জানিব পৰা হোৱা নাই যদিও কিছু পাকিস্তানী সংবাদমাধ্যমত তুমুল চৰ্চা আৰম্ভ কৰিছে। তাৰকা দম্পত্তিহালেও এই বিষয়ে মুখ খোলা নাই।

তাৰকা দম্পত্তিহালে মুখ নুখুলিলেও একাংশ সংবাদমাধ্যমত ছোৱেইব মালিকৰ নতুন প্ৰেমৰ তথ্য লাভ কৰা গৈছে। প্ৰকাশিত বাতৰি অনুসৰি, পাকিস্তানী অভিনেত্ৰী আয়েছা ওমৰৰ প্ৰেমত মত্ত ছোৱেইব। ২০২১ বৰ্ষত আয়েছাৰে পৰিচয় হয় ক্ৰিকেটাৰগৰাকীৰ। আয়েছাৰ উপৰিও জনপ্ৰিয় পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ স’তেও ছোৱেইবৰ সম্পৰ্ক আছে বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে।

শেহতীয়াকৈ তেওঁলোকৰ পুত্ৰসন্তান ইঝহানৰ জন্মদিন ডুবাইত উলহ-মালহেৰে উদযাপন কৰা দেখা গৈছিল। লক্ষ্যণীয়ভাৱে ছোৱেইব মালিকে জন্মদিনৰ ফটোসমূহ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ বিপৰীতে ছানিয়া মিৰ্জাই শ্বেয়াৰ কৰাৰ পৰা বিৰত আছিল।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক