--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সুখৰ সংসাৰত ভাঙোন আৰম্ভ হৈছে নেকি ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকৰ? বিবাহ বিচ্ছেদ হ’ব নেকি ভাৰতৰ টেনিছ তাৰকা ছানিয়া আৰু পাকিস্তানৰ ক্ৰিকেট তাৰকা ছোৱেইব মালিকৰ।

শেহতীয়াকৈ এনেধৰণৰ গুণগুণনি শুনিবলৈ পোৱা গৈছে। জানিব পৰামতে, ক্ৰীড়াজগতৰ অন্যতম আকৰ্ষণীয় দম্পত্তিহালে সোনকালেই বিচ্ছেদ কৰিব। বৰ্তমান দুয়োগৰাকী তাৰকা পৃথকে আছে আৰু তেওঁলোকৰ সন্তান ইঝহানৰ দায়িত্ব যুটীয়াভাৱে লৈ আছে।

উল্লেক্য যে দুখন চিৰবৈৰী দেশৰ তাৰকা দুগৰাকীয়ে ২০১০ চনত বিবাহপাশত আৱদ্ধ হৈছিল। বহুচৰ্চিত তেওঁলোকৰ বিবাহৰ ফলস্বৰূপে ২০১৮ চনত পুত্ৰসন্তান ইঝহানৰ জন্ম হয়।

তেওঁলোকৰ সংসাৰৰ ভাঙোনৰ বিষয়ে বিতংকৈ জানিব পৰা হোৱা নাই যদিও কিছু পাকিস্তানী সংবাদমাধ্যমত তুমুল চৰ্চা আৰম্ভ কৰিছে। তাৰকা দম্পত্তিহালেও এই বিষয়ে মুখ খোলা নাই।

তাৰকা দম্পত্তিহালে মুখ নুখুলিলেও একাংশ সংবাদমাধ্যমত ছোৱেইব মালিকৰ নতুন প্ৰেমৰ তথ্য লাভ কৰা গৈছে। প্ৰকাশিত বাতৰি অনুসৰি, পাকিস্তানী অভিনেত্ৰী আয়েছা ওমৰৰ প্ৰেমত মত্ত ছোৱেইব। ২০২১ বৰ্ষত আয়েছাৰে পৰিচয় হয় ক্ৰিকেটাৰগৰাকীৰ। আয়েছাৰ উপৰিও জনপ্ৰিয় পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ স’তেও ছোৱেইবৰ সম্পৰ্ক আছে বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে।

শেহতীয়াকৈ তেওঁলোকৰ পুত্ৰসন্তান ইঝহানৰ জন্মদিন ডুবাইত উলহ-মালহেৰে উদযাপন কৰা দেখা গৈছিল। লক্ষ্যণীয়ভাৱে ছোৱেইব মালিকে জন্মদিনৰ ফটোসমূহ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ বিপৰীতে ছানিয়া মিৰ্জাই শ্বেয়াৰ কৰাৰ পৰা বিৰত আছিল।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু