--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটাৰ বিৰাট কোহলী দেশ তথা বিদেশৰো বহুতৰে বাবে নয়নৰ মণি। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন ছবি। ছবি খনত সাইলাখ বিৰাট কোহলীৰ দৰেই  এজন লোকক দেখা গৈছে। বিৰাট কোহলীৰ সৈতে চেহেৰাৰ হুবহু মিল থকা এই লোক জন  হাৰিয়ানাৰ এজন ছফ্টৱেৰ অভিযন্তা কাৰ্তিক শৰ্মা ।

 কাৰ্তিক শৰ্মাৰ ছবি এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন  অধিনায়ক বিৰাট কোহলীৰ সৈতে তেওঁৰ চেহেৰাৰ থকা অস্বাভাৱিক সাদৃশ্যই নেটিজেনসকলক আচৰিত আৰু কৌতূহলী কৰি তুলিছে।

ক্ৰিকেটৰ কিংবদন্তী কোহলীৰ সৈতে  কাৰ্তিকৰ অদ্ভুত সাদৃশ্যই কেৱল তেওঁৰ প্ৰতি মানুহৰ মনোযোগ আকৰ্ষণ কৰাই নহয়, তেওঁক এজন সামাজিক মাধ্যমৰ চেলিব্ৰিটিৰ পৰ্যায়লৈ  লৈ গৈছে। 

তেওঁৰ নতুন খ্যাতি স্বত্বেও, কাৰ্তিক নিজৰ ঠাইতে অবিচল হৈ আছে। তেওঁ স্পষ্ট কৰি দিছে যে তেওঁ বিৰাট কোহলী নহয় ,  এজন ছফ্টৱেৰ অভিযন্তা।  তেওঁৰ  কোহলীৰ সৈতে  চেহেৰাতহে মিল আছে। তেওঁ প্ৰায়ে তেওঁৰ সৈতে ফটো তুলিব বিচৰা লোকসকলৰ আঁতৰি ফুৰিব বিচাৰে। অৱশ্যে কোনোবাই খুব জোৰ কৰিলে ফটো নুঠাকৈও নাথাকে।



ক্ৰিকেটত কেৰিয়াৰ গঢ়িব নোৱাৰিলেও কাৰ্তিকৰ খেলৰ প্ৰতি আগ্ৰহ আছে। বিশেষকৈ বিৰাট কোহলীয়ে তেওঁৰ হৃদয়ত তেওঁৰ আদৰ্শ খেলুৱৈ হিচাপে এক বিশেষ স্থান দখল কৰিছে। কাৰ্তিকে কোহলীক ব্যক্তিগতভাৱে লগ কৰিবলৈ  ইচ্ছা থকাৰ কথাও ব্যক্ত কৰে। 

ইণ্টাৰনেটত ভাইৰেল হৈ পৰা কাৰ্তিকৰ ভিডিঅ’বোৰে  বহুতৰে মনত কৌতূহল জগাই তুলিছে। । বহুতেই কোহলী আৰু কাৰ্তিকৰ মাজত   পাৰ্থক্য বিচাৰি উলিয়াব পৰা নাই।   কাৰ্তিকৰ চেহেৰাই আকৰ্ষিত কৰি আহিছে বহুতকে। কাৰ্তিকে  আকৌ এবাৰ প্ৰমাণ কৰিছে যে চেলিব্ৰিটিৰ চেহেৰাৰ সৈতে আন বহুতৰে চেহেৰাৰ মিল থাকিব পাৰে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান