--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইডিৰ ক্ষমতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দিয়া ৰায়ৰ পুনৰীক্ষণ বিচাৰিব কেন্দ্ৰই। যোৱা ৪ অক্টোবৰত হাৰিয়ানাৰ দুজন ব্যৱসায়ী বসন্ত বংসাল আৰু পংকজ বংসালক গ্ৰেপ্তাৰ কৰাৰ গোচৰত উচ্চতম ন্যায়ালয়ে কয় যে যদি কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে তেন্তে লিখিত ‘কাৰণ’ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিক দিব লাগিব। সেই ৰায়ৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদী চৰকাৰে উচ্চতম ন্যায়ালয়ত ‘পৰ্যালোচনা আবেদন’ দাখিল কৰিবলৈ ওলাইছে।

১৪ জুনত ইডিয়ে গুৰুগ্ৰামৰ এটা হাউছিং কোম্পানীৰ দুজন মালিক বসন্ত বংসাল আৰু পংকজ বংসালক গ্ৰেপ্তাৰ কৰে। কিন্তু সেইদিনা তেওঁলোকক এটা গোচৰত সোধা-পোছাৰ বাবে মাতি অনা হৈছিল। কিন্তু আন এটা গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। লগতে অভিযোগ উত্থাপন হৈছে যে তেওঁলোকক গ্ৰেপ্তাৰৰ কাৰণো উল্লেখ কৰা হোৱা নাছিল। এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে অভিযুক্তই পঞ্জাৱ আৰু হাৰিয়ানাৰ আদালতৰ কাষ চাপিছিল। কিন্তু উচ্চ ন্যায়ালয়ে তেওঁলোকৰ আবেদন খাৰিজ কৰে। ইয়াৰ পাছত দুয়োজনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

৪ অক্টোবৰত ন্যায়াধীশ এ এছ বোপান্না আৰু পিভি সঞ্জয় কুমাৰৰ শীৰ্ষ বিচাৰপীঠে কয় যে, ‘গ্ৰেপ্তাৰ কৰা ব্যক্তিয়ে গ্ৰেপ্তাৰৰ কাৰণ লিখিতভাৱে ইডিক অৱগত কৰিব লাগিব। ৰাজনৈতিক প্ৰভাৱ আৰু প্ৰতিশোধমূলক আচৰণৰ পৰা মুক্ত স্বচ্ছ পদ্ধতিৰে উচ্চতম ন্যায়ালয় ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু বিজেপি দলে কেন্দ্ৰক অস্বস্তিত পেলাইছে কাৰণ বিৰোধী দলসমূহে বিজেপিক ইডিক ‘ৰাজনৈতিক উদ্দেশ্য’ত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ মতে, এই পৰিস্থিতিত মোদী চৰকাৰে ‘ৰাজনৈতিক কাৰণত’ পুনৰীক্ষণ আবেদন দাখিল কৰিবলৈ ওলাইছে।





যোৱা বছৰ আইন সংশোধন কৰাৰ পাছত বিৰোধীয়ে অভিযোগ কৰিছিল যে মোদী চৰকাৰে ইডিক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰৰ বাবে ক্ষমতা প্ৰদান কৰিছে। ইডিৰ বৰ্ধিত ক্ষমতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰায় ২৫০টা গোচৰ ৰুজু হৈছিল। কিন্তু বিগত বৰ্ষৰ ২৭ জুলাইত কেন্দ্ৰক দিয়া এক সকাহত ন্যায়াধীশ এ এম খানউলকাৰৰ বিচাৰপীঠে কয় যে বিত্তীয় অপৰাধ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ দ্বাৰা ইডিক দিয়া ক্ষমতা অসাংবিধানিক নহয়। আৰ্থিক কেলেংকাৰী ৰোধ কৰিবলৈ কঠোৰ আইনৰ প্ৰয়োজন। ইয়াৰ পাছত বিৰোধীয়ে অভিযোগ উত্থাপন কৰে যে ইডিয়ে বিভিন্ন ৰাজ্যত বিজেপি বিৰোধী ৰাজনৈতিক দল আৰু তেওঁলোকৰ ঘনিষ্ঠ ব্যৱসায়ীসকলৰ বিৰুদ্ধে "ৰাজনৈতিকভাৱে উদ্বুদ্ধ" অভিযান চলাই আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ