--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইডিৰ ক্ষমতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দিয়া ৰায়ৰ পুনৰীক্ষণ বিচাৰিব কেন্দ্ৰই। যোৱা ৪ অক্টোবৰত হাৰিয়ানাৰ দুজন ব্যৱসায়ী বসন্ত বংসাল আৰু পংকজ বংসালক গ্ৰেপ্তাৰ কৰাৰ গোচৰত উচ্চতম ন্যায়ালয়ে কয় যে যদি কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে তেন্তে লিখিত ‘কাৰণ’ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিক দিব লাগিব। সেই ৰায়ৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদী চৰকাৰে উচ্চতম ন্যায়ালয়ত ‘পৰ্যালোচনা আবেদন’ দাখিল কৰিবলৈ ওলাইছে।

১৪ জুনত ইডিয়ে গুৰুগ্ৰামৰ এটা হাউছিং কোম্পানীৰ দুজন মালিক বসন্ত বংসাল আৰু পংকজ বংসালক গ্ৰেপ্তাৰ কৰে। কিন্তু সেইদিনা তেওঁলোকক এটা গোচৰত সোধা-পোছাৰ বাবে মাতি অনা হৈছিল। কিন্তু আন এটা গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। লগতে অভিযোগ উত্থাপন হৈছে যে তেওঁলোকক গ্ৰেপ্তাৰৰ কাৰণো উল্লেখ কৰা হোৱা নাছিল। এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে অভিযুক্তই পঞ্জাৱ আৰু হাৰিয়ানাৰ আদালতৰ কাষ চাপিছিল। কিন্তু উচ্চ ন্যায়ালয়ে তেওঁলোকৰ আবেদন খাৰিজ কৰে। ইয়াৰ পাছত দুয়োজনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

৪ অক্টোবৰত ন্যায়াধীশ এ এছ বোপান্না আৰু পিভি সঞ্জয় কুমাৰৰ শীৰ্ষ বিচাৰপীঠে কয় যে, ‘গ্ৰেপ্তাৰ কৰা ব্যক্তিয়ে গ্ৰেপ্তাৰৰ কাৰণ লিখিতভাৱে ইডিক অৱগত কৰিব লাগিব। ৰাজনৈতিক প্ৰভাৱ আৰু প্ৰতিশোধমূলক আচৰণৰ পৰা মুক্ত স্বচ্ছ পদ্ধতিৰে উচ্চতম ন্যায়ালয় ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু বিজেপি দলে কেন্দ্ৰক অস্বস্তিত পেলাইছে কাৰণ বিৰোধী দলসমূহে বিজেপিক ইডিক ‘ৰাজনৈতিক উদ্দেশ্য’ত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ মতে, এই পৰিস্থিতিত মোদী চৰকাৰে ‘ৰাজনৈতিক কাৰণত’ পুনৰীক্ষণ আবেদন দাখিল কৰিবলৈ ওলাইছে।





যোৱা বছৰ আইন সংশোধন কৰাৰ পাছত বিৰোধীয়ে অভিযোগ কৰিছিল যে মোদী চৰকাৰে ইডিক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰৰ বাবে ক্ষমতা প্ৰদান কৰিছে। ইডিৰ বৰ্ধিত ক্ষমতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰায় ২৫০টা গোচৰ ৰুজু হৈছিল। কিন্তু বিগত বৰ্ষৰ ২৭ জুলাইত কেন্দ্ৰক দিয়া এক সকাহত ন্যায়াধীশ এ এম খানউলকাৰৰ বিচাৰপীঠে কয় যে বিত্তীয় অপৰাধ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ দ্বাৰা ইডিক দিয়া ক্ষমতা অসাংবিধানিক নহয়। আৰ্থিক কেলেংকাৰী ৰোধ কৰিবলৈ কঠোৰ আইনৰ প্ৰয়োজন। ইয়াৰ পাছত বিৰোধীয়ে অভিযোগ উত্থাপন কৰে যে ইডিয়ে বিভিন্ন ৰাজ্যত বিজেপি বিৰোধী ৰাজনৈতিক দল আৰু তেওঁলোকৰ ঘনিষ্ঠ ব্যৱসায়ীসকলৰ বিৰুদ্ধে "ৰাজনৈতিকভাৱে উদ্বুদ্ধ" অভিযান চলাই আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু