--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি কাহানিও নেদেখা বিৰাট কোহলীৰ কিছু ভিন্ন মুহূৰ্তৰ ফটো  চাব নিবিচাৰেনে? অনুৰাগীৰ অশেষ কৌতূহলৰ কেন্দ্ৰবিন্দু কিং কোহলীও সাধাৰণ মানুহৰ দৰেই জীৱনৰ ব্যক্তিগত সময়বোৰ পাৰ কৰে।

 

আজি কোহলীৰ  জন্মদিন উপলক্ষে পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাই ইনষ্টাগ্ৰামত তেনে কিছু ফটো শ্বেয়াৰ কৰিছে। কোহলীক জন্মদিনৰ শুভেচ্ছা দিবলৈ গৈ অনুষ্কাই শ্বেয়াৰ কৰা ফটোসমূহ দেখিলে আপুনিও কৈ উঠিব- এইজন সঁচাকৈ বিশ্ব ক্ৰিকেটত দপদপাই থকা বিৰাট কোহলীয়েই নে?




 

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা প্ৰথম ফটোখন অনুষ্কাই নিজে কেমেৰাৰে তোলা। ফটোখনত কোহলীয়ে চকু দুটা ডাঙৰ কৰি ব্যংগাত্মক চাৱনিৰে প’জ দিছে।




 

দ্বিতীয়খন ফটোত কোহলীয়ে খালি ভৰিৰে ঘাঁহনিত খোজ কাঢ়ি আছে। মুখত এটা ব্যংগাত্মক চাৱনি। দুয়োখন হাতত দুটাকৈ মোনা।



 

তৃতীয়খন ফটোখন বিৰাট কোহলীৰ এখন চেল্ফী। বিচনাত বাগৰ দি থাকোতে তোলা চেল্ফীখনতো কোহলীয়ে হাস্যকৰ চাৱনি দিছে।



 

চতুৰ্থ তথা শেষৰখন ফটো অত্যন্ত সুন্দৰ মুহূৰ্তৰ ফটো। ফটোখনত কোহলীয়ে কন্যা ভামিকাক কোঁচত লৈ আছে। দেখা গৈছে যে ভামিকাক কোঁচত লৈ বিৰাটে অনুষ্কাক কিবা কৈছে। ফটোখন শ্বেয়াৰ কৰোতে অনুষ্কাই কন্যা ভামিকাৰ মুখখন এটা লাভ ইম’জি দি ঢাকি ৰাখিছে।

 

অনুষ্কাই এইদৰে শ্বেয়াৰ কৰা ফটোকেইখন দেখি বিৰাট কোহলীক মহাতাৰকা হ’লেও বাস্তৱতে এজন সাধাৰণ মানুহ বুলিয়েই আপোনাৰ ভাৱ হোৱা নাইনে? আপুনি যিদৰে ব্যক্তিগত জীৱন কটায়, তাৰ স’তে বিৰাট কোহলীৰ ফটোকেইখন মিল পাইছেনে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক