--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি কাহানিও নেদেখা বিৰাট কোহলীৰ কিছু ভিন্ন মুহূৰ্তৰ ফটো  চাব নিবিচাৰেনে? অনুৰাগীৰ অশেষ কৌতূহলৰ কেন্দ্ৰবিন্দু কিং কোহলীও সাধাৰণ মানুহৰ দৰেই জীৱনৰ ব্যক্তিগত সময়বোৰ পাৰ কৰে।

 

আজি কোহলীৰ  জন্মদিন উপলক্ষে পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাই ইনষ্টাগ্ৰামত তেনে কিছু ফটো শ্বেয়াৰ কৰিছে। কোহলীক জন্মদিনৰ শুভেচ্ছা দিবলৈ গৈ অনুষ্কাই শ্বেয়াৰ কৰা ফটোসমূহ দেখিলে আপুনিও কৈ উঠিব- এইজন সঁচাকৈ বিশ্ব ক্ৰিকেটত দপদপাই থকা বিৰাট কোহলীয়েই নে?




 

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা প্ৰথম ফটোখন অনুষ্কাই নিজে কেমেৰাৰে তোলা। ফটোখনত কোহলীয়ে চকু দুটা ডাঙৰ কৰি ব্যংগাত্মক চাৱনিৰে প’জ দিছে।




 

দ্বিতীয়খন ফটোত কোহলীয়ে খালি ভৰিৰে ঘাঁহনিত খোজ কাঢ়ি আছে। মুখত এটা ব্যংগাত্মক চাৱনি। দুয়োখন হাতত দুটাকৈ মোনা।



 

তৃতীয়খন ফটোখন বিৰাট কোহলীৰ এখন চেল্ফী। বিচনাত বাগৰ দি থাকোতে তোলা চেল্ফীখনতো কোহলীয়ে হাস্যকৰ চাৱনি দিছে।



 

চতুৰ্থ তথা শেষৰখন ফটো অত্যন্ত সুন্দৰ মুহূৰ্তৰ ফটো। ফটোখনত কোহলীয়ে কন্যা ভামিকাক কোঁচত লৈ আছে। দেখা গৈছে যে ভামিকাক কোঁচত লৈ বিৰাটে অনুষ্কাক কিবা কৈছে। ফটোখন শ্বেয়াৰ কৰোতে অনুষ্কাই কন্যা ভামিকাৰ মুখখন এটা লাভ ইম’জি দি ঢাকি ৰাখিছে।

 

অনুষ্কাই এইদৰে শ্বেয়াৰ কৰা ফটোকেইখন দেখি বিৰাট কোহলীক মহাতাৰকা হ’লেও বাস্তৱতে এজন সাধাৰণ মানুহ বুলিয়েই আপোনাৰ ভাৱ হোৱা নাইনে? আপুনি যিদৰে ব্যক্তিগত জীৱন কটায়, তাৰ স’তে বিৰাট কোহলীৰ ফটোকেইখন মিল পাইছেনে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়