--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনেও যেন তেওঁৰ বাক্যবাণৰ পৰা সাৰি যাব নোৱাৰে। বলীউডৰ অভিনেতাসকলৰ প্ৰায়ভাগকে কঠোৰ সমালোচনা কৰা কংগনা ৰাণাৱটে এইবাৰ যেন কেৰেক্টাৰ চাৰ্চিফিকেট দিলে বিৰাট কোহলীৰ।   কংগনা ৰাণাৱটে  খান-কাপুৰ সাম্ৰাজ্যৰ পৰা কাকো সমালোচনা কৰাৰ পৰা  বিৰত নাছিল। ।

 এতিয়া কংগনাই বিৰাট কোহলীৰ বিষয়ে মন্তব্য কৰিছে।  কোহলীয়ে মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰাৰ পিছতে তেওঁক সকলোৱে প্ৰশংসাৰে ওপচাই দিছে। ।  কোহলীয়ে অৰ্ধশতক অৰ্জন কৰাৰ পিছত সেইসময়ত  গেলেৰীত বহি থকা ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক প্ৰণাম জনাইছিল। শচীনেও পিছত তেওঁক বুকুৰ মাজলৈ  টানি নি অভিনন্দন  জনাইছিল ।  কংগনা ৰাণাৱটে বিৰাটকলৈ কোনো নেতিবাচক মন্তব্য কৰা নাই। 

 কংগনাৰ বলীউডৰ তাৰকা বিৰাটপ্তনী অনুষ্কা শৰ্মাৰ  প্ৰতি বিদ্বেষপূৰ্ণ মনোভাৱ থকা স্বত্বেও বিৰাট কোহলীক প্ৰশংসাৰে ওপচাই দিছে।  অভিনেত্ৰীগৰাকীয়ে লিখিছে, "কিমান সুন্দৰ! যিদৰে  কোহলীয়ে তেওঁলোকৰ অভিলেখ ভংগ কৰিছে , তেওঁলোকক যিদৰে সন্মান জনাইছে, ই এক উৎকৃষ্ট উদাহৰণ হৈ থিয় দিছে। তেওঁ যি মাটিত খোজকাঢ়ে তাক পূজা কৰিব লাগে সেয়া জানে। সেয়াই  তেওঁৰ প্ৰাপ্য। এজন মহান চৰিত্ৰৰ মানুহ। "

কংগনাৰ মুখত বিৰাট কোহলীৰ প্ৰশংসাই নেটত আলোড়নৰ সৃষ্টি কৰিছে।কাৰণ কংগনাৰ প্ৰধান বৈৰী হৈছে  অনুষ্কা শৰ্মা।  কিন্তু কংগনাই এইবাৰ অনুষ্কাকলৈ একো বেয়া মন্তব্য কৰা নাই। ইয়াৰ বিপৰীতে বিৰাটক এজন মহান চৰিত্ৰৰ মানুহ বুলিহে কৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement