--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনেও যেন তেওঁৰ বাক্যবাণৰ পৰা সাৰি যাব নোৱাৰে। বলীউডৰ অভিনেতাসকলৰ প্ৰায়ভাগকে কঠোৰ সমালোচনা কৰা কংগনা ৰাণাৱটে এইবাৰ যেন কেৰেক্টাৰ চাৰ্চিফিকেট দিলে বিৰাট কোহলীৰ।   কংগনা ৰাণাৱটে  খান-কাপুৰ সাম্ৰাজ্যৰ পৰা কাকো সমালোচনা কৰাৰ পৰা  বিৰত নাছিল। ।

 এতিয়া কংগনাই বিৰাট কোহলীৰ বিষয়ে মন্তব্য কৰিছে।  কোহলীয়ে মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰাৰ পিছতে তেওঁক সকলোৱে প্ৰশংসাৰে ওপচাই দিছে। ।  কোহলীয়ে অৰ্ধশতক অৰ্জন কৰাৰ পিছত সেইসময়ত  গেলেৰীত বহি থকা ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক প্ৰণাম জনাইছিল। শচীনেও পিছত তেওঁক বুকুৰ মাজলৈ  টানি নি অভিনন্দন  জনাইছিল ।  কংগনা ৰাণাৱটে বিৰাটকলৈ কোনো নেতিবাচক মন্তব্য কৰা নাই। 

 কংগনাৰ বলীউডৰ তাৰকা বিৰাটপ্তনী অনুষ্কা শৰ্মাৰ  প্ৰতি বিদ্বেষপূৰ্ণ মনোভাৱ থকা স্বত্বেও বিৰাট কোহলীক প্ৰশংসাৰে ওপচাই দিছে।  অভিনেত্ৰীগৰাকীয়ে লিখিছে, "কিমান সুন্দৰ! যিদৰে  কোহলীয়ে তেওঁলোকৰ অভিলেখ ভংগ কৰিছে , তেওঁলোকক যিদৰে সন্মান জনাইছে, ই এক উৎকৃষ্ট উদাহৰণ হৈ থিয় দিছে। তেওঁ যি মাটিত খোজকাঢ়ে তাক পূজা কৰিব লাগে সেয়া জানে। সেয়াই  তেওঁৰ প্ৰাপ্য। এজন মহান চৰিত্ৰৰ মানুহ। "

কংগনাৰ মুখত বিৰাট কোহলীৰ প্ৰশংসাই নেটত আলোড়নৰ সৃষ্টি কৰিছে।কাৰণ কংগনাৰ প্ৰধান বৈৰী হৈছে  অনুষ্কা শৰ্মা।  কিন্তু কংগনাই এইবাৰ অনুষ্কাকলৈ একো বেয়া মন্তব্য কৰা নাই। ইয়াৰ বিপৰীতে বিৰাটক এজন মহান চৰিত্ৰৰ মানুহ বুলিহে কৈছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু