--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত সংঘটিত সংঘৰ্ষৰ   অভিযুক্ত ছাত্ৰ কৰ্মী দেৱাংগনা কলিতাই দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে। আবেদনত দেৱাংগনাই  কয় যে গোচৰটোত তেওঁ নিৰ্দোষ বুলি প্ৰমাণ কৰিবলৈ তেওঁক  সংঘৰ্ষৰ ভিডিঅ' আৰু হোৱাটছএপ চাটৰ প্ৰয়োজন হৈছে। সেয়ে তেওঁ আদালতৰ পৰা দিল্লী আৰক্ষীক সেইবোৰ যোগান ধৰিবলৈ নিৰ্দেশনা জাৰি কৰিবলৈ আবেদন জনাইছে। দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগনা কলিতাৰ  আবেদনৰ ভিত্তিত  জাননী জাৰি কৰি   তদন্তকাৰীসকলক  ইয়াৰ উত্তৰ দাখিল কৰিবলৈ কৈছে বুলি জানিব পৰা গৈছে। 

কলিতাই যুক্তি দিয়ে যে তেওঁ নিৰ্দোষ বুলি প্ৰমাণ কৰিবলৈ ভিডিঅ' আৰু চাটৰ প্ৰয়োজন, কিন্তু দিল্লী আৰক্ষীৰ পৰামৰ্শদাতাই যুক্তি দিছিল যে তেওঁৰ  অনুৰোধ ৰক্ষা কৰাটো সম্ভৱ নহয়। আৰক্ষীয়ে লগতে  কৈছিল যে গোচৰবোৰৰ তদন্ত এতিয়াও চলি আছে আৰু আবেদনকাৰীয়ে বিচৰা সামগ্ৰী অভিযোগনামাৰ  অংশ নহয়।

ন্যায়াধীশ অমিত বানচালে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন  ১৭ জানুৱাৰীত তালিকাভুক্ত কৰে। 
কলিতাৰ হৈ আদালতত  হাজিৰ থকা পৰামৰ্শদাতাই কয়  যে দিল্লী আৰক্ষীয়ে ২০২০ চনৰ ফেব্ৰুৱাৰীত নাগৰিকত্ব সংশোধনী আইন (চিএএ) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ  লিপিবদ্ধ কৰিবলৈ কিছুমান লোকক নিযুক্তি দিছিল । আদালতে যুক্তি শুনিবলৈ আগবাঢ়ি যোৱাৰ সময়তে ঘটনাৰ  ফুটেজ আদালতত  প্ৰদান কৰিব লাগে।

দেৱাংগনা কলিতাই  কয় "সেই ভিডিঅ'বোৰে দেখুৱাব যে ২২ ৰ পৰা ২৬ ফেব্ৰুৱাৰী (২০২০) লৈ  শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা হৈছিল।" ।

কলিতাই লগতে কয় "মোৰ বিৰুদ্ধে (বৰ্তমানৰ গোচৰটোৰ সৈতে সম্পৰ্কিত এজাহাৰত)  হত্যাৰ গোচৰ জাপি দিয়া হৈছে। মোক জাফৰাবাদ ফ্লাইঅভাৰৰ ওচৰত প্ৰতিবাদকাৰীৰ এটা দলৰ  অংশ হিচাপে দেখুওৱা  হৈছে। নিৰ্বাচিত স্ক্ৰীণশ্বট লোৱা হৈছে... সেই সম্পূৰ্ণ  ভিডিঅ'বোৰ মোক প্ৰদান কৰা উচিত।"
ভিডিঅ' ফুটেজৰ উপৰি  পৰামৰ্শদাতাই এটা বিশেষ  গোটৰ "সম্পূৰ্ণ হোৱাটছএপ চাট" বিচাৰিছিল, যাৰ "বাছনি কৰা অংশ" আবেদনকাৰীৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ কৰা হৈছে।

২০২০ চনৰ ২৪ ফেব্ৰুৱাৰীত উত্তৰ-পূব দিল্লীত কাৰ সমৰ্থক আৰু বিৰোধীসকলৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। পিছত সেয়াই সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ লৈছিল। হিংসাত কমেও ৫৩ জন লোক নিহত হৈছিল আৰু প্ৰায় ৭০০ জন লোক আহত হৈছিল।

ছাত্ৰ কৰ্মী দেৱাংগনা কলিতা, নাতাশা নাৰৱাল, জামিয়া সমন্বয় সমিতিৰ সদস্য চাফুৰা জাৰ্গাৰ, আপৰ প্ৰাক্তন কাউন্সিলাৰ তাহিৰ হুছেইন আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে সেই সময়তে সংঘৰ্ষত উচটনি দিয়াৰ অভিযোগ কৰি  গোচৰ ৰুজু কৰা হৈছিল।

কলিতা, শ্বাৰ্জিল ইমাম, খালিদ চাইফি, ওমৰ খালিদ আৰু অন্যান্যসকলৰ বিৰুদ্ধে তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল দিল্লীত  থকাৰ সময়ত অঘটন সংঘটিত কৰাৰ ষড়যন্ত্ৰকাৰী হিচাবে   অভিযোগ উত্থাপিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক