--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিং কোহলীৰ প্ৰশংসাত পঞ্চমুখ ভূতপূৰ্ব ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰ৷ চলি থকা এদিনীয়া বিশ্বকাপত যোৱা নিশা (৮ অক্টোবৰ) ভাৰত-অষ্ট্ৰেলিয়াৰ খেলখনত বিৰাট কোহলীৰ ইনিংছক প্ৰশংসা কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে। তেওঁৰ ফিটনেছ আৰু উইকেটৰ মাজত দৌৰাৰ পৰা আৰম্ভ কৰি চাপযুক্ত মেচত ভাল খেলালৈকে বিৰাট কোহলীৰ বহু গুণ গণিছে। ভাৰতৰ যুৱ ক্ৰিকেটাৰসকলকো এই সকলোবোৰ বিৰাট কোহলীৰ পৰা শিকিবলৈ পৰামৰ্শ দিছে।

উল্লেখযোগ্য যে আই পি এলৰ সময়ত গৌতম গম্ভীৰ আৰু বিৰাট কোহলীৰ মাজত বহু সময়ত মতানৈক্য দেখা গৈছে। খেলপথাৰৰ বাহিৰতো গৌতম গম্ভীৰে বহুবাৰ বিৰাট কোহলীক টাৰ্গেট কৰি আহিছে। কিন্তু এইবাৰ তেওঁ কোহলীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। তেওঁ কয়, ‘মই ভাবো খেলখন সঠিকভাৱে পঢ়াৰ বিষয় আৰু ই অতি জৰুৰী। যেতিয়া আপুনি এটা ডাঙৰ স্ক’ৰ অনুসৰণ কৰে, তেতিয়া আপুনি চাপ কেনেকৈ চম্ভালিব লাগে সেই বিষয়ে জানিব লাগে। যিকোনো পৰিস্থিতিত নিজৰ লক্ষ্যত উপনীত হোৱাৰ আত্মবিশ্বাস থাকিব লাগে।’

গম্ভীয়ে কয়, ‘আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এদিনীয়া ক্ৰিকেটত যেতিয়া বিৰাটে এই কাম কৰে, তেতিয়া আপুনি দেখিব পাৰে যে কেৱল ডাঙৰ ডাঙৰ শ্বট মাৰিলেই নহয়। ইয়াত উইকেটৰ মাজত দৌৰাটোৱেই গুৰুত্বপূৰ্ণ। 

গম্ভীৰে লগতে কয় যে যদি আপুনি দুই ৰাণৰ স্ক’ৰত দুটা-তিনিটা উইকেট হেৰুৱাইছে, তেন্তে খেলপথাৰত উঠাৰ লগে লগে ডাঙৰ শ্বট খেলিব নোৱাৰিব। হেঁচাত খেলিব জানিব লাগে আৰু ষ্ট্ৰাইক অবিৰতভাৱে সলনি কৰি থাকিবলৈ চেষ্টা কৰিব লাগে। আশা কৰো নতুন ক্ৰিকেটাৰে এই সকলোবোৰ বিৰাট কোহলীৰ পৰা শিকিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু