--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিং কোহলীৰ প্ৰশংসাত পঞ্চমুখ ভূতপূৰ্ব ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰ৷ চলি থকা এদিনীয়া বিশ্বকাপত যোৱা নিশা (৮ অক্টোবৰ) ভাৰত-অষ্ট্ৰেলিয়াৰ খেলখনত বিৰাট কোহলীৰ ইনিংছক প্ৰশংসা কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে। তেওঁৰ ফিটনেছ আৰু উইকেটৰ মাজত দৌৰাৰ পৰা আৰম্ভ কৰি চাপযুক্ত মেচত ভাল খেলালৈকে বিৰাট কোহলীৰ বহু গুণ গণিছে। ভাৰতৰ যুৱ ক্ৰিকেটাৰসকলকো এই সকলোবোৰ বিৰাট কোহলীৰ পৰা শিকিবলৈ পৰামৰ্শ দিছে।

উল্লেখযোগ্য যে আই পি এলৰ সময়ত গৌতম গম্ভীৰ আৰু বিৰাট কোহলীৰ মাজত বহু সময়ত মতানৈক্য দেখা গৈছে। খেলপথাৰৰ বাহিৰতো গৌতম গম্ভীৰে বহুবাৰ বিৰাট কোহলীক টাৰ্গেট কৰি আহিছে। কিন্তু এইবাৰ তেওঁ কোহলীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। তেওঁ কয়, ‘মই ভাবো খেলখন সঠিকভাৱে পঢ়াৰ বিষয় আৰু ই অতি জৰুৰী। যেতিয়া আপুনি এটা ডাঙৰ স্ক’ৰ অনুসৰণ কৰে, তেতিয়া আপুনি চাপ কেনেকৈ চম্ভালিব লাগে সেই বিষয়ে জানিব লাগে। যিকোনো পৰিস্থিতিত নিজৰ লক্ষ্যত উপনীত হোৱাৰ আত্মবিশ্বাস থাকিব লাগে।’

গম্ভীয়ে কয়, ‘আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এদিনীয়া ক্ৰিকেটত যেতিয়া বিৰাটে এই কাম কৰে, তেতিয়া আপুনি দেখিব পাৰে যে কেৱল ডাঙৰ ডাঙৰ শ্বট মাৰিলেই নহয়। ইয়াত উইকেটৰ মাজত দৌৰাটোৱেই গুৰুত্বপূৰ্ণ। 

গম্ভীৰে লগতে কয় যে যদি আপুনি দুই ৰাণৰ স্ক’ৰত দুটা-তিনিটা উইকেট হেৰুৱাইছে, তেন্তে খেলপথাৰত উঠাৰ লগে লগে ডাঙৰ শ্বট খেলিব নোৱাৰিব। হেঁচাত খেলিব জানিব লাগে আৰু ষ্ট্ৰাইক অবিৰতভাৱে সলনি কৰি থাকিবলৈ চেষ্টা কৰিব লাগে। আশা কৰো নতুন ক্ৰিকেটাৰে এই সকলোবোৰ বিৰাট কোহলীৰ পৰা শিকিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ