--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনিৰ পৰা বীৰেন্দ্ৰ ছেহৱাগ, সুৰেশ ৰাইনাৰ দৰে জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ খেলুৱৈয়ে খেলপথাৰত নিজৰ যাদু প্ৰদৰ্শন কৰি ক্ৰিকেট অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিছে। ইয়াৰ উপৰিও তেওঁলোকৰ প্ৰেম কাহিনীয়ে অনুৰাগীৰ হৃদয়ও চুই গৈছে। বহু ভাৰতীয় ক্ৰিকেটাৰে নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে বিবাহ বান্ধিছে।

২০০৪ চনত বীৰেন্দ্ৰ ছেহৱাগে আৰতি আহলাৱতৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ছেহৱাগে বহু বছৰৰ আগৰে পৰা আৰতীক চিনি পাইছিল। তথ্য অনুসৰি আৰতি সেহৱাগৰ সুদূৰ আত্মীয়। আচলতে ছেহৱাগ আৰু আৰতিৰ প্ৰথম কথা-বতৰা হৈছিল এখন বিয়াত। সেহৱাগৰ এজন খুলশালীয়েকে আৰতিৰ এজন আত্মীয়ক বিয়া কৰাইছিল। সেই বিবাহ অনুষ্ঠানত দুয়োজন লোকৰ লগ হৈছিল। ছেহৱাগৰ সাত বছৰ বয়সত আৰতিৰ লগত বন্ধুত্ব গঢ়ি উঠিছিল। তেতিয়া আৰতিৰ বয়স মাত্ৰ পাঁচ বছৰ। ২১ বছৰৰ পিছত ছেহৱাগে আৰতিক প্ৰস্তাৱ আগবঢ়ায়। দীৰ্ঘদিনীয়া বন্ধুত্বৰ অন্তত পাঁচ বছৰ ধৰি দুয়োৰে সম্পৰ্ক আছিল। ইয়াৰ পিছত ২০০৪ চনত ছেহৱাগ আৰু আৰতিৰ বিবাহ হয়।

মহেন্দ্ৰ সিং ধোনীয়ে ২০১০ চনত সাক্ষী সিং ৰাৱটৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ধোনীয়ে সৰুৰে পৰা সাক্ষীক চিনি পাইছিল। দুয়োজন পিতৃ একেটা কোম্পানীৰ কৰ্মচাৰী আছিল। আনকি সাক্ষীয়ে ৰাঁচীৰ এখন স্কুলত ধোনিৰ লগত পঢ়িছিল। সৰুৰে পৰা ধোনী সাক্ষীৰ লগত বন্ধুত্ব কৰিছিল। কিন্তু পিছত সাক্ষীয়ে পৰিয়ালসহ ৰাঁচী এৰি ডেৰাডুনলৈ যায়। ধোনিৰ লগতো সাক্ষীয়ে যোগাযোগ হেৰুৱাই পেলালে। কিন্তু দুয়োৰে ভাগ্যই নতুন ৰূপ ল’লে। প্ৰায় এটা দশকৰ অন্তত কলকাতাৰ এখন বিলাসী হোটেলত সাক্ষীক লগ পালে ধোনীয়ে। ইয়াৰ পিছত ধোণীয়ে ভাৰতীয় ক্ৰিকেট দলত নামভৰ্তি কৰে। সাক্ষীগৰাকীয়ে হোটেলখনত ইন্টাৰ্ণ হিচাপে কাম কৰি আছিল। ধোনী আৰু সাক্ষীৰ দ্বিতীয় সাক্ষাৎ প্ৰেমলৈ পৰিণত হয়। ইয়াৰ পিছত ২০১০ চনৰ ৪ জুলাইত ধোনীয়ে সাক্ষীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।




২০১৫ চনৰ এপ্ৰিল মাহত সুৰেশ ৰাইনাই প্ৰিয়ংকা চৌধাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ৰাইনাই সৰুৰে পৰা প্ৰিয়ংকাক চিনি পাইছিল। গাজিয়াবাদত থকাৰ সময়ত প্ৰিয়ংকাৰ দেউতাকে ৰাইনাক ক্ৰীড়াৰ প্ৰশিক্ষণ দিছিল। ইয়াৰ পিছত অৱশ্যে গাজিয়াবাদ এৰি প্ৰিয়ংকা পৰিয়ালসহ পঞ্জাৱলৈ যায়। প্ৰিয়ংকাৰ সন্দৰ্ভত ৰাইনাই এটা পুৰণি সাক্ষাৎকাৰত কয়, "মই চাৰি মাহৰ বাবে অষ্ট্ৰেলিয়ালৈ গৈছিলো। উভতি আহোঁতে শুনিলোঁ মায়ে মোৰ বাবে ছোৱালী এজনী ঠিক কৰি দিছে।’’

ভাৰতীয় ক্ৰিকেট দলৰ অফ স্পিনাৰ হিচাপে নিজৰ নাম উজলাইছে ৰবিচন্দ্ৰন অশ্বিনে। ২০১১ চনৰ ১৩ নৱেম্বৰত প্ৰীতি নাৰায়ণৰ সৈতে বিবাহপাশত আবদ্ধ হয় অশ্বিনে। এটা পুৰণি সাক্ষাৎকাৰত প্ৰীতিয়ে কয় যে তেওঁ অশ্বিনক সৰুৰে পৰা চিনি পাইছিল। প্ৰীতিয়ে ক’লে যে অশ্বিনৰ লগত একেখন স্কুলতে পঢ়িছিল। সৰুতে বিভিন্ন অনুষ্ঠানত লগ হৈছিল। পিছলৈ দুয়ো নিজৰ কেৰিয়াৰ গঢ়াত ব্যস্ত হৈ পৰিল। অশ্বিনেও শৈশৱৰ বন্ধুক দেখা বন্ধ কৰি দিলে। দহ বছৰৰ পাছত হঠাৎ প্ৰীতিক লগ পায় অশ্বিন। ক্ৰিকেটাৰজনে চিনি পায় পুৰণি প্ৰেমিকাক। সেই বন্ধুত্ব ক্ৰমান্বয়ে প্ৰেমলৈ পৰিণত হয় আৰু ২০১১ চনত দুয়োৰে বিবাহপাশত আবদ্ধ হয়।

ক্ৰিকেটাৰ অজিংক্য ৰাহানে ২০১৪ চনত শৈশৱৰ বন্ধু ৰাধিকা ধোপাৱকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰাধিকা আৰু ৰাহানে দুয়োজনেই চুবুৰীয়া আছিল। কেৱল সেয়াই নহয়, তেওঁলোক আছিল ইজনে সিজনৰ প্ৰিয় বন্ধু।

২০১৬ চনত ক্ৰিকেটাৰ বৰুণ এৰন আৰু তেওঁৰ পত্নী ৰাগিনী সিঙৰ আইনী ‘কোৰ্ট মেৰেজ’ হৈছিল। ইয়াৰ পিছত অৱশ্যে খ্ৰীষ্টান ধৰ্ম অনুযায়ী দুয়োজনৰ বিবাহ হয়। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি বৰুণ আৰু ৰাগিনীয়ে একে সময়তে জমছেদপুৰ বিদ্যালয়ত অধ্যয়ন কৰিছিল।

ভুৱনেশ্বৰ কুমাৰে বেগী বলাৰ হিচাপে নিজৰ নাম উজলাইছিল। ২০১৭ চনত নুপুৰ নগৰৰ লগত বান্ধ খাইছিল। ফুচফুচাই ভুৱনেশ্বৰ আৰু নুপুৰ উত্তৰ প্ৰদেশত থকাৰ সময়ত একেটা চুবুৰীতে বাস কৰিছিল। চুবুৰীয়া হোৱাৰ বাবেই ভুৱনেশ্বৰে নুপুৰৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। দুয়োৰে বন্ধুত্ব প্ৰেমলৈ পৰিণত হয়। ভুৱনেশ্বৰে তেওঁৰ কেৰিয়াৰ প্ৰতিষ্ঠা হোৱাৰ পিছত নুপুৰলৈ বিবাহৰ প্ৰস্তাৱ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ