--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমে মানুহক অন্ধ কৰি তোলে। বিয়াৰ পিছত চকু মেল খায়। মডেল অভিনেত্ৰী নাটাছা ষ্টেংকভিচৰ ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত বলিউডৰ ছবি নিৰ্মাতা ৰামগোপাল বৰ্মাই ছ’চিয়েল মিডিয়াত বিবাহ সন্দৰ্ভত মন্তব্য কৰা দেখা গৈছিল। শনিবাৰে নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত ৰামগোপালে এটা পোষ্টত লিখিছে যে- ‘‘বিবাহ বিচ্ছেদ ঈশ্বৰৰ সিদ্ধান্ত। বিবাহ চয়তানৰ।’’

ৰামগোপালে দাবী কৰে যে আজিকালি বিয়াবোৰ ইমানেই কম সময়ৰ বাবে থাকে যে তেওঁ আচৰিত হয়। চলচ্চিত্ৰ নিৰ্মাতাৰ মন্তব্য, "বিয়া হোৱাতকৈ পেইড নাৰ্ছ থকাটো বুদ্ধিমানৰ সিদ্ধান্ত। পাৰিশ্ৰমিকৰ পৰিৱৰ্তে নাৰ্চে নিজৰ পেছাদাৰী কৰ্তব্য পালন কৰিব। বৃদ্ধ বয়সতো পত্নীয়ে স্বামীক দোষ দিয়ে। প্ৰেমে আচলতে মানুহক অন্ধ কৰি তোলে। বিয়াৰ পিছত সেই চকু মেলি যায়।’’

চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে নিজৰ পোষ্টত লিখিছে, "আচলতে দৰা-কইনাৰ পিতৃ-মাতৃয়ে অধিক কষ্ট পায়৷ ইমান খৰচ কৰি সন্তানৰ বিয়া পাতি দিয়ে। কিন্তু সেই বিবাহ স্থায়ী নহয়। যদি আপুনি গোটেই জীৱন এজন ব্যক্তিক বাৰে বাৰে ভাল পাব পাৰে, তেন্তেহে পৰিয়ালটো স্থায়ী হ'ব।''

পোষ্টটোৰ ক’তো তেওঁ হাৰ্দিক আৰু নাটাছাৰ বিবাহ বিচ্ছেদৰ কথা পোনপটীয়াকৈ উল্লেখ কৰা নাছিল। অৱশ্যে নেটিজেনে ইয়াত হাৰ্দিক-নাটাশ্বাক বিচাৰি পাইছে। তেওঁলোকৰ দাবী, হাৰ্দিক আৰু নাটাছাৰ বিবাহ বিচ্ছেদৰ পিছত ৰামগোপালে এই পদটো দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ