--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় ৰেপাৰ য়’ য়’ হনী সিঙৰ জীৱনত পুনৰ পোখা মেলিছে প্ৰেমৰ বীজে। আকৌ প্ৰেমত পৰিছে হনী  সিং। হয়, ঠিকেই শুনিছে। শালিনী তালৱাৰৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত হনী সিঙৰ জীৱনত প্ৰেম হিচাপে আহিছে টিনা থাদানী। নতুন প্ৰেয়সীৰ সৈতে সম্পৰ্ক ৰাজহুৱা কৰিছে হনী সিঙে।
Meet Tina Thadani, rumoured girlfriend of singer-rapper Honey Singh
দিল্লীৰ এক অনুষ্ঠানত দেখা গৈছিল ৰেপাৰগৰাকীক। য'ত তেওঁক নতুন প্ৰেমিকাৰ হাতত ধৰি থকা দেখা গৈছিল। দুয়োজনেই ৰাজহুৱাভাৱে প্ৰথমবাৰৰ বাবে একেলগে উপস্থিত হয়। 

প্ৰেমিকাৰ সৈতে হনী সিঙৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। হনীৰ নতুন প্ৰেমিকা টিনা থাডানী পেছাত এগৰাকী মডেল। হনী সিঙৰ সৈতে 'পেৰিছ কা ট্ৰিপ' গীতটোত দেখা গৈছিল টিনাক। টিনাই পৰিচালনা কৰিছে 'দ্য লেফট’ভাৰছ' ছবিখন। বাস্তৱ জীৱনত টিনা অতি গ্লেমাৰাছ আৰু ষ্টাইলিছ। টিনা ইনষ্টাত ছুপাৰ এক্টিভ। অনুৰাগীসকল টিনাৰ টোনড ফিগাৰ আৰু কিলাৰ লুকক লৈ উন্মাদ হৈ থাকে।
Honey Singh Dating Model Tina Thadani? Internet Thinks So
হনী সিং আৰু টিনা থাডানীৰ প্ৰেম সফল হবলৈ শুভকামনা জনাইছে অনুৰাগীসকলে। 

২০২২ চনৰ ছেপ্টেম্বৰ মাহত হনী সিং আৰু শালিনী তালৱাৰৰ বিবাহ বিচ্ছেদ হয়। ২০১১ চনত হনী সিং আৰু শালিনী তালৱাৰ বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োৰে প্ৰেম কাহিনী স্কুলৰ পৰাই আৰম্ভ হৈছিল। ২০ বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰিছিল। ১১ বছৰ সংসাৰ কৰাৰ পাছত হনী সিং আৰু শালিনী তালৱাৰৰ বিবাহ বিচ্ছেদ হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু