--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰত প্ৰায়ে শিৰোনামা দখল‌ কৰা বলীউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী মালাইকা। এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীৰ আহিব লগা নতুন শ্ব’টোত নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ বিষয়ে মুকলিকৈ ক’বলৈ ওলাইছে। বিবাহ বিচ্ছেদৰ পৰা নতুন সম্পৰ্কলৈ অহালৈকে মলাইকাই বহু কথাত নিজৰ মতামত দাঙি ধৰা দেখা যাব।

বলীউডেই হওক বা ফেশ্বন উদ্যোগেই হওক মালাইকাই সকলোতে নিজৰ প্ৰতিভা প্ৰমাণ কৰিছে। বৰ্তমান এইগৰাকী সাহসী ডিভা মলাইকা অৰোৰায়ে তেওঁৰ শ্ব’ মুভিং ইন উইথ মালাইকাৰ বাবেই মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই অনুষ্ঠানৰ প্ৰথম খণ্ডত অভিনয় কৰিছিল ফাৰাহ খান। মলাইকাইও ফাৰাহৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত তেওঁৰ বিবাহ বিচ্ছেদৰ বিষয়ে মুকলিকৈ কথা ক’লে।

আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদৰ পৰা আৰম্ভ কৰি অৰ্জুন কাপুৰৰ সৈতে থকা বন্ধনলৈকে অভিনেত্ৰীগৰাকীয়ে বহু কথা প্ৰকাশ কৰে। আচলতে ফাৰাহে মলাইকাক বিয়া কৰাই ভৱিষ্যতে সন্তান জন্ম দিয়াৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কথা সুধিলে। ইয়াৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয় যে নিশ্চিতভাৱে সংগীৰ সৈতে এইবোৰ কথা আলোচনা কৰে। অৰ্জুন কাপুৰৰ বিষয়ে কওঁতে অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ বিষয়ে পৃথিৱীয়ে কি কয় তাক লৈ তেওঁ গুৰুত্ব নিদিয়ে। মাত্ৰ তেওঁ সুখী বুলি উল্লেখ কৰে 

অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল মলাইকাৰ অনুষ্ঠানৰ বাবে। শ্ব’টোৰ প্ৰথম খণ্ডত মলাইকাই আৰ্বাজ খানৰ সৈতে বিবাহ বিচ্ছেদৰ কথাও ক’লে। তেওঁ প্ৰকাশ কৰে যে দাবাং চিনেমালৈকে সকলো ঠিকেই আছিল যদিও পাছত সম্পৰ্ক বেয়া হৈ যায়। আৰবাজ খানক প্ৰশংসা কৰি মালাইকা অৰোৰাই কয় যে আৰবাজে কৈছিল যে যিয়েই নহওক, তেওঁ সদায় তেওঁৰ কাষত থিয় দিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু