--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰত প্ৰায়ে শিৰোনামা দখল‌ কৰা বলীউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী মালাইকা। এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীৰ আহিব লগা নতুন শ্ব’টোত নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ বিষয়ে মুকলিকৈ ক’বলৈ ওলাইছে। বিবাহ বিচ্ছেদৰ পৰা নতুন সম্পৰ্কলৈ অহালৈকে মলাইকাই বহু কথাত নিজৰ মতামত দাঙি ধৰা দেখা যাব।

বলীউডেই হওক বা ফেশ্বন উদ্যোগেই হওক মালাইকাই সকলোতে নিজৰ প্ৰতিভা প্ৰমাণ কৰিছে। বৰ্তমান এইগৰাকী সাহসী ডিভা মলাইকা অৰোৰায়ে তেওঁৰ শ্ব’ মুভিং ইন উইথ মালাইকাৰ বাবেই মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই অনুষ্ঠানৰ প্ৰথম খণ্ডত অভিনয় কৰিছিল ফাৰাহ খান। মলাইকাইও ফাৰাহৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত তেওঁৰ বিবাহ বিচ্ছেদৰ বিষয়ে মুকলিকৈ কথা ক’লে।

আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদৰ পৰা আৰম্ভ কৰি অৰ্জুন কাপুৰৰ সৈতে থকা বন্ধনলৈকে অভিনেত্ৰীগৰাকীয়ে বহু কথা প্ৰকাশ কৰে। আচলতে ফাৰাহে মলাইকাক বিয়া কৰাই ভৱিষ্যতে সন্তান জন্ম দিয়াৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কথা সুধিলে। ইয়াৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয় যে নিশ্চিতভাৱে সংগীৰ সৈতে এইবোৰ কথা আলোচনা কৰে। অৰ্জুন কাপুৰৰ বিষয়ে কওঁতে অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ বিষয়ে পৃথিৱীয়ে কি কয় তাক লৈ তেওঁ গুৰুত্ব নিদিয়ে। মাত্ৰ তেওঁ সুখী বুলি উল্লেখ কৰে 

অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল মলাইকাৰ অনুষ্ঠানৰ বাবে। শ্ব’টোৰ প্ৰথম খণ্ডত মলাইকাই আৰ্বাজ খানৰ সৈতে বিবাহ বিচ্ছেদৰ কথাও ক’লে। তেওঁ প্ৰকাশ কৰে যে দাবাং চিনেমালৈকে সকলো ঠিকেই আছিল যদিও পাছত সম্পৰ্ক বেয়া হৈ যায়। আৰবাজ খানক প্ৰশংসা কৰি মালাইকা অৰোৰাই কয় যে আৰবাজে কৈছিল যে যিয়েই নহওক, তেওঁ সদায় তেওঁৰ কাষত থিয় দিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক