--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিখ্যাত পাঞ্জাবী গায়ক তথা অভিনেতা দিলজিৎ দোসাঞ্জৰ গীত আৰু অভিনয় ৰাইজে ভাল পায় সমাদৰ কৰে। তেওঁৰ প্ৰতিভা এতিয়া কেৱল পাঞ্জাবী চিনেমাতে সীমাবদ্ধ হৈ থকা নাই যদিও হিন্দী চিনেমাতো তেওঁৰ ফেন ফ’ল’ৱাৰ বাঢ়িছে। আনকি অনুৰাগীসকলো তেওঁৰ লুক আৰু ষ্টাইলক লৈ পাগল। উড়তা পঞ্জাব, গুড নিউজ, যোগী আদি বহু হিন্দী ছবিত অভিনয় কৰা দিলজিতে শেহতীয়াকৈ প্ৰকাশ কৰিছে বলীউডৰ কিছুমান ডাৰ্ক এণ্ড ডাৰ্টি ছিক্ৰেট। তেওঁ নিজে সন্মুখীন হোৱা হিন্দী চিনেমাৰ অন্ধকাৰ দিশটো দেখুৱাবলৈ চেষ্টা কৰিছে।

শেহতীয়াকৈ দিলজিৎ দোছাঞ্জে এক সাক্ষাৎকাৰত কয় যে তেওঁ বলীউডত কাম কৰিবলৈ আগ্ৰহী নহয় কাৰণ তেওঁ অনুভৱ কৰে বলীউডৰ উদ্যোগৰ কাম-কাজৰ ধৰণত তেওঁ খাপ নাখায়। দিলজিতে কয় যে বহুসংখ্যক ছবিৰ চহী কৰিবলৈ তেওঁৰ মেনেজাৰক উৎকোচ দিয়াৰ চেষ্টাও কৰা হৈছিল। লগতে তেওঁ কয় যে তেওঁ প্ৰতিদিনে পাৰ্টিত উপস্থিত থাকিব নোৱাৰে বা আন বলীউডৰ তাৰকাৰ দৰে প্ৰতিদিনে মানুহক ফোন কৰা বা সময় দিব নোৱাৰে।

তেওঁৰ বাবে বলীউড কিয় ইমান কম প্ৰাধান্য বুলি দিলজিৎ দোছাঞ্জক প্ৰশ্ন কৰা হৈছিল, তেতিয়া তেওঁ কয় যে ‘এয়া কেৱল বলীউড নহয়। সংগীতৰ বাহিৰে মোৰ বাবে একোৱেই প্ৰাধান্য নহয়। সংগীত মোৰ প্ৰেম যিটো মই কৰিম। মই মুম্বাইত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা নাই, ইয়াত বহুত মানুহকো চিনি নাপাওঁ। আগতে মই ভাবিছিলো যে মোৰ মাইনাছ পইণ্ট যে মই মানুহৰ লগত মিহলি হ’ব নোৱাৰো কিন্তু এতিয়া মই ভাবো যে ই এটা প্লাছ যে ধন্যবাদৰ পাত্ৰ যে মই সেইটো কৰিব নোৱাৰো। মই নিজকে ভাল পাওঁ।'

তেওঁ পুনৰ কয়, ‘মই নেটৱৰ্কিং কৰিব নোৱাৰো, পাৰ্টিত উপস্থিত থাকিব নোৱাৰো, প্ৰতিদিনে মানুহক ফোন কৰিব নোৱাৰো। ছয়বাৰলৈকে চেটৰ পৰা নিজৰ প্ৰযোজকক ভিডিঅ’ কল কৰা অভিনেতাক মই দেখিছোঁ! হয়, মই ধেমালি কৰা নাই! তেওঁলোকে প্ৰযোজকক কয়, ‘আমি এতিয়া এইটো কাম কৰি আছো, আমি এতিয়া সেইটো কৰি আছো। ক’লৈ গ’লোঁ? ইত্যাদি ইত্যাদি যিবোৰ মই কৰিব নোৱাৰো।'

দিলজিতে কয় যে তেওঁ কাম পাবলৈ যোগাযোগ কৰাসকলক দোষ নিদিয়ে, কাৰণ ব্যৱস্থাটোৱেই এনেকুৱা যে যোগাযোগ বেছিকৈ হ'লেহে কাম পোৱাৰ সম্ভাৱনা বেছি। 

দিলজিতে প্ৰকাশ কৰে যে কেনেকৈ মানুহে তেওঁৰ মেনেজাৰক এখন ছবিৰ চহী কৰিবলৈ প্ৰায়ে উৎকোচ দিবলৈ চেষ্টা কৰি আহিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু