--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিখ্যাত পাঞ্জাবী গায়ক তথা অভিনেতা দিলজিৎ দোসাঞ্জৰ গীত আৰু অভিনয় ৰাইজে ভাল পায় সমাদৰ কৰে। তেওঁৰ প্ৰতিভা এতিয়া কেৱল পাঞ্জাবী চিনেমাতে সীমাবদ্ধ হৈ থকা নাই যদিও হিন্দী চিনেমাতো তেওঁৰ ফেন ফ’ল’ৱাৰ বাঢ়িছে। আনকি অনুৰাগীসকলো তেওঁৰ লুক আৰু ষ্টাইলক লৈ পাগল। উড়তা পঞ্জাব, গুড নিউজ, যোগী আদি বহু হিন্দী ছবিত অভিনয় কৰা দিলজিতে শেহতীয়াকৈ প্ৰকাশ কৰিছে বলীউডৰ কিছুমান ডাৰ্ক এণ্ড ডাৰ্টি ছিক্ৰেট। তেওঁ নিজে সন্মুখীন হোৱা হিন্দী চিনেমাৰ অন্ধকাৰ দিশটো দেখুৱাবলৈ চেষ্টা কৰিছে।

শেহতীয়াকৈ দিলজিৎ দোছাঞ্জে এক সাক্ষাৎকাৰত কয় যে তেওঁ বলীউডত কাম কৰিবলৈ আগ্ৰহী নহয় কাৰণ তেওঁ অনুভৱ কৰে বলীউডৰ উদ্যোগৰ কাম-কাজৰ ধৰণত তেওঁ খাপ নাখায়। দিলজিতে কয় যে বহুসংখ্যক ছবিৰ চহী কৰিবলৈ তেওঁৰ মেনেজাৰক উৎকোচ দিয়াৰ চেষ্টাও কৰা হৈছিল। লগতে তেওঁ কয় যে তেওঁ প্ৰতিদিনে পাৰ্টিত উপস্থিত থাকিব নোৱাৰে বা আন বলীউডৰ তাৰকাৰ দৰে প্ৰতিদিনে মানুহক ফোন কৰা বা সময় দিব নোৱাৰে।

তেওঁৰ বাবে বলীউড কিয় ইমান কম প্ৰাধান্য বুলি দিলজিৎ দোছাঞ্জক প্ৰশ্ন কৰা হৈছিল, তেতিয়া তেওঁ কয় যে ‘এয়া কেৱল বলীউড নহয়। সংগীতৰ বাহিৰে মোৰ বাবে একোৱেই প্ৰাধান্য নহয়। সংগীত মোৰ প্ৰেম যিটো মই কৰিম। মই মুম্বাইত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা নাই, ইয়াত বহুত মানুহকো চিনি নাপাওঁ। আগতে মই ভাবিছিলো যে মোৰ মাইনাছ পইণ্ট যে মই মানুহৰ লগত মিহলি হ’ব নোৱাৰো কিন্তু এতিয়া মই ভাবো যে ই এটা প্লাছ যে ধন্যবাদৰ পাত্ৰ যে মই সেইটো কৰিব নোৱাৰো। মই নিজকে ভাল পাওঁ।'

তেওঁ পুনৰ কয়, ‘মই নেটৱৰ্কিং কৰিব নোৱাৰো, পাৰ্টিত উপস্থিত থাকিব নোৱাৰো, প্ৰতিদিনে মানুহক ফোন কৰিব নোৱাৰো। ছয়বাৰলৈকে চেটৰ পৰা নিজৰ প্ৰযোজকক ভিডিঅ’ কল কৰা অভিনেতাক মই দেখিছোঁ! হয়, মই ধেমালি কৰা নাই! তেওঁলোকে প্ৰযোজকক কয়, ‘আমি এতিয়া এইটো কাম কৰি আছো, আমি এতিয়া সেইটো কৰি আছো। ক’লৈ গ’লোঁ? ইত্যাদি ইত্যাদি যিবোৰ মই কৰিব নোৱাৰো।'

দিলজিতে কয় যে তেওঁ কাম পাবলৈ যোগাযোগ কৰাসকলক দোষ নিদিয়ে, কাৰণ ব্যৱস্থাটোৱেই এনেকুৱা যে যোগাযোগ বেছিকৈ হ'লেহে কাম পোৱাৰ সম্ভাৱনা বেছি। 

দিলজিতে প্ৰকাশ কৰে যে কেনেকৈ মানুহে তেওঁৰ মেনেজাৰক এখন ছবিৰ চহী কৰিবলৈ প্ৰায়ে উৎকোচ দিবলৈ চেষ্টা কৰি আহিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক