--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৈঠকত প্রধানমন্ত্রী মোদীয়ে সীমান্তত শান্তি, পৰস্পৰৰ মাজত সহযোগিতা আৰু সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে।

ডিজিটেল ডেস্কঃ পৰস্পৰৰ মাজত সম্পর্ক পুনৰ শক্তিশালী কৰিবলৈ সন্মত হৈছে ভাৰত-চীন। আজিৰ পৰা ইয়াত আৰম্ভ হোৱা ছাংহাই সহযোগিতা সংগঠনৰ (এছ চি অ') শীর্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয।


সেই সময়তে নেতা দুজনে পৰস্পৰৰ মাজৰ সম্পৰ্ক পুনৰ ঘনিষ্ঠ কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত প্রধানমন্ত্রী মোদীয়ে সীমান্তত শান্তি, পৰস্পৰৰ মাজত সহযোগিতা আৰু সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে।


তেওঁ কয় যে পৰস্পৰৰ মাজত বিশ্বাস আৰু সন্মানৰ ভিত্তিত সম্পর্ক আগবঢ়াই নিয়াৰ বাবে দুয়োখন দেশ প্রতিশ্রুতিবদ্ধ। প্রধানমন্ত্রীয়ে জিনপিঙৰ সৈতে আলোচনা কৰাৰ সময়ত চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, 'আন্তৰিকতাৰে আদৰণি জনোৱাৰ কাৰণে আপোনাৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰিছোঁ। যোৱা বছৰ কজানত আমাৰ আলোচনা যথেষ্ট সফল আছিল। আমাৰ সম্পৰ্কই এক ইতিবাচক দিশ লাভ কৰিছে। সীমান্তত সৈন্যৰ অপসাৰণৰ পাছত শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশ সৃষ্টি হৈছে। আমাৰ বিশেষ প্রতিনিধিৰ মাজত হোৱা আলোচনাত সীমান্তৰ পৰা সৈন্য অপসাৰণত সন্মতি জনোৱা হৈছিল। কৈলাস-মানসৰোবৰ যাত্রা পুনৰ আৰম্ভ হৈছে।' উল্লেখযোগ্য যে মোদীয়ে গলৱান উপত্যকাত দুয়োখন দেশৰ সৈনিকৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ পাছত প্ৰথমবাৰৰ বাবে চীন ভ্রমণ কৰে।


প্রায় সাত বছৰৰ পাছত দেশখন ভ্রমণ কৰা মোদীয়ে জিনপিঙৰ সৈতে কৰা প্রায় ৫০ মিনিটৰ আলোচনাৰ সময়ত সন্ত্রাসবাদৰ প্রসংগটোও উত্থাপন কৰে। প্রধানমন্ত্রীয়ে সন্ত্রাসবাদক বিশ্ব পৰ্যায়ৰ সমস্যা বুলি উল্লেখ কৰে আৰু ইয়াৰ বিৰুদ্ধে যুদ্ধত চীনৰ সহযোগিতা বিচাৰে। প্রধানমন্ত্রীয়ে কয় যে ভাৰত আৰু চীনৰ সহযোগিতাই ২৮০ কোটি লোকক উপকৃত কৰিব আৰু সমগ্ৰ মানৱতাৰ বাবে কল্যাণৰ পথ মুকলি কৰিব। মোদীয়ে বৈঠকত লগতে কয় যে ভাৰত আৰু চীন প্রতিদ্বন্দ্বী দেশ নহয়, বৰং সহযোগী দেশহে আৰু দুয়োখন দেশৰ মাজত সন্মতি অসন্মতিতকৈ অধিক। প্রধানমন্ত্রীয়ে এই বুলি আশা প্রকাশ কৰে যে চীন আৰু ভাৰতে মিলি এছিয়াক শক্তিশালী কৰিব আৰু বহুপাক্ষিক বিশ্ব ব্যৱস্থাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব। বৈঠকত চীনৰ ৰাষ্ট্ৰপতিজনে কয় যে তেওঁ প্রধানমন্ত্রী মোদীৰ সৈতে আলোচনাত মিলিত হৈ যথেষ্ট সন্তোষ পাইছে। তেওঁ কয়, 'ড্রেগন (চীন) আৰু হাতী (ভাৰত) একগোট হ'ব লাগে'। তেওঁ কয়, 'ড্রেগন আৰু হাতী একলগ হোৱাটো দুয়োখন দেশৰ বাবে সঠিক বিকল্প। \


চীন আৰু ভাৰত দুটা অতি প্রাচীন সভ্যতা আৰু বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ। আমি গ্ল'বেল ছাউথৰ গুৰুত্বপূৰ্ণ সদস্য আৰু নিজৰ জনসাধাৰণৰ মংগলৰ বাবে সংস্কাৰৰ ঐতিহাসিক দায়িত্ব পালন কৰি আহিছোঁ।' নেতা দুজনৰ মাজত হোৱা আলোচনাৰ পাছত চীনৰ বিদেশ মন্ত্ৰ্যালয়ে প্রকাশ কৰা এটা বিবৃতিত কয় যে বৈঠকত জিনপিঙে মত প্রকাশ কৰে যে ভাৰত আৰু চীনৰ দায়িত্ব হ'ল উন্নয়নশীল দেশবোৰৰ একতা শক্তিশালী কৰা আৰু মানৱ জাতিৰ প্ৰগতিত অৱদান আগবঢ়োৱা। জিনপিঙে ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষত কয় যে দুয়োখন দেশৰ সম্পৰ্কক দীর্ঘম্যাদী আৰু কৌশলগত দৃষ্টিৰে চাব লাগে।


তেওঁ কৌশলগত দিশত আলোচনাৰ জৰিয়তে দুয়োখন দেশক অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ দুয়োখন দেশৰ মাজৰ সম্পর্কত সীমা বিবাদক প্রভাৱ পেলাবলৈ নিদিবলৈ আহ্বান জনাই কয়, 'পৰস্পৰৰ উদ্বেগক সন্মান জনাই শান্তিপূর্ণ সহঅৱস্থানক আগবঢ়াই নিব লাগে আৰু সামগ্রিক সম্পর্কত সীমা বিবাদে প্রভাৱ পেলাব নালাগে।' ইয়াৰ লগতে বহুপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰি এছিয়া আৰু বিশ্বত শান্তি তথা সমৃদ্ধিৰ বাবে দুয়োখন দেশক মিলিজুলি কাম কৰিবলৈ জিনপিঙে আহ্বান জনায়। প্রধানমন্ত্রীয়ে শীর্ষ সন্মিলনৰ একাষৰত আজি কাজাখস্তানৰ প্ৰধানমন্ত্ৰী তোকায়েভ, ইজিপ্তৰ প্ৰধানমন্ত্ৰী মুস্তাফা মদবোলী, বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেংকো, নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলি, মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজ্জুৰ সৈতেও আলোচনাত মিলিত হয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক