--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ঐতিহাসিক আহোম আৰু মানৰ শেষ ৰণ ম'হগড় ৰণৰ স্মৃতি বিজড়িত, বুৰঞ্জীয়ে গৰকা বৃহত্তৰ অঞ্চলটোৰ প্ৰতি এতিয়া চৰম ভাবুকি আহি পৰিছে।

ডিজিটেল ডেস্ক : যোৰহাট জিলা জলসম্পদ বিভাগৰ চৰম হেমাহিৰ বাবে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰিছে যোৰহাটৰ বুৰঞ্জীপ্ৰসিদ্ধ বৃহত্তৰ ককিলামুখ অঞ্চল। ঐতিহাসিক আহোম আৰু মানৰ শেষ ৰণ ম'হগড় ৰণৰ স্মৃতি বিজড়িত, বুৰঞ্জীয়ে গৰকা বৃহত্তৰ অঞ্চলটোৰ প্ৰতি এতিয়া চৰম ভাবুকি আহি পৰিছে।


বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰই খহাই অহাৰ ফলত বৃহত্তৰ ককিলামুখৰ চাৰি নং শৈলবান্ধৰ পৰা ৫ নং শৈলবান্ধৰ মাজত দুই নং মিচিং গাঁৱৰ শতাধিক পৰিয়ালৰ জীৱনলৈ অশনি সংকেত নামি আহিছে। ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে ধুৱাই নিছে জনসাধাৰণৰ আশা-আকাংক্ষা।


প্রতি বছৰে অহা বানপানীয়ে গাঁওখনৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ক্ষতিসাধন কৰি আহিছে। ২০২৪ চনত অহা বৃহৎ বানে গাঁওখনৰ বহু কৃষকৰ পশুধন পানীত উটি যোৱাত জীৱন- জীৱিকাৰ প্ৰতি ভাবুকি আনিছে।


লক্ষণীয় যে ব্ৰহ্মপুত্ৰৰ ৪ নং আৰু ৫ নং শৈলবান্ধৰ মাজৰ অংশটোত ইমানেই খহনীয়া অব্যাহত আছে যে প্রতি বছৰে কেইবাশ মিটাৰ ভূমি ব্ৰহ্মপুত্ৰত জাহ গৈছে। দীর্ঘদিনৰ পৰা প্ৰবল খহনীয়া হৈ থকাৰ পাছতো জলসম্পদ বিভাগে বর্তমানলৈকে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা যোৰহাটবাসীক ৰক্ষা কৰা ঐতিহাসিক বৰআলিটোলৈ মাত্র ৫০০ মিটাৰমান থকা অৱস্থাতো বিভাগে প্ৰতিৰোধমূলক আঁচনি গ্ৰহণ কৰা নাই। উল্লেখযোগ্য যে এই অঞ্চলতে ব্ৰিটিছৰ বাণিজ্যৰ বাবে জাহাজৰ বন্দৰ আছিল। ইয়াৰ পৰা ৰে'লৰ ব্যৱস্থাৰে সুচল যাতায়াত ব্যৱস্থা আছিল। কিন্তু ব্ৰহ্মপুত্ৰৰ খহনীয়াই এই সকলোবোৰ ধূলিসাৎ কৰি দিলে।


অতীতক সুঁৱৰিবলৈ ব্ৰিটিছ ৰাজত্বৰ সকলোবোৰ চিহ্নই এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে। কিয়নো প্ৰতি বছৰে মহাবাহুৰ কোবাল সোঁতে খহাই অনাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ২০ খনৰো অধিক ৰাজহ গাঁৱলৈ ভাবুকি আহি পৰিছে। ১৯৬৪ চনতে নির্মাণ কৰা শৈলবান্ধকেইটাই খহনীয়া ৰোধ কৰিব পৰা নাই। বৰ্তমান অঞ্চলটো টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত যদিও খহনীয়াত বিধ্বস্ত হোৱা অঞ্চলটো দেৰগাঁও সমষ্টিৰ অন্তৰ্গত আছিল। দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে ২০২০ চনতে এবাৰ খহনীয়া অঞ্চলটো পৰিদৰ্শন কৰি স্থায়ী সমাধানৰ পোষকতা কৰিছিল যদিও পৰৱৰ্তী সময়ত বিধায়কগৰাকীয়ে হাতে-কামে একো নকৰিলে।


আনহাতে, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈকো স্থানীয় ৰাইজে বিষয়টো জনাইছিল যদিও তেওঁ গুৰুত্ব নিদিলে।


ইফালে জলসম্পদ বিভাগৰ যোৰহাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে বৃহত্তৰ অঞ্চলটোৰ প্ৰতি ভাবুকি অহা খহনীয়াৰ প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মতভাৱে ব্যৱস্থা গ্রহণ কৰিব লাগিছিল যদিও তাকো কৰা নাই। কাৰ্যবাহী অভিযন্তাগৰাকীয়ে ৰাইজৰ স্বাৰ্থত গুৰুত্ব দি সময়োচিত পদক্ষেপ গ্রহণ নকৰিলে ককিলামুখ অঞ্চলটোলৈ চৰম সংকট নামি অহাটো নিশ্চিত হৈছে। জোঁৰ পুৰি হাত নাপাওঁতেই চৰকাৰে আৰ চি চি পিটছিং আঁচনিকে ধৰি বিভিন্ন প্ৰতিৰোধী আঁচনি গ্রহণ কৰি প্ৰবল গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাইজে দাবী জনাইছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ