--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধৃত তিনি ডকাইতৰ পৰা ডকাইতি কাণ্ডত ব্যৱহৃত এখন চাৰিচকীয়া AS08 8549 নম্বৰৰ বাহনো জব্দ কৰে আৰক্ষীয়ে ৷

ডিজিটেল ডেস্কঃ গোৱালপাৰা তথা দুধনৈ সমজিলা আৰক্ষীৰ সফলতা। ডকাইতি কাণ্ডৰ ৪৮ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ তিনিটা ডকাইত। জব্দ ৭৫ হাজাৰ নগদ ধন। ধৃত ডকাইত কেইটা ক্ৰমে ৰাহুল কোচ, অপূৰ্ব ৰাভা আৰু অভিনাশ ৰাভা৷


দুধনৈ থানা এলেকাৰ ভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডকাইতকেইটাক। ধৃত তিনি ডকাইতৰ পৰা ডকাইতি কাণ্ডত ব্যৱহৃত এখন চাৰিচকীয়া AS08 8549 নম্বৰৰ বাহনো জব্দ কৰে আৰক্ষীয়ে ৷


উল্লেখ্য যে, শনিবাৰৰ পুৱতি নিশা ধূপধৰা আৰক্ষী থানাৰ এলেকাৰ টিপলাই বনগাঁও কলিতা পাৰাৰ সুশীল কলিতা আৰু তেওঁৰ পত্নী নমিতা কলিতাক প্ৰহাৰ কৰি, আক্ৰমণ চলাই লুটিছিল ২০ লক্ষাধিক টকা মূল্যৰ সোণৰ আ-অলংকাৰ আৰু নগদ দেৰ লক্ষাধিক টকা ৷ আৰক্ষীয়ে ডকাইত তিনিটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও ডকাইতৰ গেংটোৰ অন্য সদস্য সকল এতিয়াও পলাতক অৱস্থাত আছে ৷ অৱশ্যে ডকাইতৰ পৰা সোনৰ আ-অলংকাৰ খিনি এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷


দুধনৈ সমজিলা আৰক্ষী অধিক্ষক নূপুৰ ৰঞ্জন নেওঁগৰ নেতৃত্বত ধূপধৰা আৰু দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত ওৰে নিশা ডকাইতি বিৰোধী চলিছিল অভিযান । শনিবাৰে সংঘটিত ডকাইতি কাণ্ডত ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল কলিতা দম্পতী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ
Advertisement