--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধৃত তিনি ডকাইতৰ পৰা ডকাইতি কাণ্ডত ব্যৱহৃত এখন চাৰিচকীয়া AS08 8549 নম্বৰৰ বাহনো জব্দ কৰে আৰক্ষীয়ে ৷

ডিজিটেল ডেস্কঃ গোৱালপাৰা তথা দুধনৈ সমজিলা আৰক্ষীৰ সফলতা। ডকাইতি কাণ্ডৰ ৪৮ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ তিনিটা ডকাইত। জব্দ ৭৫ হাজাৰ নগদ ধন। ধৃত ডকাইত কেইটা ক্ৰমে ৰাহুল কোচ, অপূৰ্ব ৰাভা আৰু অভিনাশ ৰাভা৷


দুধনৈ থানা এলেকাৰ ভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডকাইতকেইটাক। ধৃত তিনি ডকাইতৰ পৰা ডকাইতি কাণ্ডত ব্যৱহৃত এখন চাৰিচকীয়া AS08 8549 নম্বৰৰ বাহনো জব্দ কৰে আৰক্ষীয়ে ৷


উল্লেখ্য যে, শনিবাৰৰ পুৱতি নিশা ধূপধৰা আৰক্ষী থানাৰ এলেকাৰ টিপলাই বনগাঁও কলিতা পাৰাৰ সুশীল কলিতা আৰু তেওঁৰ পত্নী নমিতা কলিতাক প্ৰহাৰ কৰি, আক্ৰমণ চলাই লুটিছিল ২০ লক্ষাধিক টকা মূল্যৰ সোণৰ আ-অলংকাৰ আৰু নগদ দেৰ লক্ষাধিক টকা ৷ আৰক্ষীয়ে ডকাইত তিনিটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও ডকাইতৰ গেংটোৰ অন্য সদস্য সকল এতিয়াও পলাতক অৱস্থাত আছে ৷ অৱশ্যে ডকাইতৰ পৰা সোনৰ আ-অলংকাৰ খিনি এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷


দুধনৈ সমজিলা আৰক্ষী অধিক্ষক নূপুৰ ৰঞ্জন নেওঁগৰ নেতৃত্বত ধূপধৰা আৰু দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত ওৰে নিশা ডকাইতি বিৰোধী চলিছিল অভিযান । শনিবাৰে সংঘটিত ডকাইতি কাণ্ডত ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল কলিতা দম্পতী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু