--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছে ১২ জুলাইত দলৰ সকলো ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাহুল গান্ধীৰ সমৰ্থনত  দিনজোৰা ''মৌন সত্যাগ্ৰহ''  অনুষ্ঠিত কৰিব।  সংকটৰ সময়ত ৰাহুল গান্ধীৰ সৈতে একাত্মতা প্ৰকাশ কৰিবলৈ কংগ্ৰেছ নেতা কৰ্মীসকলে এই কাৰ্যসূচী গ্ৰহণ কৰিছে।  কংগ্ৰেছে দাবী কৰিছে যে  মানহানিৰ গোচৰত ৰাহুল গান্ধীক ''ভুলকৈ'' দোষী সাব্যস্ত কৰা হৈছে আৰু তেওঁক লোকসভাত  অযোগ্য ঘোষণা কৰা হৈছে। 

কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপালে গুজৰাটৰ সকলো ৰাজ্যিক গোটৰ মুৰব্বীলৈ চিঠি লিখিছে বিষয়টো সন্দৰ্ভত প্ৰতিবাদ কৰিবলৈ কৈছে। । বেণুগোপালে লিখিছে  '' ৰাহুল গান্ধীয়ে কেনেদৰে বিভিন্ন মঞ্চত মোদী আৰু আদানিৰ মাজৰ সম্পৰ্ককলৈ ধাৰাবাহিকভাৱে প্ৰশ্ন কৰি আহিছে আৰু সেই সম্পৰ্ক উন্মোচিত কৰি আহিছে সেয়া সমগ্ৰ বিশ্বই দেখিছে। তেওঁৰ সাহসী পদক্ষেপে  প্ৰধানমন্ত্ৰী আৰু বিজেপিক কুটিল পদক্ষেপ ল'বলৈ বাধ্য কৰিছে ।যাৰ ফলত তেওঁ লোকসভাৰ সদস্যপদ কৰ্তন কৰা হৈছে আৰু  দোষী সাব্যস্ত তথা  অযোগ্য হৈ পৰিছে,'' । 

এই সকলো বাধা  স্বত্বেও ৰাহুল গান্ধীয়ে মোদীৰ ''ক্ষমতাৰ অপব্যৱহাৰ''ৰ বিৰুদ্ধে আৰু সত্যৰ বাবে যুঁজ দি গৈছে  আৰু দেশৰ জনসাধাৰণৰ সৈতে সম্পৰ্কিত বিষয়বোৰ উত্থাপন কৰাত নিৰন্তৰ ব্ৰতী হৈ  আহিছে বুলিও তেওঁ কয়। বেণুগোপালে কয় যে কেৱল কংগ্ৰেছেই নহয়, সমগ্ৰ ৰাষ্ট্ৰই ''এই ভুলভাবে দোষী সাব্যস্ত আৰু অযোগ্য ঘোষণা কৰাক  গৰিহণা দিছে আৰু এই  যুঁজত ৰাহুলৰ কাষত থিয় দিয়াৰ সংকল্প লৈছে''। তেওঁ লগতে কয় ’বৰ্তমান পৰিস্থিতিত আমি একেলগে থিয় হৈ এই কথা বুজাই দিয়াৰ  সময় হৈছে যে ৰাহুল  গান্ধী অকলশৰীয়া নহয় আৰু বহুসংখ্যক কংগ্ৰেছৰ কৰ্মী  আৰু কোটি কোটি সত্য আৰু ন্যায়ৰ পক্ষত থকা লোক  এই যুঁজত তেওঁৰ সৈতে আছে।  

উল্লেখ্য বুধবাৰে পুৱা ১০  বজাৰ পৰা সন্ধিয়া ৫ বজালৈ দেশৰ সকলো ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত  এক মৌন সত্যাগ্ৰহ (নীৰৱ প্ৰতিবাদ) আয়োজন কৰা হ’ব।উল্লেখ্য শুকুৰবাৰে  ৰাহুল গান্ধীয়ে  গুজৰাট উচ্চ ন্যায়ালয়ত দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশত   স্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ কৰিছিল গুজৰাট উচ্চ ন্যায়ালয়ে ।  গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০ টা অতিৰিক্ত অপৰাধমূলক মানহানিৰ গোচৰ থকা বুলি মন্তব্য কৰাৰ লগতে ছুৰাট আদালতৰ ৰায় সঠিক আছিল বুলি কয়।

 আদালতে কয়  যে সত্ৰ আদালতে জাৰি কৰা আদেশটো  সঠিক। উল্লেখ্য ৰাহুল গান্ধীয়ে গান্ধীয়ে কেমব্ৰিজত বীৰ ছাভাৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাৰ  পিছত পুনে আদালতত বীৰ ছাভাৰকাৰৰ নাতিয়েকে ৰাহুলৰ বিৰুদ্ধে গোচৰ তৰিছে।

উল্লেখ্য মোদী উপাধি বিতৰ্কৰ গোচৰত ছুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা ৰায়ৰ বিৰুদ্ধে ৰাহুলে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদনৰ জনাইছিল। কিছুদিন পূৰ্বে ন্যায়াধীশ হেমন্ত প্ৰচণ্ডৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান