--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছে ১২ জুলাইত দলৰ সকলো ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাহুল গান্ধীৰ সমৰ্থনত  দিনজোৰা ''মৌন সত্যাগ্ৰহ''  অনুষ্ঠিত কৰিব।  সংকটৰ সময়ত ৰাহুল গান্ধীৰ সৈতে একাত্মতা প্ৰকাশ কৰিবলৈ কংগ্ৰেছ নেতা কৰ্মীসকলে এই কাৰ্যসূচী গ্ৰহণ কৰিছে।  কংগ্ৰেছে দাবী কৰিছে যে  মানহানিৰ গোচৰত ৰাহুল গান্ধীক ''ভুলকৈ'' দোষী সাব্যস্ত কৰা হৈছে আৰু তেওঁক লোকসভাত  অযোগ্য ঘোষণা কৰা হৈছে। 

কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপালে গুজৰাটৰ সকলো ৰাজ্যিক গোটৰ মুৰব্বীলৈ চিঠি লিখিছে বিষয়টো সন্দৰ্ভত প্ৰতিবাদ কৰিবলৈ কৈছে। । বেণুগোপালে লিখিছে  '' ৰাহুল গান্ধীয়ে কেনেদৰে বিভিন্ন মঞ্চত মোদী আৰু আদানিৰ মাজৰ সম্পৰ্ককলৈ ধাৰাবাহিকভাৱে প্ৰশ্ন কৰি আহিছে আৰু সেই সম্পৰ্ক উন্মোচিত কৰি আহিছে সেয়া সমগ্ৰ বিশ্বই দেখিছে। তেওঁৰ সাহসী পদক্ষেপে  প্ৰধানমন্ত্ৰী আৰু বিজেপিক কুটিল পদক্ষেপ ল'বলৈ বাধ্য কৰিছে ।যাৰ ফলত তেওঁ লোকসভাৰ সদস্যপদ কৰ্তন কৰা হৈছে আৰু  দোষী সাব্যস্ত তথা  অযোগ্য হৈ পৰিছে,'' । 

এই সকলো বাধা  স্বত্বেও ৰাহুল গান্ধীয়ে মোদীৰ ''ক্ষমতাৰ অপব্যৱহাৰ''ৰ বিৰুদ্ধে আৰু সত্যৰ বাবে যুঁজ দি গৈছে  আৰু দেশৰ জনসাধাৰণৰ সৈতে সম্পৰ্কিত বিষয়বোৰ উত্থাপন কৰাত নিৰন্তৰ ব্ৰতী হৈ  আহিছে বুলিও তেওঁ কয়। বেণুগোপালে কয় যে কেৱল কংগ্ৰেছেই নহয়, সমগ্ৰ ৰাষ্ট্ৰই ''এই ভুলভাবে দোষী সাব্যস্ত আৰু অযোগ্য ঘোষণা কৰাক  গৰিহণা দিছে আৰু এই  যুঁজত ৰাহুলৰ কাষত থিয় দিয়াৰ সংকল্প লৈছে''। তেওঁ লগতে কয় ’বৰ্তমান পৰিস্থিতিত আমি একেলগে থিয় হৈ এই কথা বুজাই দিয়াৰ  সময় হৈছে যে ৰাহুল  গান্ধী অকলশৰীয়া নহয় আৰু বহুসংখ্যক কংগ্ৰেছৰ কৰ্মী  আৰু কোটি কোটি সত্য আৰু ন্যায়ৰ পক্ষত থকা লোক  এই যুঁজত তেওঁৰ সৈতে আছে।  

উল্লেখ্য বুধবাৰে পুৱা ১০  বজাৰ পৰা সন্ধিয়া ৫ বজালৈ দেশৰ সকলো ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত  এক মৌন সত্যাগ্ৰহ (নীৰৱ প্ৰতিবাদ) আয়োজন কৰা হ’ব।উল্লেখ্য শুকুৰবাৰে  ৰাহুল গান্ধীয়ে  গুজৰাট উচ্চ ন্যায়ালয়ত দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশত   স্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ কৰিছিল গুজৰাট উচ্চ ন্যায়ালয়ে ।  গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০ টা অতিৰিক্ত অপৰাধমূলক মানহানিৰ গোচৰ থকা বুলি মন্তব্য কৰাৰ লগতে ছুৰাট আদালতৰ ৰায় সঠিক আছিল বুলি কয়।

 আদালতে কয়  যে সত্ৰ আদালতে জাৰি কৰা আদেশটো  সঠিক। উল্লেখ্য ৰাহুল গান্ধীয়ে গান্ধীয়ে কেমব্ৰিজত বীৰ ছাভাৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাৰ  পিছত পুনে আদালতত বীৰ ছাভাৰকাৰৰ নাতিয়েকে ৰাহুলৰ বিৰুদ্ধে গোচৰ তৰিছে।

উল্লেখ্য মোদী উপাধি বিতৰ্কৰ গোচৰত ছুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা ৰায়ৰ বিৰুদ্ধে ৰাহুলে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদনৰ জনাইছিল। কিছুদিন পূৰ্বে ন্যায়াধীশ হেমন্ত প্ৰচণ্ডৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস