--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ হৈছে ইণ্ডোনেছিয়া। এই দেশখনে নতুন অপৰাধমূলক আইন গৃহীত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ অধীনত বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাসকলক ছমাহপৰ্যন্ত শাস্তি বিহা হ’ব। ইয়াৰ উপৰি এই আইনৰ অধীনত পুৰুষ-মহিলাৰ মাজত লিভ-ইন ৰিলেছনশ্বিপত থাকিবলৈও নিষেধাজ্ঞা আৰোপ কৰা হ’ব। এই খচৰাৰ সৈতে জড়িত ৰাজনীতিবিদ বাম্বাং ৱুৰিয়ানটোৱে কয় যে এই সপ্তাহৰ আৰম্ভণিতে এই খচৰা গৃহীত হ’ব পাৰে। যদি এই আইনখন গৃহীত হয় তেন্তে ইণ্ডোনেছিয়াৰ নাগৰিক আৰু বিদেশীসকলৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে প্ৰযোজ্য হ’ব।

 নিয়মবোৰ কি কি?

অভিভাৱকসকলে কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিলে আৰু আইনৰ চকুত দোষী সাব্যস্ত হ’লে এই লিভ-ইনত থকাটো আইনৰ অধীনত নিষিদ্ধ হ’ব আৰু দোষী সাব্যস্ত হোৱাসকলে ৬মাহপৰ্যন্ত কাৰাদণ্ড ভুগিব লাগিব।

সংবাদ সংস্থা ৰয়টাৰৰ মতে, ব্যৱসায়িক গোষ্ঠীসমূহে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে নতুন নিয়মৰ বাবে পৰ্যটন আৰু বিনিয়োগৰ গন্তব্যস্থান হিচাপে গণ্য কৰা ইণ্ডোনেছিয়া অৰ্থনৈতিকভাৱে প্ৰভাৱিত কৰিব।

 ২০১৯ চনত বিক্ষোভৰ সৃষ্টি হৈছিল-

 ২০১৯ চনত আইনখনৰ খচৰা গৃহীত হ’বলগীয়া আছিল। কিন্তু হাজাৰ হাজাৰ লোক আৰু ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ ইণ্ডোনেছিয়াত বিশেষকৈ ৰাজধানী জাকাৰ্টাত সংঘৰ্ষ আৰু হিংসাও সংঘটিত হৈছিল। আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানীহিলৈ নিক্ষেপ কৰিছিল।

 শাৰীৰিক সম্পৰ্ক আৰু ৰিলেছনশ্বিপ কঠোৰ আইন মুছলমান অধ্যুষিত ইণ্ডোনেছিয়াত নতুন কথা নহয়। আচে প্ৰদেশত কঠোৰ মুছলমান আইন আছে, য’ত জুৱা আৰু মদ্যপানৰ ক্ষেত্ৰতো প্ৰদান কৰা হৈছিল শাস্তি। ২০২১ চনত দুজন পুৰুষক শাৰীৰিক সম্পৰ্ক স্থাপনক কেন্দ্ৰ কৰি গৰিহণাৰ সন্মুখীন হৈছিল। দুয়োকে ৰাজহুৱাভাৱে ৭৭বাৰ কোব খাইছিল। একেদিনাই এগৰাকী মহিলা আৰু এজন পুৰুষক ইজনে-সিজনৰ ওচৰত ধৰা পৰাৰ বাবে ২০-২০বাৰকৈ কোবাইছিল আৰু দুজন পুৰুষক মদ্যপান কৰাৰ বাবে ৪০-৪০বাৰকৈ ৰাজহুৱাভাৱে কোব খাবলগা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক