--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ হৈছে ইণ্ডোনেছিয়া। এই দেশখনে নতুন অপৰাধমূলক আইন গৃহীত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ অধীনত বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাসকলক ছমাহপৰ্যন্ত শাস্তি বিহা হ’ব। ইয়াৰ উপৰি এই আইনৰ অধীনত পুৰুষ-মহিলাৰ মাজত লিভ-ইন ৰিলেছনশ্বিপত থাকিবলৈও নিষেধাজ্ঞা আৰোপ কৰা হ’ব। এই খচৰাৰ সৈতে জড়িত ৰাজনীতিবিদ বাম্বাং ৱুৰিয়ানটোৱে কয় যে এই সপ্তাহৰ আৰম্ভণিতে এই খচৰা গৃহীত হ’ব পাৰে। যদি এই আইনখন গৃহীত হয় তেন্তে ইণ্ডোনেছিয়াৰ নাগৰিক আৰু বিদেশীসকলৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে প্ৰযোজ্য হ’ব।

 নিয়মবোৰ কি কি?

অভিভাৱকসকলে কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিলে আৰু আইনৰ চকুত দোষী সাব্যস্ত হ’লে এই লিভ-ইনত থকাটো আইনৰ অধীনত নিষিদ্ধ হ’ব আৰু দোষী সাব্যস্ত হোৱাসকলে ৬মাহপৰ্যন্ত কাৰাদণ্ড ভুগিব লাগিব।

সংবাদ সংস্থা ৰয়টাৰৰ মতে, ব্যৱসায়িক গোষ্ঠীসমূহে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে নতুন নিয়মৰ বাবে পৰ্যটন আৰু বিনিয়োগৰ গন্তব্যস্থান হিচাপে গণ্য কৰা ইণ্ডোনেছিয়া অৰ্থনৈতিকভাৱে প্ৰভাৱিত কৰিব।

 ২০১৯ চনত বিক্ষোভৰ সৃষ্টি হৈছিল-

 ২০১৯ চনত আইনখনৰ খচৰা গৃহীত হ’বলগীয়া আছিল। কিন্তু হাজাৰ হাজাৰ লোক আৰু ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ ইণ্ডোনেছিয়াত বিশেষকৈ ৰাজধানী জাকাৰ্টাত সংঘৰ্ষ আৰু হিংসাও সংঘটিত হৈছিল। আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানীহিলৈ নিক্ষেপ কৰিছিল।

 শাৰীৰিক সম্পৰ্ক আৰু ৰিলেছনশ্বিপ কঠোৰ আইন মুছলমান অধ্যুষিত ইণ্ডোনেছিয়াত নতুন কথা নহয়। আচে প্ৰদেশত কঠোৰ মুছলমান আইন আছে, য’ত জুৱা আৰু মদ্যপানৰ ক্ষেত্ৰতো প্ৰদান কৰা হৈছিল শাস্তি। ২০২১ চনত দুজন পুৰুষক শাৰীৰিক সম্পৰ্ক স্থাপনক কেন্দ্ৰ কৰি গৰিহণাৰ সন্মুখীন হৈছিল। দুয়োকে ৰাজহুৱাভাৱে ৭৭বাৰ কোব খাইছিল। একেদিনাই এগৰাকী মহিলা আৰু এজন পুৰুষক ইজনে-সিজনৰ ওচৰত ধৰা পৰাৰ বাবে ২০-২০বাৰকৈ কোবাইছিল আৰু দুজন পুৰুষক মদ্যপান কৰাৰ বাবে ৪০-৪০বাৰকৈ ৰাজহুৱাভাৱে কোব খাবলগা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী