--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কোটি কোটি টকাৰ মালিক, ইফালে তেওঁৰ নিজা ঘৰো আছে। কিন্তু তেওঁ নিজে তাত নাথাকি ভাৰা দি মাহে উপাৰ্জন কৰে লাখতকৈও অধিক টকা, তথাপি তেওঁ নিয়মিতভাৱে ভিক্ষা কৰে। তেনে এজন কোটিপতি ভিক্ষাৰীক লণ্ডনৰ ৰাজপথত উদ্ধাৰ কৰা হয়। ‘দ্য টেবু ৰুম’ নামৰ এটা সংস্থাই নিৰ্মাণ কৰা এখন তথ্যচিত্ৰত এই বিষয়টো উত্থাপন হৈছিল। ফুটপাথত বাস কৰা কোটিপতিগৰাকীৰ নাম ডম।

 তথ্যচিত্ৰখনত ডমৰ পূৰ্বপুৰুষৰ ঘৰৰ বজাৰ মূল্য ৫ কোটি টকাতকৈও অধিক। কিন্তু সেই ঘৰত তেওঁ কিয় নাথাকে? ডমে নিজে প্ৰকাশ কৰিছিল যে এইটো তেওঁৰ ড্ৰাগছৰ আসক্তিৰ বাবেই হৈছে। ১৩ বছৰ বয়সত প্ৰথমবাৰৰ বাবে গাঞ্জা সেৱন কৰিছিল। তাৰ পৰাই আৰম্ভ কৰি। বিভিন্ন ধৰণৰ ড্ৰাগছৰ প্ৰতি আসক্তি ক্ৰমান্বয়ে বাঢ়ি গৈছিল। ১৭-১৮ বছৰ বয়সৰ পৰাই তেওঁ হেৰ’ইন গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। আনকি ৭ বছৰ ধৰি নিচাৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰিলে যদিও কোনো লাভ নহ’ল। এতিয়াও তেওঁ নিয়মিতভাৱে ড্ৰাগছ সেৱন কৰে আৰু তাৰ বাবে তেওঁক টকাৰ প্ৰয়োজন। কিন্তু কাম কৰি টকা উপাৰ্জন কৰাটো তেওঁৰ বাবে কঠিন আছিল। সেয়েহে নিজৰ ঘৰ ভাৰা দিয়াৰ সিদ্ধান্ত লয়। ডমে দাবী কৰে যে তেওঁ প্ৰতিমাহে প্ৰায় ১ লাখ ২৭ হাজাৰ টকা পায়। কিন্তু গোটেইখিনি টকা ড্ৰাগছত খৰচ হয়।

 বাকী খৰচ বহন কৰিবলৈ ডমে দৈনিক ভিক্ষা কৰে। আয় প্ৰায় ৩৫-৩০ হাজাৰ টকা। কিন্তু ডমে স্বীকাৰ কৰে যে এইদৰে জীয়াই থকাটো সঁচাকৈয়ে কঠিন, লগতে তেওঁ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব বিচাৰে বুলিও প্ৰকাশ কৰে। কিন্তু আত্মীয়-স্বজনে তেওঁৰ সৈতে যোগাযোগ নাৰাখে। তেওঁৰ কোনো বন্ধুও নাই। লগতে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ ড্ৰাগছ ত্যাগ কৰিব বুলিও জনায় ডমে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক