--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কোটি কোটি টকাৰ মালিক, ইফালে তেওঁৰ নিজা ঘৰো আছে। কিন্তু তেওঁ নিজে তাত নাথাকি ভাৰা দি মাহে উপাৰ্জন কৰে লাখতকৈও অধিক টকা, তথাপি তেওঁ নিয়মিতভাৱে ভিক্ষা কৰে। তেনে এজন কোটিপতি ভিক্ষাৰীক লণ্ডনৰ ৰাজপথত উদ্ধাৰ কৰা হয়। ‘দ্য টেবু ৰুম’ নামৰ এটা সংস্থাই নিৰ্মাণ কৰা এখন তথ্যচিত্ৰত এই বিষয়টো উত্থাপন হৈছিল। ফুটপাথত বাস কৰা কোটিপতিগৰাকীৰ নাম ডম।

 তথ্যচিত্ৰখনত ডমৰ পূৰ্বপুৰুষৰ ঘৰৰ বজাৰ মূল্য ৫ কোটি টকাতকৈও অধিক। কিন্তু সেই ঘৰত তেওঁ কিয় নাথাকে? ডমে নিজে প্ৰকাশ কৰিছিল যে এইটো তেওঁৰ ড্ৰাগছৰ আসক্তিৰ বাবেই হৈছে। ১৩ বছৰ বয়সত প্ৰথমবাৰৰ বাবে গাঞ্জা সেৱন কৰিছিল। তাৰ পৰাই আৰম্ভ কৰি। বিভিন্ন ধৰণৰ ড্ৰাগছৰ প্ৰতি আসক্তি ক্ৰমান্বয়ে বাঢ়ি গৈছিল। ১৭-১৮ বছৰ বয়সৰ পৰাই তেওঁ হেৰ’ইন গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। আনকি ৭ বছৰ ধৰি নিচাৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰিলে যদিও কোনো লাভ নহ’ল। এতিয়াও তেওঁ নিয়মিতভাৱে ড্ৰাগছ সেৱন কৰে আৰু তাৰ বাবে তেওঁক টকাৰ প্ৰয়োজন। কিন্তু কাম কৰি টকা উপাৰ্জন কৰাটো তেওঁৰ বাবে কঠিন আছিল। সেয়েহে নিজৰ ঘৰ ভাৰা দিয়াৰ সিদ্ধান্ত লয়। ডমে দাবী কৰে যে তেওঁ প্ৰতিমাহে প্ৰায় ১ লাখ ২৭ হাজাৰ টকা পায়। কিন্তু গোটেইখিনি টকা ড্ৰাগছত খৰচ হয়।

 বাকী খৰচ বহন কৰিবলৈ ডমে দৈনিক ভিক্ষা কৰে। আয় প্ৰায় ৩৫-৩০ হাজাৰ টকা। কিন্তু ডমে স্বীকাৰ কৰে যে এইদৰে জীয়াই থকাটো সঁচাকৈয়ে কঠিন, লগতে তেওঁ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব বিচাৰে বুলিও প্ৰকাশ কৰে। কিন্তু আত্মীয়-স্বজনে তেওঁৰ সৈতে যোগাযোগ নাৰাখে। তেওঁৰ কোনো বন্ধুও নাই। লগতে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ ড্ৰাগছ ত্যাগ কৰিব বুলিও জনায় ডমে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক