--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আইনৰ ৰক্ষকেই ভক্ষক হৈ পৰে তেন্তে মানুহৰ বিশ্বাস বোলা বস্তুটোৰ ওপৰত বিশ্বাসেই হেৰাই যাব। হাৰিয়ানাৰ ৰোহতকত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। য’ত পোহৰলৈ আহিছে এগৰাকী মহিলা কনিষ্টবলৰ জালিয়াতিৰ এক অতি চাঞ্চল্যকৰ গোচৰ।

ৰোহতকৰ শিৱজী কলনী আৰক্ষী থানাত নিয়োজিত এগৰাকী মহিলা কনিষ্টবলে এগৰাকী ২০ বছৰীয়া ছাত্ৰক প্ৰেমৰ জালত ফচাই লিভ-ইন-ৰিলেচনত থাকিবলৈ লয়। লিভ-ইনত থকাৰ পাছত দুয়ো আনকি বিয়াও পাতে। বিয়া পতাৰ পাছতেই মহিলা কনিষ্টবলগৰাকীয়ে ছাত্ৰগৰাকীৰ পৰা লুটে ৫ লাখ টকা। মহানগৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰি মহিলা কনিষ্টবলগৰাকীক বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

২০২১ চনৰ অক্টোবৰ মাহত ৰোহতকৰ সুনাৰীয়া গাঁৱৰ এগৰাকী মহিলাই পুত্ৰৰ সৈতে গোচৰৰ শুনানিৰ বাবে শিৱাজী কলনী আৰক্ষী থানালৈ গৈছিল।  মহিলা কনিষ্টবল দয়াৰাণীয়ে মহিলাগৰাকীৰ পুত্ৰৰ পৰা ফোন নম্বৰটো লৈছিল আৰু তাৰপিছতেই লাহে লাহে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ'ল। 

২০২১ চনৰ ২৯ অক্টোবৰত মহিলা কনিষ্টবলগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যুৱকজন আৰু তেতিয়ালৈকে যুৱকজনে গম পোৱা নাছিল যে মহিলাগৰাকী আগেতই বিয়া পতা আছিল। যুৱকজনে কয় যে কাজিয়াৰ গোচৰত তেওঁ থানালৈ গৈছিল, তাৰ পিছত মহিলা কনিষ্টবলগৰাকীয়ে তেওঁৰ মোবাইল নম্বৰ লৈ তেওঁৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল, ইতিমধ্যে তেওঁ গম পালে যে মহিলাগৰাকী কেৱল আগতে বিয়া হোৱাই নহয়, তেওঁৰ ১০ বছৰীয়া ল’ৰা এটাও আছে ।

যুৱকজনৰ সৈতে বিয়া পাতি কনিষ্টবল দয়াৰাণীয়ে যুৱকজনৰ পৰা ৫ লাখ টকা লুটে।

ঘটনাটো তদন্ত কৰি ডি এছ পি ডাঃ ৰবিন্দৰে জনোৱা মতে, আৰক্ষীয়ে এদিনৰ জিম্মাত থকাৰ পিছত অভিযুক্ত মহিলা কনিষ্টবলগৰাকীক আদালতত হাজিৰ কৰে, য’ৰ পৰা তেওঁক ন্যায়িক জিম্মাত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। লগতে আৰক্ষী অধীক্ষক উদয় সিং মীনাই অভিযুক্ত কনিষ্টবলগৰাকীক নিলম্বন কৰি বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে।

আৰক্ষীৰ মতে, ৫ দিন পূৰ্বে ভুক্তভোগী ছাত্ৰগৰাকীৰ মাতৃয়ে এই এজাহাৰ দিছিল। বিষয়টো আৰক্ষীৰ জাননীত অহাৰ লগে লগে বিভাগে মহিলা কনিষ্টবল গৰাকীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি জিম্মাত লয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু