--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আইনৰ ৰক্ষকেই ভক্ষক হৈ পৰে তেন্তে মানুহৰ বিশ্বাস বোলা বস্তুটোৰ ওপৰত বিশ্বাসেই হেৰাই যাব। হাৰিয়ানাৰ ৰোহতকত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। য’ত পোহৰলৈ আহিছে এগৰাকী মহিলা কনিষ্টবলৰ জালিয়াতিৰ এক অতি চাঞ্চল্যকৰ গোচৰ।

ৰোহতকৰ শিৱজী কলনী আৰক্ষী থানাত নিয়োজিত এগৰাকী মহিলা কনিষ্টবলে এগৰাকী ২০ বছৰীয়া ছাত্ৰক প্ৰেমৰ জালত ফচাই লিভ-ইন-ৰিলেচনত থাকিবলৈ লয়। লিভ-ইনত থকাৰ পাছত দুয়ো আনকি বিয়াও পাতে। বিয়া পতাৰ পাছতেই মহিলা কনিষ্টবলগৰাকীয়ে ছাত্ৰগৰাকীৰ পৰা লুটে ৫ লাখ টকা। মহানগৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰি মহিলা কনিষ্টবলগৰাকীক বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

২০২১ চনৰ অক্টোবৰ মাহত ৰোহতকৰ সুনাৰীয়া গাঁৱৰ এগৰাকী মহিলাই পুত্ৰৰ সৈতে গোচৰৰ শুনানিৰ বাবে শিৱাজী কলনী আৰক্ষী থানালৈ গৈছিল।  মহিলা কনিষ্টবল দয়াৰাণীয়ে মহিলাগৰাকীৰ পুত্ৰৰ পৰা ফোন নম্বৰটো লৈছিল আৰু তাৰপিছতেই লাহে লাহে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ'ল। 

২০২১ চনৰ ২৯ অক্টোবৰত মহিলা কনিষ্টবলগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যুৱকজন আৰু তেতিয়ালৈকে যুৱকজনে গম পোৱা নাছিল যে মহিলাগৰাকী আগেতই বিয়া পতা আছিল। যুৱকজনে কয় যে কাজিয়াৰ গোচৰত তেওঁ থানালৈ গৈছিল, তাৰ পিছত মহিলা কনিষ্টবলগৰাকীয়ে তেওঁৰ মোবাইল নম্বৰ লৈ তেওঁৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল, ইতিমধ্যে তেওঁ গম পালে যে মহিলাগৰাকী কেৱল আগতে বিয়া হোৱাই নহয়, তেওঁৰ ১০ বছৰীয়া ল’ৰা এটাও আছে ।

যুৱকজনৰ সৈতে বিয়া পাতি কনিষ্টবল দয়াৰাণীয়ে যুৱকজনৰ পৰা ৫ লাখ টকা লুটে।

ঘটনাটো তদন্ত কৰি ডি এছ পি ডাঃ ৰবিন্দৰে জনোৱা মতে, আৰক্ষীয়ে এদিনৰ জিম্মাত থকাৰ পিছত অভিযুক্ত মহিলা কনিষ্টবলগৰাকীক আদালতত হাজিৰ কৰে, য’ৰ পৰা তেওঁক ন্যায়িক জিম্মাত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। লগতে আৰক্ষী অধীক্ষক উদয় সিং মীনাই অভিযুক্ত কনিষ্টবলগৰাকীক নিলম্বন কৰি বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে।

আৰক্ষীৰ মতে, ৫ দিন পূৰ্বে ভুক্তভোগী ছাত্ৰগৰাকীৰ মাতৃয়ে এই এজাহাৰ দিছিল। বিষয়টো আৰক্ষীৰ জাননীত অহাৰ লগে লগে বিভাগে মহিলা কনিষ্টবল গৰাকীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি জিম্মাত লয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে ৫৯৪ কিঃমিঃ দৈৰ্ঘৰ গংগা এক্সপ্ৰেছৱে'
সোণ-ৰূপ নহয়, কইনাৰ ওচৰত 'মাটিৰ চৌকা'ৰ দাবী! উত্তৰ প্ৰদেশৰ বিয়াত দৰাৰ অনন্য চৰ্ত
মায়ং আৰক্ষীৰ বৃহৎ সাফল্য; ড্ৰাগছসহ আটক দুজন সৰবৰাহকাৰী
পাকিস্তানৰ নতুন সংকট: অৰ্থনৈতিক দুৰৱস্থাৰ মাজতে আন এক বিপদৰ সন্মুখীন দেশখন
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ