--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মহিলা-পুৰুষৰ মাজত 'National Family Health Survey'-ই চলোৱা সমীক্ষাত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এই সমীক্ষাত পোহৰলৈ আহে যে দেশৰ ১১খন ৰাজ্যৰ মহিলাই এজনতকৈ অধিক পুৰুষক যৌনসংগী হিচাপে ৰাখে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কৰা এই সমীক্ষাত পুৰুষতকৈ মহিলাৰ যৌনসংগী বেছি হোৱা দেখা গৈছিল। সমীক্ষাৰ প্ৰতিবেদন অনুসৰি পুৰুষে তেওঁৰ পত্নী বা লিভ-ইন সম্পৰ্কত থকা নাৰীৰ সৈতে যৌনসম্পৰ্ক স্থাপন কৰে কিন্তু মহিলাই স্বামী বা লিভ-ইন সম্পৰ্কত থকা পুৰুষৰ উপৰিও অন্য পুৰুষকো যৌনসংগী হিচাপে বাচনি কৰি লয়।  

১.১ লাখ মহিলা আৰু এক লাখ পুৰুষৰ তথ্যৰ ভিত্তিত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ(National Family Health Survey) প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। এজনতকৈ অধিক যৌনসংগী ৰখা মহিলাৰ এই তালিকাত স্থান লাভ কৰিছে- ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়, জম্মু-কাশ্মীৰ, লাডাখ, মধ্যপ্ৰদেশ, অসম, কেৰেলা, লাক্ষাদ্বীপ, পুডুচেৰী আৰু তামিলনাডুয়ে। প্ৰতিবেদন অনুসৰি এগৰাকীতকৈ অধিক যৌনসংগী থকা মহিলাৰ ক্ষেত্ৰত ৰাজস্থান শীৰ্ষত আছে, আনহাতে পৰিসংখ্যাৰ ভিত্তিত ৰাজ্যখনত এনে পুৰুষৰ সংখ্যা ১.৮ শতাংশ বুলি প্ৰমাণিত হৈছে।

নগৰীয়া মহিলাতকৈ গ্ৰাম্য মহিলাৰ যৌনসংগী বেছি বুলিও প্ৰতিবেদনত গুৰুত্বসহকাৰে প্ৰকাশ কৰা হৈছে। চহৰীয়া মহিলাৰ যৌনসংগীৰ তুলনাত গ্ৰাম্য মহিলাৰ মাজত এই সংখ্যা ১.৮ শতাংশৰ ওচৰত পোৱা গৈছিল। মেট্ৰ'চিটি হিচাপে পৰিচিত দিল্লী, মুম্বাই, কলিকতাৰ নাম নাই এই তালিকাত। 

এজনতকৈ অধিক যৌনসংগীৰ থকা বিষয়টো বিবেচনাৰ যোগ্য বুলি উল্লেখ কৰিছে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাই, কাৰণ বিগত সময়ছোৱাত দেশৰ বহু ঠাইত মাংকিপক্স সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে। গৱেষণাৰ পৰা দেখা গৈছে যে যিসকলে এজনতকৈ অধিক লোকৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে তেওঁলোকৰ ক্ষেত্ৰত মাংকিপক্স সংক্ৰমণ বিয়পি পৰাৰ সম্ভাৱনা বেছি। নাম প্ৰকাশ নকৰাকৈ এজন চিকিৎসকে কয় যে অধিক যৌনসংগী ৰখা এই ঘটনাই দেশত মাংকিপক্স সংক্ৰমণৰ সম্ভাৱনা তীব্ৰ ৰূপত বৃদ্ধি কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু