--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মহিলা-পুৰুষৰ মাজত 'National Family Health Survey'-ই চলোৱা সমীক্ষাত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এই সমীক্ষাত পোহৰলৈ আহে যে দেশৰ ১১খন ৰাজ্যৰ মহিলাই এজনতকৈ অধিক পুৰুষক যৌনসংগী হিচাপে ৰাখে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কৰা এই সমীক্ষাত পুৰুষতকৈ মহিলাৰ যৌনসংগী বেছি হোৱা দেখা গৈছিল। সমীক্ষাৰ প্ৰতিবেদন অনুসৰি পুৰুষে তেওঁৰ পত্নী বা লিভ-ইন সম্পৰ্কত থকা নাৰীৰ সৈতে যৌনসম্পৰ্ক স্থাপন কৰে কিন্তু মহিলাই স্বামী বা লিভ-ইন সম্পৰ্কত থকা পুৰুষৰ উপৰিও অন্য পুৰুষকো যৌনসংগী হিচাপে বাচনি কৰি লয়।  

১.১ লাখ মহিলা আৰু এক লাখ পুৰুষৰ তথ্যৰ ভিত্তিত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ(National Family Health Survey) প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। এজনতকৈ অধিক যৌনসংগী ৰখা মহিলাৰ এই তালিকাত স্থান লাভ কৰিছে- ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়, জম্মু-কাশ্মীৰ, লাডাখ, মধ্যপ্ৰদেশ, অসম, কেৰেলা, লাক্ষাদ্বীপ, পুডুচেৰী আৰু তামিলনাডুয়ে। প্ৰতিবেদন অনুসৰি এগৰাকীতকৈ অধিক যৌনসংগী থকা মহিলাৰ ক্ষেত্ৰত ৰাজস্থান শীৰ্ষত আছে, আনহাতে পৰিসংখ্যাৰ ভিত্তিত ৰাজ্যখনত এনে পুৰুষৰ সংখ্যা ১.৮ শতাংশ বুলি প্ৰমাণিত হৈছে।

নগৰীয়া মহিলাতকৈ গ্ৰাম্য মহিলাৰ যৌনসংগী বেছি বুলিও প্ৰতিবেদনত গুৰুত্বসহকাৰে প্ৰকাশ কৰা হৈছে। চহৰীয়া মহিলাৰ যৌনসংগীৰ তুলনাত গ্ৰাম্য মহিলাৰ মাজত এই সংখ্যা ১.৮ শতাংশৰ ওচৰত পোৱা গৈছিল। মেট্ৰ'চিটি হিচাপে পৰিচিত দিল্লী, মুম্বাই, কলিকতাৰ নাম নাই এই তালিকাত। 

এজনতকৈ অধিক যৌনসংগীৰ থকা বিষয়টো বিবেচনাৰ যোগ্য বুলি উল্লেখ কৰিছে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাই, কাৰণ বিগত সময়ছোৱাত দেশৰ বহু ঠাইত মাংকিপক্স সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে। গৱেষণাৰ পৰা দেখা গৈছে যে যিসকলে এজনতকৈ অধিক লোকৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে তেওঁলোকৰ ক্ষেত্ৰত মাংকিপক্স সংক্ৰমণ বিয়পি পৰাৰ সম্ভাৱনা বেছি। নাম প্ৰকাশ নকৰাকৈ এজন চিকিৎসকে কয় যে অধিক যৌনসংগী ৰখা এই ঘটনাই দেশত মাংকিপক্স সংক্ৰমণৰ সম্ভাৱনা তীব্ৰ ৰূপত বৃদ্ধি কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ