--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত অধ্যাপক  হিচাবে নিযুক্তি পাবলৈ এতিয়াৰে পৰা বাধ্যতামূলক নহয় পিএইছডি। ইউজিচিয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত সহকাৰী অধ্যাপক পদৰ বাবে আবেদন কৰাৰ চৰ্ত নিৰ্ধাৰণ কৰি দিছে। 

যদি কোনো ব্যক্তিয়ে ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নেট), ৰাজ্যিক যোগ্যতা পৰীক্ষা (ছেট)ত উত্তীৰ্ণ হয়, তেন্তে তেনে ব্যক্তিয়ে সংশ্লিষ্ট পদৰ বাবে আবেদন কৰিব পাৰিব। বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰকাশ কৰা মতে এইক্ষেত্ৰত পিএইছডি থকাটো বাধ্যতামূলক নহয়।এক টুইটযোগে ইউজিচিয়ে কয় যে সহকাৰী অধ্যাপক হিচাপে নিযুক্তিৰ বাবে নূন্যতম  যোগ্যতা অৰ্জনৰ চৰ্ত হৈছে ১ জুলাই, ২০২৩-ৰ পৰা পিএইছডিক  বৈকল্পিক চৰ্ত হৈ পৰিব।

 যদি কোনোবা নেট/ছেটৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হয়, সংশ্লিষ্ট চাকৰি প্ৰাৰ্থীয়ে পোনপটীয়াকৈ পদটোৰ বাবে আবেদন কৰিব পাৰিব।উল্লেখ্য  ইউজিচিয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিক্ষক আৰু শিক্ষক কৰ্মচাৰীৰ নিযুক্তিৰ বাবে ২০১৮ ৰ নিয়মাৱলী সংশোধন কৰিছে।

 বিশ্ববিদ্যালয় অনুদান আয়োগে কৈছে  যে সংশোধনীসমূহ ১ জুলাইৰ পৰা কাৰ্যকৰী হৈছে।ইউজিচিৰ অধ্যক্ষ এম জগদেশ কুমাৰে কৈছে যে সহকাৰী অধ্যাপক পদৰ বাবে আবেদন কৰাৰ বাবে নূন্যতম যোগ্যতাৰ চৰ্তত পিএইছডি বাধ্যতামূলক নহয়। ইয়াৰ আগতে ২০২১ চনতো ইউজিচিয়ে কৈছিল যে সহকাৰী অধ্যাপকসকলৰ পোনপটীয়া নিযুক্তিৰ বাবে পিএইছডি বাধ্যতামূলক নহয়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান