--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত অধ্যাপক  হিচাবে নিযুক্তি পাবলৈ এতিয়াৰে পৰা বাধ্যতামূলক নহয় পিএইছডি। ইউজিচিয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত সহকাৰী অধ্যাপক পদৰ বাবে আবেদন কৰাৰ চৰ্ত নিৰ্ধাৰণ কৰি দিছে। 

যদি কোনো ব্যক্তিয়ে ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নেট), ৰাজ্যিক যোগ্যতা পৰীক্ষা (ছেট)ত উত্তীৰ্ণ হয়, তেন্তে তেনে ব্যক্তিয়ে সংশ্লিষ্ট পদৰ বাবে আবেদন কৰিব পাৰিব। বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰকাশ কৰা মতে এইক্ষেত্ৰত পিএইছডি থকাটো বাধ্যতামূলক নহয়।এক টুইটযোগে ইউজিচিয়ে কয় যে সহকাৰী অধ্যাপক হিচাপে নিযুক্তিৰ বাবে নূন্যতম  যোগ্যতা অৰ্জনৰ চৰ্ত হৈছে ১ জুলাই, ২০২৩-ৰ পৰা পিএইছডিক  বৈকল্পিক চৰ্ত হৈ পৰিব।

 যদি কোনোবা নেট/ছেটৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হয়, সংশ্লিষ্ট চাকৰি প্ৰাৰ্থীয়ে পোনপটীয়াকৈ পদটোৰ বাবে আবেদন কৰিব পাৰিব।উল্লেখ্য  ইউজিচিয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিক্ষক আৰু শিক্ষক কৰ্মচাৰীৰ নিযুক্তিৰ বাবে ২০১৮ ৰ নিয়মাৱলী সংশোধন কৰিছে।

 বিশ্ববিদ্যালয় অনুদান আয়োগে কৈছে  যে সংশোধনীসমূহ ১ জুলাইৰ পৰা কাৰ্যকৰী হৈছে।ইউজিচিৰ অধ্যক্ষ এম জগদেশ কুমাৰে কৈছে যে সহকাৰী অধ্যাপক পদৰ বাবে আবেদন কৰাৰ বাবে নূন্যতম যোগ্যতাৰ চৰ্তত পিএইছডি বাধ্যতামূলক নহয়। ইয়াৰ আগতে ২০২১ চনতো ইউজিচিয়ে কৈছিল যে সহকাৰী অধ্যাপকসকলৰ পোনপটীয়া নিযুক্তিৰ বাবে পিএইছডি বাধ্যতামূলক নহয়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস