--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ পূৰ্বে প্ৰেমিকৰ সৈতে বাইকেৰে পলায়ন কৰোতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিছে এহাল প্ৰেমিক-প্ৰেমিকা। দুয়োৰে লগতে প্ৰেমিকাৰ সম্পৰ্কীয় ভাতৃৰো মৃত্যু হৈছে।

ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত। দুৰ্ঘটনাটো যোৱা শনিবাৰে সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। প্ৰকাশিত খবৰ মতে প্ৰয়াগৰাজৰ এজন পুৰুষৰ সৈতে ৰাণী নামৰ ২১ বছৰীয়া যুৱতীগৰাকীৰ বিয়াৰ বন্দৱস্ত কৰিছিল পৰিয়ালে। উক্ত বিবাহত সন্মতি নাছিল যুৱতীগৰাকীৰ।

ইয়াৰ পাছতে যুৱতীগৰাকীয়ে এজন সম্পৰ্কীয় ভাতৃৰ সহায়ত বাইকেৰে প্ৰেমিকৰ সৈতে পলায়ন কৰে। পলায়নৰ পথতে উত্তৰ প্ৰদেশৰ জিগনা নামৰ ঠাইত এখন ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষত তেওঁলোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত প্ৰেমিক যুগলৰ সৈতে যুৱতীগৰাকীৰ ভাতৃৰো মৃত্যু হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে মৃত তিনিওগৰাকীৰে বয়স ২১ বছৰ। প্ৰেমিক যুগলৰ পলায়নৰ পৰিকল্পনা প্ৰস্তুত কৰি দিছিল ৰাণীৰ ভিনিহিয়েকে। ৰাণীৰ প্ৰেমিকৰ সৈতে ভাতৃগৰাকীৰ ভাল বন্ধুত্ব আছিল। ভাতৃগৰাকীয়েই প্ৰথমে ৰাণীক নিজৰ ঘৰলৈ লৈ যায় আৰু তাৰ পৰাই তিনিগৰাকীয়ে এখন বাইকতে পলায়ন কৰিছিল। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে তীব্ৰ বেগেৰে পলায়ন কৰোতে নিয়ন্ত্ৰণ হেৰুওৱাই বাইকখনে এখন ট্ৰাকত খুন্দা মৰা ফলতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈ তিনিওৰে থিতাতে মৃত্যু হয়। আৰক্ষীয়ে তিনিওৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতে দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস