--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেক্ষাপটত বিবেক ৰামস্বামী৷  মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি অহা বিবেক ৰামস্বামীক নিউ হামচায়াৰত ৰিপাব্লিকান প্ৰাৰ্থী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে মঞ্চত অংশগ্ৰহণ কৰাৰ সময়ত “ভিপি, ভিপি (উপ ৰাষ্ট্ৰপতি)” ধ্বনিৰে আদৰণি জনায়। ৰামস্বামীয়ে সামৰণি কৰাৰ লগে লগে ট্ৰাম্পে তেওঁক প্ৰশংসা কৰি কয় যে তেওঁ আমাৰ সৈতে বহুদিন কাম কৰিব।

নিউ হামচায়াৰৰ এটকিনছনত অনুষ্ঠিত হোৱা প্ৰচাৰ অনুষ্ঠানত ৰামস্বামীয়ে দৃঢ়তাৰে কয়, "এই মানুহজনেই তেওঁলোকক পুনৰুজ্জীৱিত কৰিবলৈ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ'ব। ই প্লুৰিবাছ উনুম, বহুতৰ পৰা, এজন [আমেৰিকাৰ মূলমন্ত্ৰ]।"

ৰামস্বামীৰ ভাষণৰ পাছত ৰিপাব্লিকান সমৰ্থকসকলে "ভিপি, ভিপি" ধ্বনি দিবলৈ আৰম্ভ কৰে তথা উপ-ৰাষ্ট্ৰপতি পদৰ বাবে তেওঁক সমৰ্থন কৰে।

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, “আচলতে মই আচৰিত হৈছিলো যেতিয়া তেওঁ ফোন কৰিছিল কাৰণ তেওঁ সঁচাকৈয়ে ভাল কাম কৰি আছিল” আৰু কয়, “তেওঁ আমাৰ সৈতে কাম কৰিবলৈ ওলাইছে, আৰু তেওঁ আমাৰ সৈতে বহুদিন কাম কৰিব,”৷

পাছত মঞ্চত ট্ৰাম্পৰ সৈতে তেওঁৰ ভিডিঅ’ শ্বেয়াৰ কৰি ৰামাস্বামীয়ে টুইট কৰি কয় যে, "আমেৰিকা-প্ৰথম। এটা আন্দোলন। অবিভাজ্য।" উল্লেখ্য যে,ড’নাল্ড ট্ৰাম্পে আইঅ’ৱা ককাছত জয়লাভ কৰাৰ পাছত মঙলবাৰে ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা স্থগিত ৰখাৰ ঘোষণা কৰে ৩৮ বছৰীয়া উদ্যোগী ৰামস্বামীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন