--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল-পেলেষ্টাইনৰ যুঁজ চলি থকাৰ সময়তে ইৰাণৰ সেনা ৰিভলিউচনৰী গাৰ্ডছে পাকিস্তানৰ সৰ্ববৃহৎ প্ৰদেশ বেলুচিস্তানত দেশ খনৰ জিহাদী সংগঠন জৈশ আল-আদলৰ শিবিৰত ভংকৰ আক্ৰমণ চলাইছে। তেহৰাণৰ চৰকাৰী সংবাদমাধ্যম আইআৰএনএই  প্ৰকাশ কৰা মতে ইৰাণে আক্ৰমণটোত মিছাইল আৰু ড্ৰোন ব্যৱহাৰ কৰিছে। জানিব পৰা মতে  মঙলবাৰে ইৰাণে  পাকিস্তানস্থিত জৈশ আল-আদলৰ একাধিক ঘাটিত মিছাইল নিক্ষেপ কৰে।

 ইফালে ইছলামাবাদে এনে আক্ৰমণৰ পৰিণাম ভয়াৱহ হ’ব বুলি ইৰাণক সকিয়াই দিছে।  পাকিস্থানে কৈছে যে ইৰাণৰ এনে আক্ৰমণৰ  প্ৰতিশোধ লোৱা হ’ব। তাৎপৰ্যপূৰ্ণভাৱে সোমবাৰে ইৰাণী সেনাই ইৰাক আৰু চিৰিয়াত থকা কুৰ্দি বিদ্ৰোহী আৰু ইজৰাইলৰ গুপ্তচৰ সংস্থা মোচাদৰ কাৰ্যালয়ত আক্ৰমণ কৰিছিল। পাকিস্তানে দাবী কৰিছে  যে ইৰাণৰ মিছাইল আক্ৰমণত দুটি  শিশু নিহত হৈছে।ভাৰতৰ  বৈদেশিক পৰিক্ৰমা দপ্তৰৰ    মন্ত্ৰী এছ জয়শংকৰ দুদিনীয়াসূচীলৈ ইৰাণ ভ্ৰমণ কৰি থকাৰ সময়তে পাকিস্তানৰ মাটিত ইৰাণে আক্ৰমণ চলাইছে।  

জয়শংকৰে তেওঁৰ ভ্ৰমণকালত  ইছলামিক দেশ খনৰ  ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিক  সাক্ষাৎ কৰিছে। খবৰ অনুসৰি দুয়োজনে চাবাহাৰ বন্দৰ আৰু লোহিত সাগৰত হুথি বিদ্ৰোহীৰ  আক্ৰমণৰ বিষয়ে আলোচনা কৰে । 

একাংশ ৰাজনৈতিক  বিশ্লেষকৰ মতে পাকিস্তানত ইৰাণৰ  আক্ৰমণ আৰু জয়শংকৰৰ ইৰাণ  ভ্ৰমণৰ মাজত কোনো সম্পৰ্ক নাই। চুন্নী উগ্ৰপন্থী গোট জৈশ আল-আদলে অতীতত বহুবাৰ ইৰাণী বাহিনীক আক্ৰমণ কৰিছিল।সন্ত্ৰাসবাদী সংগঠনটোৱে ইৰাণৰ সীমান্তৰ ওচৰত একাধিক বোমা বিস্ফোৰণ ঘটোৱাৰ লগতে কেইবাজনো আৰক্ষী বিষয়াক অপহৰণ কৰিছিল।


সংগঠনটোৰ জন্ম ২০১২ চনত হৈছিল। সংগঠনটোৱে  মুখ্যতঃ পাকিস্তানৰ সীমান্ত অঞ্চলত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই গৈছে। তেহৰানে দাবী কৰিছে যে এই বিষয়ে ইছলামাবাদক বাৰে বাৰে অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ  কৰা নাই।ইৰাণে কৈছে  যে এই আক্ৰমণ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক পদক্ষেপহে মাথো। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ