--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল-পেলেষ্টাইনৰ যুঁজ চলি থকাৰ সময়তে ইৰাণৰ সেনা ৰিভলিউচনৰী গাৰ্ডছে পাকিস্তানৰ সৰ্ববৃহৎ প্ৰদেশ বেলুচিস্তানত দেশ খনৰ জিহাদী সংগঠন জৈশ আল-আদলৰ শিবিৰত ভংকৰ আক্ৰমণ চলাইছে। তেহৰাণৰ চৰকাৰী সংবাদমাধ্যম আইআৰএনএই  প্ৰকাশ কৰা মতে ইৰাণে আক্ৰমণটোত মিছাইল আৰু ড্ৰোন ব্যৱহাৰ কৰিছে। জানিব পৰা মতে  মঙলবাৰে ইৰাণে  পাকিস্তানস্থিত জৈশ আল-আদলৰ একাধিক ঘাটিত মিছাইল নিক্ষেপ কৰে।

 ইফালে ইছলামাবাদে এনে আক্ৰমণৰ পৰিণাম ভয়াৱহ হ’ব বুলি ইৰাণক সকিয়াই দিছে।  পাকিস্থানে কৈছে যে ইৰাণৰ এনে আক্ৰমণৰ  প্ৰতিশোধ লোৱা হ’ব। তাৎপৰ্যপূৰ্ণভাৱে সোমবাৰে ইৰাণী সেনাই ইৰাক আৰু চিৰিয়াত থকা কুৰ্দি বিদ্ৰোহী আৰু ইজৰাইলৰ গুপ্তচৰ সংস্থা মোচাদৰ কাৰ্যালয়ত আক্ৰমণ কৰিছিল। পাকিস্তানে দাবী কৰিছে  যে ইৰাণৰ মিছাইল আক্ৰমণত দুটি  শিশু নিহত হৈছে।ভাৰতৰ  বৈদেশিক পৰিক্ৰমা দপ্তৰৰ    মন্ত্ৰী এছ জয়শংকৰ দুদিনীয়াসূচীলৈ ইৰাণ ভ্ৰমণ কৰি থকাৰ সময়তে পাকিস্তানৰ মাটিত ইৰাণে আক্ৰমণ চলাইছে।  

জয়শংকৰে তেওঁৰ ভ্ৰমণকালত  ইছলামিক দেশ খনৰ  ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিক  সাক্ষাৎ কৰিছে। খবৰ অনুসৰি দুয়োজনে চাবাহাৰ বন্দৰ আৰু লোহিত সাগৰত হুথি বিদ্ৰোহীৰ  আক্ৰমণৰ বিষয়ে আলোচনা কৰে । 

একাংশ ৰাজনৈতিক  বিশ্লেষকৰ মতে পাকিস্তানত ইৰাণৰ  আক্ৰমণ আৰু জয়শংকৰৰ ইৰাণ  ভ্ৰমণৰ মাজত কোনো সম্পৰ্ক নাই। চুন্নী উগ্ৰপন্থী গোট জৈশ আল-আদলে অতীতত বহুবাৰ ইৰাণী বাহিনীক আক্ৰমণ কৰিছিল।সন্ত্ৰাসবাদী সংগঠনটোৱে ইৰাণৰ সীমান্তৰ ওচৰত একাধিক বোমা বিস্ফোৰণ ঘটোৱাৰ লগতে কেইবাজনো আৰক্ষী বিষয়াক অপহৰণ কৰিছিল।


সংগঠনটোৰ জন্ম ২০১২ চনত হৈছিল। সংগঠনটোৱে  মুখ্যতঃ পাকিস্তানৰ সীমান্ত অঞ্চলত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই গৈছে। তেহৰানে দাবী কৰিছে যে এই বিষয়ে ইছলামাবাদক বাৰে বাৰে অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ  কৰা নাই।ইৰাণে কৈছে  যে এই আক্ৰমণ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক পদক্ষেপহে মাথো। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন