--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৫ ঘণ্টীয়া ধ্যানৰ অন্ত পৰিল। কন্যাকুমাৰীত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ কৰিলে ৪৫ ঘণ্টীয়া ধ্যান। শনিবাৰে বিয়লি প্ৰায় ৩ বজাত ধ্যান মণ্ডপমৰ পৰা মোদী ওলাই আহে। আজিৰ দিনটোতে সমগ্ৰ দেশতে অনুষ্ঠিত হয় লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ  ভোটগ্ৰহণ। এই দিনটোতে প্ৰধানমন্ত্ৰীয়ে ধ্যানৰ অন্ত পেলালে। উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা মোদীয়ে কন্যাকুমাৰীত ধ্যানত বহিছিল।২০১৯ চনৰ লোকসভা নিৰ্বাচন ৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেও প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথত ধ্যান কৰিছিল। 

২০২৪ চনতো তেওঁ সেই পৰম্পৰা  বজাই ৰাখে। ৭৫ দিন ধৰি  সমগ্ৰ দেশৰ ২০৬ খন নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পিছত মোদীয়ে  বিবেকানন্দ ৰকত  ৪৫ ঘন্টা সময় ধ্যান কৰি  কটায় । স্বামী বিবেকানন্দই ১৩১ বছৰ পূৰ্বে সেই স্থানত  ধ্যান কৰিছিল। প্ৰধানমন্ত্ৰীয়ে  বগা বস্ত্ৰ পৰিধান কৰি  ধ্যান আৰম্ভ কৰিছিল। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬:৪৫ বজাৰ পৰা প্ৰধানমন্ত্ৰীয়ে ধ্যান আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এই ৪৫ ঘন্টা মাত্ৰ তৰল খাদ্যহে গ্ৰহণ কৰিছিল। তেওঁৰ খাদ্যত মূলতঃ  পানী, আঙুৰৰ ৰস আদি  আছিল। 

জানিব পৰা মতে, এই ৪৫ ঘন্টা ধৰি মোদীয়ে কাৰো লগত কথা পতা নাই। তেওঁ এই সময়ছোৱাত মৌনব্ৰত পালন কৰে। শনিবাৰে বিয়লি ৪৫ ঘন্টা ধ্যান সম্পূর্ণ কৰি ধ্যান মণ্ডপমৰ পৰা ওলাই আহে প্রধানমন্ত্রীয়ে৷ ইয়াৰ পিছত তেওঁ তামিল কবি আৰু দাৰ্শনিক থিৰুভাল্লুৱৰৰ বিশাল মূৰ্তিত  মালা পিন্ধায় ।  বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ ধ্যানকলৈ  অহৰহ আক্ৰমণ চলাই আহিছে। মমতা বেনাৰ্জীৰ পৰা আৰম্ভ কৰি তেজস্বী যাদৱলৈকে সকলোৱে এই ধ্যানৰ বিৰুদ্ধে মাত মাতিছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে সকলো সমালোচনাক নুই কৰি ধ্যান সম্পূৰ্ণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement