--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৫ ঘণ্টীয়া ধ্যানৰ অন্ত পৰিল। কন্যাকুমাৰীত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ কৰিলে ৪৫ ঘণ্টীয়া ধ্যান। শনিবাৰে বিয়লি প্ৰায় ৩ বজাত ধ্যান মণ্ডপমৰ পৰা মোদী ওলাই আহে। আজিৰ দিনটোতে সমগ্ৰ দেশতে অনুষ্ঠিত হয় লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ  ভোটগ্ৰহণ। এই দিনটোতে প্ৰধানমন্ত্ৰীয়ে ধ্যানৰ অন্ত পেলালে। উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা মোদীয়ে কন্যাকুমাৰীত ধ্যানত বহিছিল।২০১৯ চনৰ লোকসভা নিৰ্বাচন ৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেও প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথত ধ্যান কৰিছিল। 

২০২৪ চনতো তেওঁ সেই পৰম্পৰা  বজাই ৰাখে। ৭৫ দিন ধৰি  সমগ্ৰ দেশৰ ২০৬ খন নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পিছত মোদীয়ে  বিবেকানন্দ ৰকত  ৪৫ ঘন্টা সময় ধ্যান কৰি  কটায় । স্বামী বিবেকানন্দই ১৩১ বছৰ পূৰ্বে সেই স্থানত  ধ্যান কৰিছিল। প্ৰধানমন্ত্ৰীয়ে  বগা বস্ত্ৰ পৰিধান কৰি  ধ্যান আৰম্ভ কৰিছিল। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬:৪৫ বজাৰ পৰা প্ৰধানমন্ত্ৰীয়ে ধ্যান আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এই ৪৫ ঘন্টা মাত্ৰ তৰল খাদ্যহে গ্ৰহণ কৰিছিল। তেওঁৰ খাদ্যত মূলতঃ  পানী, আঙুৰৰ ৰস আদি  আছিল। 

জানিব পৰা মতে, এই ৪৫ ঘন্টা ধৰি মোদীয়ে কাৰো লগত কথা পতা নাই। তেওঁ এই সময়ছোৱাত মৌনব্ৰত পালন কৰে। শনিবাৰে বিয়লি ৪৫ ঘন্টা ধ্যান সম্পূর্ণ কৰি ধ্যান মণ্ডপমৰ পৰা ওলাই আহে প্রধানমন্ত্রীয়ে৷ ইয়াৰ পিছত তেওঁ তামিল কবি আৰু দাৰ্শনিক থিৰুভাল্লুৱৰৰ বিশাল মূৰ্তিত  মালা পিন্ধায় ।  বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ ধ্যানকলৈ  অহৰহ আক্ৰমণ চলাই আহিছে। মমতা বেনাৰ্জীৰ পৰা আৰম্ভ কৰি তেজস্বী যাদৱলৈকে সকলোৱে এই ধ্যানৰ বিৰুদ্ধে মাত মাতিছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে সকলো সমালোচনাক নুই কৰি ধ্যান সম্পূৰ্ণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু