--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে  লোকসভা নিৰ্বাচন ২০২৪ৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়।  আজি গণতন্ত্ৰৰ উৎসৱত দেশৰ কেইবা খনো ৰাজ্যৰ ভোটাৰে  অংশগ্ৰহণ কৰে। সেই উৎসৱত  হিমাচল প্ৰদেশৰ লাহোল-স্পিটি জিলাৰ এখন গাঁও তাছিগাঁৱৰ এটা ভোটকেন্দ্ৰই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে।   ইয়াতেই আছে  বিশ্বৰ সৰ্বোচ্চ ভোটগ্ৰহণ কেন্দ্ৰটো। সমুদ্ৰপৃষ্ঠৰ পৰা ১৫ হাজাৰ ২৫৬ ফুট উচ্চতাত অৱস্থিত এই কেন্দ্ৰটোত ভোটাৰৰ সংখ্যা মাত্ৰ ৬২ গৰাকী। বৰফেৰে আবৃত এই গাঁওখন ভাৰত-চীন সীমান্তৰ  প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ অতি ওচৰত অৱস্থিত। 

স্পিটি উপত্যকাৰ এই গাঁওখন মাণ্ডি লোকসভা সমষ্টিৰ অন্তৰ্গত। এই সমষ্টিৰ পৰাই  কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপি প্ৰাৰ্থী কংগনা ৰানাৱটে।এই ভোটগ্ৰহণ কেন্দ্ৰটো দেশৰ দ্বিতীয় বৃহত্তম লোকসভা সমষ্টিৰ অন্যতম আকৰ্ষণীয় ভোটগ্ৰহণ কেন্দ্ৰ। ইয়াত আজি বিৰাজ কৰে  উৎসৱমুখৰ পৰিৱেশে। ভোটাৰৰ বাবে দুপৰীয়াৰ আহাৰৰো বিশেষ ব্যৱস্থা কৰা হয় ভোটগ্ৰহণ কেন্দ্ৰটোত। গাঁওবাসীয়ে নিজেই ভোটগ্ৰহণ কেন্দ্ৰটো সজাই পৰাই তোলাত সহায় কৰিছে। যেন ভোট নহয়, এক উৎসৱৰহে প্ৰস্তুতি চলিছিত তাত। 

২০২১ চনত  এই কেন্দ্ৰটোত  প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। তাৰ পিছৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰটোত ১০০ শতাংশ ভোটদান হৈ আহিছে।  এইবাৰো ৩৭ জন পুৰুষ আৰু ২৫ গৰাকী  মহিলা ভোটাৰে এই কেন্দ্ৰটোত ভোটদান কৰে। চীন-ভাৰত সীমান্তৰ ‘স্পৰ্শকাতৰ অঞ্চল’ হিচাপে চিনাক্ত কৰা এই ভোটগ্ৰহণ কেন্দ্ৰটোত ১৬৮ জন আৰক্ষী আৰু অৰ্ধসামৰিক জোৱান নিয়োগ কৰা হয় । মুঠতে এই অঞ্চলটোত ২৯টা ভোটকেন্দ্ৰ আছে। তাৰে তিনিটা আকৌ ‘গোলাপী’। অৰ্থাৎ সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰী-অফিচাৰৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ।লোকসভা নিৰ্বাচনৰ শনিবাৰে সপ্তম অৰ্থাৎ শেষৰ পৰ্যায়ৰ ভোটগ্ৰহণ সমগ্ৰ দেশতে অনুষ্ঠিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু