--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে  লোকসভা নিৰ্বাচন ২০২৪ৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়।  আজি গণতন্ত্ৰৰ উৎসৱত দেশৰ কেইবা খনো ৰাজ্যৰ ভোটাৰে  অংশগ্ৰহণ কৰে। সেই উৎসৱত  হিমাচল প্ৰদেশৰ লাহোল-স্পিটি জিলাৰ এখন গাঁও তাছিগাঁৱৰ এটা ভোটকেন্দ্ৰই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে।   ইয়াতেই আছে  বিশ্বৰ সৰ্বোচ্চ ভোটগ্ৰহণ কেন্দ্ৰটো। সমুদ্ৰপৃষ্ঠৰ পৰা ১৫ হাজাৰ ২৫৬ ফুট উচ্চতাত অৱস্থিত এই কেন্দ্ৰটোত ভোটাৰৰ সংখ্যা মাত্ৰ ৬২ গৰাকী। বৰফেৰে আবৃত এই গাঁওখন ভাৰত-চীন সীমান্তৰ  প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ অতি ওচৰত অৱস্থিত। 

স্পিটি উপত্যকাৰ এই গাঁওখন মাণ্ডি লোকসভা সমষ্টিৰ অন্তৰ্গত। এই সমষ্টিৰ পৰাই  কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপি প্ৰাৰ্থী কংগনা ৰানাৱটে।এই ভোটগ্ৰহণ কেন্দ্ৰটো দেশৰ দ্বিতীয় বৃহত্তম লোকসভা সমষ্টিৰ অন্যতম আকৰ্ষণীয় ভোটগ্ৰহণ কেন্দ্ৰ। ইয়াত আজি বিৰাজ কৰে  উৎসৱমুখৰ পৰিৱেশে। ভোটাৰৰ বাবে দুপৰীয়াৰ আহাৰৰো বিশেষ ব্যৱস্থা কৰা হয় ভোটগ্ৰহণ কেন্দ্ৰটোত। গাঁওবাসীয়ে নিজেই ভোটগ্ৰহণ কেন্দ্ৰটো সজাই পৰাই তোলাত সহায় কৰিছে। যেন ভোট নহয়, এক উৎসৱৰহে প্ৰস্তুতি চলিছিত তাত। 

২০২১ চনত  এই কেন্দ্ৰটোত  প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। তাৰ পিছৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰটোত ১০০ শতাংশ ভোটদান হৈ আহিছে।  এইবাৰো ৩৭ জন পুৰুষ আৰু ২৫ গৰাকী  মহিলা ভোটাৰে এই কেন্দ্ৰটোত ভোটদান কৰে। চীন-ভাৰত সীমান্তৰ ‘স্পৰ্শকাতৰ অঞ্চল’ হিচাপে চিনাক্ত কৰা এই ভোটগ্ৰহণ কেন্দ্ৰটোত ১৬৮ জন আৰক্ষী আৰু অৰ্ধসামৰিক জোৱান নিয়োগ কৰা হয় । মুঠতে এই অঞ্চলটোত ২৯টা ভোটকেন্দ্ৰ আছে। তাৰে তিনিটা আকৌ ‘গোলাপী’। অৰ্থাৎ সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰী-অফিচাৰৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ।লোকসভা নিৰ্বাচনৰ শনিবাৰে সপ্তম অৰ্থাৎ শেষৰ পৰ্যায়ৰ ভোটগ্ৰহণ সমগ্ৰ দেশতে অনুষ্ঠিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ