--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ সংখ্যক  লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতে কেইবাটাও প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এক্সিট পল। প্ৰায় প্ৰতিটো এক্সিট পলতেই বিজেপি নেতৃত্বাধীন এনডিএই পুনৰ চৰকাৰ গঠন কৰিব বুলি নিশ্চিতভাবে কোৱা হৈছে। দেশৰ ৫৪৩টা লোকসভা সমষ্টিৰ ভাগ্য  ৭টা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনে নিৰ্ধাৰণ কৰিব। এতিয়া এপেক্ষা মাথো  ভোট গণনা কৰাৰ দিনটোলৈ ? কিন্তু ভোটগনণাৰ পূৰ্বে প্ৰকাশিত এক্সিট পলত নিৰ্বাচনী ফলাফলৰ এক ছবি ফুটি উঠিছে। আহক চাওঁ এক্সিট পলে কি কয় -


সন্ধিয়া ৭.১০ বজাতঃ এক্সিছ মাই ইণ্ডিয়াৰ সমীক্ষা অনুসৰি নীতিশ কুমাৰৰ বিহাৰত এন ডি এই ২৯-৩৩খন আসন লাভ কৰিব পাৰে। ইণ্ডিয়া এলায়েন্সে লাভ কৰিব পাৰে ৭-১০খন আসন।
সন্ধিয়া ৭.০৫ বজাত: টিভি নাইন প’লছ ট্ৰেকে কয় যে এন ডিয়ে ভাৰতৰ তেলেংগানাত ৭খন আসন পাব পাৰে ৮খন আৰু আনসকলে ২খন আসন পাব পাৰে।
সন্ধিয়া ৭ বজাতঃ মেট্ৰিজৰ সমীক্ষাত কোৱা হৈছে যে উত্তৰ প্ৰদেশৰ ৮০খন আসনৰ ভিতৰত ৬৯-৭৪খন আসন বিজেপি নেতৃত্বাধীন এন ডি এলৈ যাব। ইণ্ডিয়া এলায়েন্সে ৬ৰ পৰা ১১খন আসন লাভ কৰিব পাৰে। যোৱাবাৰ ৬৪খন আসনত জয়লাভ কৰিছিল এন ডি এই। কিন্তু এইবাৰৰ  সমীক্ষা অনুসৰি যোগীৰাজ্যত বিজেপি মিত্ৰজোঁটে ভাল ফল দেখুৱাব পাৰে।
সন্ধিয়া ৬.৪৮ বজাতঃ কেৰালাত বিজেপিয়ে একাউণ্ট খুলিব পাৰে। দক্ষিণৰ ৰাজ্যখনত ২-৩ খন আসন পাব পাৰে। কংগ্ৰেছে পাব পাৰে ১৭-১৮খন আসন। বাওঁদলে ০-১ খন আসন পাব পাৰে।
সন্ধিয়া ৬:৪৫ বজাতঃ এক্সিছ-মাই ইণ্ডিয়া জৰীপৰ মতে  কৰ্ণাটকত বিজেপিয়ে ২০-২২ খন আসন পোৱাৰ সম্ভাৱনা কংগ্ৰেছে পাব পাৰে ৩-৫ খন আসন।

সন্ধিয়া ৬.৪০ বজাত: ৰিপাব্লিক-মেট্ৰিক্সৰ সমীক্ষাত এন ডি আগবাঢ়ি আছে। সমীক্ষা অনুসৰি এন ডি এই লাভ কৰিব পাৰে ৩৫৩-৩৬৩খন আসন। ইণ্ডিয়া এলায়েন্সে লাভ কৰিব পাৰে ১১৮-১৩৩খন আসন। আন দলে হয়তো ৪৩-৪৮খন আসন পাব।
সন্ধিয়া ৬.৩৫ বজাতঃ ৰিপাব্লিক পি মাৰ্কৰ সমীক্ষাত এন ডি এয়ে ৩৫৯খন আসন পোৱাৰ সম্ভাৱনা। ইণ্ডিয়া মিত্ৰজোঁটে  পাব পাৰে ১৫৪খন আসন। আন দলে  পাব পাৰে ৩০খন আসন।


সন্ধিয়া ৫.৪৫ বজাতঃ লোকসভা নিৰ্বাচনত ২৯৫ খনতকৈও অধিক আসনেৰে ক্ষমতালৈ আহিব ইণ্ডিয়া এলায়েন্স। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কৰিছে এই  দাবী। কংগ্ৰেছৰ সভাপতিৰ দাবী যে বিজেপি মিত্ৰজোঁটে সৰ্বাধিক ২৩৫খন আসন লাভ কৰিব পাৰে।
সন্ধিয়া ৫.৩০ বজাত: ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পিছত কংগ্ৰেছে সিদ্ধান্ত সলনি কৰিলে। এগজিট প’লৰ বিতৰ্কত অংশগ্ৰহণ কৰিব ইণ্ডিয়া মিত্ৰজোঁটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক