--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ সংখ্যক  লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতে কেইবাটাও প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এক্সিট পল। প্ৰায় প্ৰতিটো এক্সিট পলতেই বিজেপি নেতৃত্বাধীন এনডিএই পুনৰ চৰকাৰ গঠন কৰিব বুলি নিশ্চিতভাবে কোৱা হৈছে। দেশৰ ৫৪৩টা লোকসভা সমষ্টিৰ ভাগ্য  ৭টা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনে নিৰ্ধাৰণ কৰিব। এতিয়া এপেক্ষা মাথো  ভোট গণনা কৰাৰ দিনটোলৈ ? কিন্তু ভোটগনণাৰ পূৰ্বে প্ৰকাশিত এক্সিট পলত নিৰ্বাচনী ফলাফলৰ এক ছবি ফুটি উঠিছে। আহক চাওঁ এক্সিট পলে কি কয় -


সন্ধিয়া ৭.১০ বজাতঃ এক্সিছ মাই ইণ্ডিয়াৰ সমীক্ষা অনুসৰি নীতিশ কুমাৰৰ বিহাৰত এন ডি এই ২৯-৩৩খন আসন লাভ কৰিব পাৰে। ইণ্ডিয়া এলায়েন্সে লাভ কৰিব পাৰে ৭-১০খন আসন।
সন্ধিয়া ৭.০৫ বজাত: টিভি নাইন প’লছ ট্ৰেকে কয় যে এন ডিয়ে ভাৰতৰ তেলেংগানাত ৭খন আসন পাব পাৰে ৮খন আৰু আনসকলে ২খন আসন পাব পাৰে।
সন্ধিয়া ৭ বজাতঃ মেট্ৰিজৰ সমীক্ষাত কোৱা হৈছে যে উত্তৰ প্ৰদেশৰ ৮০খন আসনৰ ভিতৰত ৬৯-৭৪খন আসন বিজেপি নেতৃত্বাধীন এন ডি এলৈ যাব। ইণ্ডিয়া এলায়েন্সে ৬ৰ পৰা ১১খন আসন লাভ কৰিব পাৰে। যোৱাবাৰ ৬৪খন আসনত জয়লাভ কৰিছিল এন ডি এই। কিন্তু এইবাৰৰ  সমীক্ষা অনুসৰি যোগীৰাজ্যত বিজেপি মিত্ৰজোঁটে ভাল ফল দেখুৱাব পাৰে।
সন্ধিয়া ৬.৪৮ বজাতঃ কেৰালাত বিজেপিয়ে একাউণ্ট খুলিব পাৰে। দক্ষিণৰ ৰাজ্যখনত ২-৩ খন আসন পাব পাৰে। কংগ্ৰেছে পাব পাৰে ১৭-১৮খন আসন। বাওঁদলে ০-১ খন আসন পাব পাৰে।
সন্ধিয়া ৬:৪৫ বজাতঃ এক্সিছ-মাই ইণ্ডিয়া জৰীপৰ মতে  কৰ্ণাটকত বিজেপিয়ে ২০-২২ খন আসন পোৱাৰ সম্ভাৱনা কংগ্ৰেছে পাব পাৰে ৩-৫ খন আসন।

সন্ধিয়া ৬.৪০ বজাত: ৰিপাব্লিক-মেট্ৰিক্সৰ সমীক্ষাত এন ডি আগবাঢ়ি আছে। সমীক্ষা অনুসৰি এন ডি এই লাভ কৰিব পাৰে ৩৫৩-৩৬৩খন আসন। ইণ্ডিয়া এলায়েন্সে লাভ কৰিব পাৰে ১১৮-১৩৩খন আসন। আন দলে হয়তো ৪৩-৪৮খন আসন পাব।
সন্ধিয়া ৬.৩৫ বজাতঃ ৰিপাব্লিক পি মাৰ্কৰ সমীক্ষাত এন ডি এয়ে ৩৫৯খন আসন পোৱাৰ সম্ভাৱনা। ইণ্ডিয়া মিত্ৰজোঁটে  পাব পাৰে ১৫৪খন আসন। আন দলে  পাব পাৰে ৩০খন আসন।


সন্ধিয়া ৫.৪৫ বজাতঃ লোকসভা নিৰ্বাচনত ২৯৫ খনতকৈও অধিক আসনেৰে ক্ষমতালৈ আহিব ইণ্ডিয়া এলায়েন্স। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কৰিছে এই  দাবী। কংগ্ৰেছৰ সভাপতিৰ দাবী যে বিজেপি মিত্ৰজোঁটে সৰ্বাধিক ২৩৫খন আসন লাভ কৰিব পাৰে।
সন্ধিয়া ৫.৩০ বজাত: ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পিছত কংগ্ৰেছে সিদ্ধান্ত সলনি কৰিলে। এগজিট প’লৰ বিতৰ্কত অংশগ্ৰহণ কৰিব ইণ্ডিয়া মিত্ৰজোঁটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement