--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰনাথ দত্ত অৰ্থাৎ স্বামী বিবেকানন্দই ১৩১ বছৰ পূৰ্বে য’ত  ধ্যান কৰিছিল, সেই স্থানতেই  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এতিয়া ধ্যানত বহিছে।  কন্যাকুমাৰীৰ বিবেকানন্দ মেম’ৰিয়েল ৰকত  ধ্যানমগ্ন মোদী । সেই ঐতিহাসিক স্থানত প্ৰায় ৪৫ ঘন্টা ধৰি ধ্যান কৰিব  মোদীয়ে। এই স্থান ধ্যান মণ্ডপম নামেৰে বিশ্বত জনাজাত । বৃহস্পতিবাৰে থিৰুৱানন্তপুৰমৰ ভগৱতী আম্মান মন্দিৰত পূজা কৰাৰ পাছত ধ্যান আৰম্ভ  কৰে প্ৰধানমন্ত্ৰীয়ে।জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া ৬:৪৫ মান বজাত তেওঁ ধ্যান আৰম্ভ কৰিছিল। 

৪৫ ঘণ্টা তেওঁ  ধ্যান কৰি থাকিব। এই ৪৫ ঘণ্টাত প্ৰধানমন্ত্ৰীয়ে কেৱল তৰল খাদ্যহে খাব। তেওঁৰ খাদ্যত মূলতঃ  পানী, আঙুৰৰ ৰস  আদি তৰল খাদ্য আছে। জানিব পৰা মতে, এই ৪৫ ঘন্টাত মোদীয়ে কাৰো সৈতে কথা নাপাতে। অৰ্থাৎ তেওঁ এই সময়ছোৱাত মৌনব্ৰত পালন কৰিছে। আনকি, তেওঁ সেই ধ্যান কৰা স্থানৰ পৰাও ওলাই নাহে। তাৎপৰ্যপূৰ্ণভাৱে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত   কেদাৰনাথত যেতিয়া মোদীয়ে ধ্যান কৰিছিল তেতিয়া ধ্যানৰ   ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছিল।  এইবাৰ প্ৰধানমন্ত্ৰীয়ে ধ্যানত  বহাৰ প্ৰায় ১২ ঘণ্টাৰ পিছত ছবি আৰু ভিডিঅ’ প্ৰকাশ কৰা হৈছে।

এটা ভিডিঅ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিৰ সন্মুখত ধ্যান কৰি থকা দেখা গৈছে। প্ৰধানমন্ত্ৰীৰ হাতত আছে ৰুদ্ৰাক্ষৰ মালা। ইতিমধ্যে মোদীৰ ধ্যানকলৈ বিৰোধীয়ে আপত্তি কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে  সুধিছিল, কোনোবাই কেমেৰা লৈ ধ্যান কৰে নে? মোদীক ধ্যান কৰিবলৈ নিদিবলৈ কংগ্ৰেছ, ডি এম কেৰ দৰে দলেও নিৰ্বাচন আয়োগৰ কাষ চাপিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু