--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰনাথ দত্ত অৰ্থাৎ স্বামী বিবেকানন্দই ১৩১ বছৰ পূৰ্বে য’ত  ধ্যান কৰিছিল, সেই স্থানতেই  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এতিয়া ধ্যানত বহিছে।  কন্যাকুমাৰীৰ বিবেকানন্দ মেম’ৰিয়েল ৰকত  ধ্যানমগ্ন মোদী । সেই ঐতিহাসিক স্থানত প্ৰায় ৪৫ ঘন্টা ধৰি ধ্যান কৰিব  মোদীয়ে। এই স্থান ধ্যান মণ্ডপম নামেৰে বিশ্বত জনাজাত । বৃহস্পতিবাৰে থিৰুৱানন্তপুৰমৰ ভগৱতী আম্মান মন্দিৰত পূজা কৰাৰ পাছত ধ্যান আৰম্ভ  কৰে প্ৰধানমন্ত্ৰীয়ে।জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া ৬:৪৫ মান বজাত তেওঁ ধ্যান আৰম্ভ কৰিছিল। 

৪৫ ঘণ্টা তেওঁ  ধ্যান কৰি থাকিব। এই ৪৫ ঘণ্টাত প্ৰধানমন্ত্ৰীয়ে কেৱল তৰল খাদ্যহে খাব। তেওঁৰ খাদ্যত মূলতঃ  পানী, আঙুৰৰ ৰস  আদি তৰল খাদ্য আছে। জানিব পৰা মতে, এই ৪৫ ঘন্টাত মোদীয়ে কাৰো সৈতে কথা নাপাতে। অৰ্থাৎ তেওঁ এই সময়ছোৱাত মৌনব্ৰত পালন কৰিছে। আনকি, তেওঁ সেই ধ্যান কৰা স্থানৰ পৰাও ওলাই নাহে। তাৎপৰ্যপূৰ্ণভাৱে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত   কেদাৰনাথত যেতিয়া মোদীয়ে ধ্যান কৰিছিল তেতিয়া ধ্যানৰ   ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছিল।  এইবাৰ প্ৰধানমন্ত্ৰীয়ে ধ্যানত  বহাৰ প্ৰায় ১২ ঘণ্টাৰ পিছত ছবি আৰু ভিডিঅ’ প্ৰকাশ কৰা হৈছে।

এটা ভিডিঅ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিৰ সন্মুখত ধ্যান কৰি থকা দেখা গৈছে। প্ৰধানমন্ত্ৰীৰ হাতত আছে ৰুদ্ৰাক্ষৰ মালা। ইতিমধ্যে মোদীৰ ধ্যানকলৈ বিৰোধীয়ে আপত্তি কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে  সুধিছিল, কোনোবাই কেমেৰা লৈ ধ্যান কৰে নে? মোদীক ধ্যান কৰিবলৈ নিদিবলৈ কংগ্ৰেছ, ডি এম কেৰ দৰে দলেও নিৰ্বাচন আয়োগৰ কাষ চাপিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ