--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্ষণ, যৌন নিৰ্যাতন, অশ্লীল ভিডিঅ’ নিৰ্মাণ আদিৰ গোচৰত অভিযুক্ত  প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্বল ৰেভান্না অৱশেষত  আৰক্ষীৰ জালত পৰিল। বৃহস্পতিবাৰে গভীৰ নিশা জাৰ্মানীৰ পৰা উভতি অহাৰ পিছতে প্ৰজ্জ্বল ৰেভান্নাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ঘৰলৈ উভতি অহাৰ পিছতে  কৰ্ণাটক আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লয়।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে মাজনিশা জাৰ্মানীৰ পৰা ঘৰলৈ উভতি আহিছিল প্ৰজ্জ্বল ৰেভান্না। তেওঁ উভতি অহাৰ লগে লগে কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰক্ষীয়ে তেওঁক  গ্ৰেপ্তাৰ কৰে। শেহতীয়াকৈ জাৰ্মানীৰ পৰা দিয়া ভিডিঅ’ বাৰ্তাত  প্ৰজ্জ্বলে দাবী কৰিছে যে তেওঁ ৩০ মে’ৰ মাজনিশা ঘৰলৈ উভতি আহিব। ৩১ মে’ৰ পুৱা ১০ বজাত তেওঁ আত্মসমৰ্পণ কৰিব বুলিও কৈছিল। কিন্তু সেই সুযোগ নাপালে জেডিএছ নেতাজনে। তাৰ পূৰ্বেই  মাজনিশা বিমানবন্দৰৰ পৰা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পূৰ্বে প্ৰজ্জ্বলে দুবাৰকৈ ঘৰলৈ উভতি আহিবলৈ  টিকট  কাটিও পিছত বাতিল কৰিছিল।  গতিকে তেওঁ  ঘৰলৈ উভতি আহিব নে নাই তাকেলৈ আৰক্ষীৰ সন্দেহ হৈছিল।  বাংগালুৰু আৰক্ষীয়ে কেম্পেগৌডা বিমানবন্দৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল। অৱশেষত কৰ্ণাটক আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে তেওঁক গ্ৰেপ্তাৰ কৰে। প্ৰজ্জ্বলে বাৰে বাৰে দাবী কৰি আহিছে যে তেওঁ এক ষড়যন্ত্ৰৰ বলি হৈছে। 

মন কৰিবলগীয়া যে  প্ৰজ্জ্বলৰ কেইবাটাও অশ্লীল ভিডিঅ’ এতিয়া বিয়পি পৰিছে। অভিযোগ উত্থাপন হৈছে যে প্ৰজ্জ্বল ৰেভান্নাই একেৰাহে তিনি বছৰ ধৰি নিজৰ ঘৰত কাম কৰা মহিলা আৰু একাংশ মহিলা চৰকাৰী কমৰ্চাৰীক  যৌন নিৰ্যাতন চলাইছিল। তদন্ত আৰম্ভ হোৱাৰ লগে লগে তেওঁ জাৰ্মানীলৈ পলায়ন কৰিছিল। কৰ্ণাটকৰ সিদ্দাৰমাইয়া চৰকাৰে প্ৰজ্জ্বলক ঘৰলৈ ঘূৰাই অনাৰ বাবে  উদ্যোগ লৈছিল। কেন্দ্ৰই ব্লু কৰ্ণাৰ জাননীও জাৰি কৰিছিল। পৰিস্থিতি প্ৰতিকূল বুলি উপলব্ধি কৰি প্ৰজ্জ্বল অৱশেষত দেশলৈ উভতি আহিছে। ইপিনে একাধিক মহিলাক যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগত অভিযুক্ত নিলম্বিত জেডি(এছ) সাংসদ প্ৰজ্জ্বল ৰেভান্নাক বাংগালুৰুৰ আদালতে ৬ দিনৰ বাবে এছআইটিৰ  জিম্মালৈ প্ৰেৰণ কৰে। ৬ জুনলৈকে প্ৰজ্জ্বল ৰেভান্না এছ আই টিৰ জিম্মাত থাকিব। এছ আই টিয়ে সোধা-পোছাৰ বাবে প্ৰজ্জ্বল ৰেভান্নাক ১৪ দিনৰ জিম্মাত বিচাৰিছিল । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু