--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্ষণ, যৌন নিৰ্যাতন, অশ্লীল ভিডিঅ’ নিৰ্মাণ আদিৰ গোচৰত অভিযুক্ত  প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্বল ৰেভান্না অৱশেষত  আৰক্ষীৰ জালত পৰিল। বৃহস্পতিবাৰে গভীৰ নিশা জাৰ্মানীৰ পৰা উভতি অহাৰ পিছতে প্ৰজ্জ্বল ৰেভান্নাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ঘৰলৈ উভতি অহাৰ পিছতে  কৰ্ণাটক আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লয়।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে মাজনিশা জাৰ্মানীৰ পৰা ঘৰলৈ উভতি আহিছিল প্ৰজ্জ্বল ৰেভান্না। তেওঁ উভতি অহাৰ লগে লগে কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰক্ষীয়ে তেওঁক  গ্ৰেপ্তাৰ কৰে। শেহতীয়াকৈ জাৰ্মানীৰ পৰা দিয়া ভিডিঅ’ বাৰ্তাত  প্ৰজ্জ্বলে দাবী কৰিছে যে তেওঁ ৩০ মে’ৰ মাজনিশা ঘৰলৈ উভতি আহিব। ৩১ মে’ৰ পুৱা ১০ বজাত তেওঁ আত্মসমৰ্পণ কৰিব বুলিও কৈছিল। কিন্তু সেই সুযোগ নাপালে জেডিএছ নেতাজনে। তাৰ পূৰ্বেই  মাজনিশা বিমানবন্দৰৰ পৰা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পূৰ্বে প্ৰজ্জ্বলে দুবাৰকৈ ঘৰলৈ উভতি আহিবলৈ  টিকট  কাটিও পিছত বাতিল কৰিছিল।  গতিকে তেওঁ  ঘৰলৈ উভতি আহিব নে নাই তাকেলৈ আৰক্ষীৰ সন্দেহ হৈছিল।  বাংগালুৰু আৰক্ষীয়ে কেম্পেগৌডা বিমানবন্দৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল। অৱশেষত কৰ্ণাটক আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে তেওঁক গ্ৰেপ্তাৰ কৰে। প্ৰজ্জ্বলে বাৰে বাৰে দাবী কৰি আহিছে যে তেওঁ এক ষড়যন্ত্ৰৰ বলি হৈছে। 

মন কৰিবলগীয়া যে  প্ৰজ্জ্বলৰ কেইবাটাও অশ্লীল ভিডিঅ’ এতিয়া বিয়পি পৰিছে। অভিযোগ উত্থাপন হৈছে যে প্ৰজ্জ্বল ৰেভান্নাই একেৰাহে তিনি বছৰ ধৰি নিজৰ ঘৰত কাম কৰা মহিলা আৰু একাংশ মহিলা চৰকাৰী কমৰ্চাৰীক  যৌন নিৰ্যাতন চলাইছিল। তদন্ত আৰম্ভ হোৱাৰ লগে লগে তেওঁ জাৰ্মানীলৈ পলায়ন কৰিছিল। কৰ্ণাটকৰ সিদ্দাৰমাইয়া চৰকাৰে প্ৰজ্জ্বলক ঘৰলৈ ঘূৰাই অনাৰ বাবে  উদ্যোগ লৈছিল। কেন্দ্ৰই ব্লু কৰ্ণাৰ জাননীও জাৰি কৰিছিল। পৰিস্থিতি প্ৰতিকূল বুলি উপলব্ধি কৰি প্ৰজ্জ্বল অৱশেষত দেশলৈ উভতি আহিছে। ইপিনে একাধিক মহিলাক যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগত অভিযুক্ত নিলম্বিত জেডি(এছ) সাংসদ প্ৰজ্জ্বল ৰেভান্নাক বাংগালুৰুৰ আদালতে ৬ দিনৰ বাবে এছআইটিৰ  জিম্মালৈ প্ৰেৰণ কৰে। ৬ জুনলৈকে প্ৰজ্জ্বল ৰেভান্না এছ আই টিৰ জিম্মাত থাকিব। এছ আই টিয়ে সোধা-পোছাৰ বাবে প্ৰজ্জ্বল ৰেভান্নাক ১৪ দিনৰ জিম্মাত বিচাৰিছিল । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ