--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এয়াৰ হোষ্টেছগৰাকীয়ে নিজৰ মলদ্বাৰত লুকুৱাই আনিছিল  প্ৰায় ১ কিলোগ্ৰাম  সোণ! অবৈধ সোণ খিনি এনেদৰে সৰবৰাহ কৰি থকা অৱস্থাতে ধৰা পৰে এগৰাকী বিমান সেৱিকাগৰাকী। জানিব পৰা মতে বিমান কৰ্মীগৰাকীয়ে গুহ্যদ্বাৰত এনেদৰে সোণ লুকুৱাই সৰবৰাহ কৰিবলৈ চেষ্টা কৰিঠিল। কিন্তু তেও  ধৰা পৰে। জানিব পৰা মতে এয়াৰ হোষ্টেছগৰাকী কলকাতাৰ বাসিন্দা।

খবৰ  অনুসৰি চোৰাংচোৱাৰ হাতত মাস্কাটৰ পৰা কেৰালালৈ সোণ সৰবৰাহৰ তথ্য আছিল। সেই তথ্যৰ ভিত্তিত  সুৰভী খাতুন নামৰ  বিমান পৰিচাৰিকাগৰাকীক  গ্ৰেপ্তাৰ কৰা হয়।  ৰাজহ বিভাগৰ বিষয়াসকলে তেওঁক জেৰা কৰে। পিছত সুৰভীয়ে নিজেই মলদ্বাৰত লুকুৱাই ৰখা  সোণখিনি উলিয়াই আনে। কলকাতাৰ বাসিন্দা বিমান পৰিচাৰিকাগৰাকীৰ মলদ্বাৰত লুকুৱাই ৰাখিছিল ৯৬০ গ্ৰাম সোণ। সুৰভীয়ে কেৰালাৰ কান্নুৰলৈ সোণ সৰবৰাহ কৰিবলৈ চেষ্টা চলাইছিল।তেওঁক ১৪ দিনৰ বাবে  কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। সোণৰ সৈতে তেওঁ কেনেকৈ বিমানত উঠিছিল, ক’ত তেওঁ সোণ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল - সকলো তথ্য জানিবলৈ আৰক্ষীয়ে তদন্ত কৰি আছে।

সূত্ৰ অনুসৰি বিমান কৰ্মীয়ে মলদ্বাৰত লুকুৱাই থোৱা সোণ সৰবৰাহ কৰি আছে - দেশত এনে ঘটনা সংঘটিত হৈছে প্ৰথম। কিন্তু তদন্তত পোহৰলৈ আহিছে যে সুৰভীয়ে ইয়াৰ পূৰ্বেও কেইবাবাৰো সোণ সৰবৰাহৰ চেষ্টা কৰিছিল। আগতে তেওঁ কেৰালাত সোণৰ চোৰাং ব্যৱসায় কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ