--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশজুৰি খলকনি তোলা পেগাছাছ চোৰাংচোৱাগিৰি কাণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিছে। বুধবাৰে এই সন্দৰ্ভত নিজৰ ৰায় প্ৰকাশ কৰি সৰ্বোচ্চ ন্যায়ালয়ে কোনো লোকৰ ওপৰতে বিবেকহীন নজৰদাৰী গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে। এই কাণ্ডৰ তদন্ত এখন বিশেষজ্ঞ কমিটীয়ে কৰিব বুল প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ হিমা কোহলীৰ এখন বিচাৰপীঠে এই সম্পৰ্কত ৰায়দান কৰে।

তদুপৰি উচ্চতম ন্যায়ালয়ক অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰ ভি ৰবীন্দ্ৰনৰ নেতৃত্বত এখন বিশেষজ্ঞ কমিটী গঠন কৰা হৈছে এই বিষয়টোৰ তদন্ত কৰাj বাবে। এই কমিটীৰ আন দুগৰাকী সদস্য হৈছে আলোক যোশী আৰু সন্দীপ অবেৰয়। এই বিশেষজ্ঞ কমিটীত ছাইবাৰ ছিকিউৰিটী বিশেষজ্ঞ, ফৰেনচিক বিশেষজ্ঞ, আই টি আৰু টেকনিকেল বিশেষজ্ঞ অন্তৰ্ভুক্ত হৈ থাকিব।


এই ৰায়ত ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক সমালোচনা কৰে। এই গোচৰটোত কেন্দ্ৰীয় চৰকাৰৰ কোনো স্পষ্ট স্থিতি নাছিল বুলি প্ৰকাশ কৰে ন্যায়ালয়ে। ন্যায়ালয়ে লগতে কয়, গোপনীয়তাৰ অধিকাৰ উলংঘা হোৱা ঘটনাৰ তদন্ত কৰা উচিত। বিচাৰপীঠখনে বিশেষজ্ঞ কমিটীখনক ৮সপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে পেগাছাছ ছফ্টৱেৰ ব্যৱহাৰ কৰি দেশৰ একাংশ বিৰোধী দলৰ নেতা, সাংবাদিককে ধৰি ভালেমান লোকৰ ওপৰত অবৈধ নজৰদাৰি কৰিছিল বুলি প্ৰকাশ কৰিছে। দেশৰ আগশাৰীৰ নিৰ্বাচনী কৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰৰ দৰে লোকৰ লগতে একাংশ বিজেপি নেতাৰ ওপৰতো নজৰদাৰি চলিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ