--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশজুৰি খলকনি তোলা পেগাছাছ চোৰাংচোৱাগিৰি কাণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিছে। বুধবাৰে এই সন্দৰ্ভত নিজৰ ৰায় প্ৰকাশ কৰি সৰ্বোচ্চ ন্যায়ালয়ে কোনো লোকৰ ওপৰতে বিবেকহীন নজৰদাৰী গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে। এই কাণ্ডৰ তদন্ত এখন বিশেষজ্ঞ কমিটীয়ে কৰিব বুল প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ হিমা কোহলীৰ এখন বিচাৰপীঠে এই সম্পৰ্কত ৰায়দান কৰে।

তদুপৰি উচ্চতম ন্যায়ালয়ক অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰ ভি ৰবীন্দ্ৰনৰ নেতৃত্বত এখন বিশেষজ্ঞ কমিটী গঠন কৰা হৈছে এই বিষয়টোৰ তদন্ত কৰাj বাবে। এই কমিটীৰ আন দুগৰাকী সদস্য হৈছে আলোক যোশী আৰু সন্দীপ অবেৰয়। এই বিশেষজ্ঞ কমিটীত ছাইবাৰ ছিকিউৰিটী বিশেষজ্ঞ, ফৰেনচিক বিশেষজ্ঞ, আই টি আৰু টেকনিকেল বিশেষজ্ঞ অন্তৰ্ভুক্ত হৈ থাকিব।


এই ৰায়ত ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক সমালোচনা কৰে। এই গোচৰটোত কেন্দ্ৰীয় চৰকাৰৰ কোনো স্পষ্ট স্থিতি নাছিল বুলি প্ৰকাশ কৰে ন্যায়ালয়ে। ন্যায়ালয়ে লগতে কয়, গোপনীয়তাৰ অধিকাৰ উলংঘা হোৱা ঘটনাৰ তদন্ত কৰা উচিত। বিচাৰপীঠখনে বিশেষজ্ঞ কমিটীখনক ৮সপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে পেগাছাছ ছফ্টৱেৰ ব্যৱহাৰ কৰি দেশৰ একাংশ বিৰোধী দলৰ নেতা, সাংবাদিককে ধৰি ভালেমান লোকৰ ওপৰত অবৈধ নজৰদাৰি কৰিছিল বুলি প্ৰকাশ কৰিছে। দেশৰ আগশাৰীৰ নিৰ্বাচনী কৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰৰ দৰে লোকৰ লগতে একাংশ বিজেপি নেতাৰ ওপৰতো নজৰদাৰি চলিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু