--°C
Loading...
Listen to Article
2 min read
80%

শিৱসাগৰ : উপ-নিৰ্বাচনৰ বতাহে বাৰুকৈ কোবাইছে থাওৰা বিধানসভা সমষ্টি৷ উপ-নিৰ্বাচনৰ প্ৰচাৰ শেষ হোৱা পাছতে আৰম্ভ হয় নিৰ্বাচনী হিংসা৷ সমষ্টিটোৰ অন্তৰ্গত বকতা অঞ্চলত বৃহস্পতিবাৰে 'ৰাইজৰ দল'ৰ কৰ্মীৰ ওপৰত বিজেপি কৰ্মীৰ আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে৷


জানিব পৰা মতে, বিজেপিৰ কৰ্মী ৰঞ্জিত তিখৰিয়ালৰ লাঠিৰ কোবত গুৰুতৰভাৱে আহত ৰাইজৰ দলৰ সদস্য সঞ্জীৱ খঙীয়া। বকতা নেমুগুৰি পঞ্চায়তৰ চুতীয়া কাটনীত এই ঘটনা সংঘটিত হয়৷ ৰাইজৰ দলৰ সদস্য সঞ্জীৱ খঙীয়াক ঘৰলৈ আহি থকা অৱস্থাত বিজেপি দলৰ সদস্য ৰঞ্জিত তিখৰীয়ালে ৰখাই মাৰপিট কৰাত আঘাতপ্ৰাপ্ত ৰাইজৰ দলৰ কৰ্মীজন৷ ইতিমধ্যে ঘটনা সম্পৰ্কত ৰাইজৰ দলৰ কৰ্মী সঞ্জীৱ খঙীয়াই বকতা নেমুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷


ইফালে, বকতা থানাৰ অন্তৰ্গত ঢেকেৰীছিগাত ৰাইজৰ দলৰ কৰ্মীৰ বিৰুদ্ধে সুৰা আৰু ধন বিতৰণৰ অভিযোগ উঠিছে৷ সন্তোষ মৰাণ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে ধন আৰু সুৰা বিতৰণৰ অভিযোগ তুলিছে বিজেপি আৰু চিপিআই দলে৷ সন্তোষ মৰাণৰ AR 01 E 6064 নম্বৰৰ স্ক'ৰপিঅ' গাড়ীখন জব্দ কৰি ফ্লায়িং স্কোৱাডক খবৰ দিয়ে দুই দলৰ কৰ্মীয়ে৷ আৰক্ষীৰ তালাচীত গাড়ীখনৰপৰা উদ্ধাৰ ২ হাজাৰ টকা আৰু ৩ টা সুৰাৰ বটল৷ ইয়াৰ পাছতে বকতা নেমুগুৰি থানাত সোধপোছ বাবে লৈ আনে সন্তোষ মৰাণক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ