--°C
Loading...
Listen to Article
2 min read
80%

শিৱসাগৰ : উপ-নিৰ্বাচনৰ বতাহে বাৰুকৈ কোবাইছে থাওৰা বিধানসভা সমষ্টি৷ উপ-নিৰ্বাচনৰ প্ৰচাৰ শেষ হোৱা পাছতে আৰম্ভ হয় নিৰ্বাচনী হিংসা৷ সমষ্টিটোৰ অন্তৰ্গত বকতা অঞ্চলত বৃহস্পতিবাৰে 'ৰাইজৰ দল'ৰ কৰ্মীৰ ওপৰত বিজেপি কৰ্মীৰ আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে৷


জানিব পৰা মতে, বিজেপিৰ কৰ্মী ৰঞ্জিত তিখৰিয়ালৰ লাঠিৰ কোবত গুৰুতৰভাৱে আহত ৰাইজৰ দলৰ সদস্য সঞ্জীৱ খঙীয়া। বকতা নেমুগুৰি পঞ্চায়তৰ চুতীয়া কাটনীত এই ঘটনা সংঘটিত হয়৷ ৰাইজৰ দলৰ সদস্য সঞ্জীৱ খঙীয়াক ঘৰলৈ আহি থকা অৱস্থাত বিজেপি দলৰ সদস্য ৰঞ্জিত তিখৰীয়ালে ৰখাই মাৰপিট কৰাত আঘাতপ্ৰাপ্ত ৰাইজৰ দলৰ কৰ্মীজন৷ ইতিমধ্যে ঘটনা সম্পৰ্কত ৰাইজৰ দলৰ কৰ্মী সঞ্জীৱ খঙীয়াই বকতা নেমুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷


ইফালে, বকতা থানাৰ অন্তৰ্গত ঢেকেৰীছিগাত ৰাইজৰ দলৰ কৰ্মীৰ বিৰুদ্ধে সুৰা আৰু ধন বিতৰণৰ অভিযোগ উঠিছে৷ সন্তোষ মৰাণ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে ধন আৰু সুৰা বিতৰণৰ অভিযোগ তুলিছে বিজেপি আৰু চিপিআই দলে৷ সন্তোষ মৰাণৰ AR 01 E 6064 নম্বৰৰ স্ক'ৰপিঅ' গাড়ীখন জব্দ কৰি ফ্লায়িং স্কোৱাডক খবৰ দিয়ে দুই দলৰ কৰ্মীয়ে৷ আৰক্ষীৰ তালাচীত গাড়ীখনৰপৰা উদ্ধাৰ ২ হাজাৰ টকা আৰু ৩ টা সুৰাৰ বটল৷ ইয়াৰ পাছতে বকতা নেমুগুৰি থানাত সোধপোছ বাবে লৈ আনে সন্তোষ মৰাণক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা