--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)ৰ ঘোষণা। অসমকে ধৰি দেশৰ ১৮খন ৰাজ্যত আজি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। দেশৰ ৰাজধানী দিল্লীকে ধৰি দেশৰ বহু ঠাইত গোটেই দিনটো বৰষুণ হোৱাৰ সম্ভাৱনা বুলি সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। আইএমডিয়ে ১৫ আগষ্টত উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। ধাৰাসাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি আজি উত্তৰাখণ্ডত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 

আইএমডিৰ বতৰ বুলেটিন অনুসৰি, আজি উপ-হিমালয় পশ্চিমবংগ, ছিকিম, ঝাৰখণ্ড, উৰিষ্যা, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইফালে, সোমবাৰৰ বৰষুণৰ ফলত এতিয়ালৈকে হিমাচল প্ৰদেশৰ যথেষ্ট ক্ষতি হৈছে।

ইয়াৰ উপৰিও হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, ছত্তীশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পশ্চিমবংগ, ছিকিম, উৰিষ্যা, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, তামিলনাডু, পুডুচেৰী আৰু কৰাইকালৰ বিভিন্ন স্থানত বজ্ৰপাত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

আইএমডিয়ে উত্তৰাখণ্ড, পূব মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত ১৮ আগষ্টলৈকে ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। আই.এম.ডি.-ৰ মতে, মৌচুমী বায়ু ইয়াৰ স্বাভাৱিক স্থিতিৰ উত্তৰত অৱস্থিত। ই লাহে লাহে দক্ষিণদিশে আগবাঢ়িব আৰু ১৮ আগষ্টৰ ভিতৰত ইয়াৰ স্বাভাৱিক স্থিতিৰ ওচৰলৈ আহিব পাৰে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস