--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)ৰ ঘোষণা। অসমকে ধৰি দেশৰ ১৮খন ৰাজ্যত আজি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। দেশৰ ৰাজধানী দিল্লীকে ধৰি দেশৰ বহু ঠাইত গোটেই দিনটো বৰষুণ হোৱাৰ সম্ভাৱনা বুলি সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। আইএমডিয়ে ১৫ আগষ্টত উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। ধাৰাসাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি আজি উত্তৰাখণ্ডত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 

আইএমডিৰ বতৰ বুলেটিন অনুসৰি, আজি উপ-হিমালয় পশ্চিমবংগ, ছিকিম, ঝাৰখণ্ড, উৰিষ্যা, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইফালে, সোমবাৰৰ বৰষুণৰ ফলত এতিয়ালৈকে হিমাচল প্ৰদেশৰ যথেষ্ট ক্ষতি হৈছে।

ইয়াৰ উপৰিও হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, ছত্তীশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পশ্চিমবংগ, ছিকিম, উৰিষ্যা, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, তামিলনাডু, পুডুচেৰী আৰু কৰাইকালৰ বিভিন্ন স্থানত বজ্ৰপাত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

আইএমডিয়ে উত্তৰাখণ্ড, পূব মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত ১৮ আগষ্টলৈকে ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। আই.এম.ডি.-ৰ মতে, মৌচুমী বায়ু ইয়াৰ স্বাভাৱিক স্থিতিৰ উত্তৰত অৱস্থিত। ই লাহে লাহে দক্ষিণদিশে আগবাঢ়িব আৰু ১৮ আগষ্টৰ ভিতৰত ইয়াৰ স্বাভাৱিক স্থিতিৰ ওচৰলৈ আহিব পাৰে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী