--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ দলৰ চৰকাৰৰ বিৰুদ্ধেই পুনৰ বাৰ সৰৱ হৈ পৰিল সাংসদ বৰুণ গান্ধী৷ দেশত ক্ৰমে বৃদ্ধি পাই অহা নিৱনুৱা সমস্যা সন্দৰৰ্ভত চৰকাৰৰ উদাসীন মনোভাৱক বৰুণ গান্ধীয়ে তীব্ৰ সমালোচনা কৰে। বৰুণ গান্ধীয়ে এইবুলি অভিযোগ কৰে যে দেশৰ নিৱনুৱাই চাকৰি এটা বিচাৰিছিল যদিও চৰকাৰে চাকৰি দিয়াৰ সলনি তেওঁলোকক আটা, দাইল আদিহে দিলে। এক্স হেণ্ডেলত বৰুণ গান্ধীয়ে লিখিছে-"তেৰি মহব্বত মে হো গয়ে ফানা, মাংগি থি নৌকৰী , মিলা আটা দাল চানা"। এনে মন্তব্যৰ জৰিয়তে বৰুণ গান্ধীয়ে নিজৰ দলৰ চৰকাৰৰ ব্যৰ্থতাকেই পুনৰবাৰ উদঙাই দিলে। 

 বিজেপি সাংসদ বৰুণ গান্ধীয়ে ইয়াৰ পূৰ্বেও নানান বিষয়ত নিজৰ দলৰ চৰকাৰকেই সমালোচনা কৰিছিল। কিছুদিন পূৰ্বে মূল্যবৃদ্ধিকে ধৰি আন কেইবাটাও  বিষয়ত নিজৰ দলৰে চৰকাৰক সমালোচনা কৰা বৰুণ গান্ধীয়ে মোদীৰ চৰকাৰক সমালোচনা কৰি   প্ৰশ্ন কৰিছিল চৰকাৰী কোষাগাৰৰ ওপৰত প্ৰথম অধিকাৰ কাৰ ? বৰুণ গান্ধীয়ে তেওঁৰ চৰকাৰক 'ফ্ৰী কি ৰেৱৰী' সন্দৰ্ভত সমালোচনা কৰিছিল৷

বৰুণ গান্ধীয়ে এই বুলি  টুইট কৰিছল যে দৰিদ্ৰ লোকসকলক ৫ কিলোগ্ৰাম ৰেচন দিয়াৰ বাবে 'ধন্যবাদ'  বিচৰা চৰকাৰ খনে পাঁচ বছৰত দুৰ্নীতিগ্ৰস্ত ধনী লোকসকলক ১০ লাখ কোটি টকালৈকে ঋণ ৰেহাই  দিছে৷

 পিলিভিটৰ সাংসদজনে তেওঁৰ নিজৰ দলৰ সাংসদ নিশিকান্ত দুবেৰ বক্তব্যকো সমালোচনা কৰিছিল। উল্লেখ্য  পূৰ্বে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে এক সমাৱেশত কৈছিল  যে বিনামূলীয়াকৈ বস্তু দিয়া লোকৰ পৰা সাৱধান হোৱা উচিত। মোদীয়ে মূলতঃ আম আদমী পাৰ্টীক লক্ষ্য কৰিয়েই কথা খিনি কৈছিল৷ কাৰণ আপে বিদ্যুতকে ধৰি আন বহু সেৱা জনতাক বিনামূলীয়াকৈ দিছে৷এই ক্ষেত্ৰত বৰুণ গান্ধীয়ে মোদীক তেওঁৰ মন্তব্যৰ বাবে সমৰ্থন জনোৱাৰ সলনি তেওঁৰ নিজৰ দলক কাঠগড়াতহে তুলিছে৷  পাঁচ বছৰত দুৰ্নীতিগ্ৰস্ত ধনী লোকসকলৰ ১০ লাখ কোটি টকালৈকে ঋণ ৰেহাই দিয়াৰ প্ৰসংগতে মোদীৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছিল বৰুণ গান্ধীয়ে৷

মোদীৰ চৰকাৰক কটাক্ষ কৰি বৰুণ গান্ধীয়ে কৈছিল  যে  মেহুল চোকচি আৰু ঋষি আগৰৱালাৰ নাম ’ফ্ৰীৰ ৰেৱাৰী’ৰ তালিকাত শীৰ্ষস্থানত আছে।  চৰকাৰী ধনৰ অপচয় কৰাৰ অধিৰকাৰ কাৰো নাই বুলিও তেওঁ কৈ আহিছে৷

বৰুণ গান্ধীয়ে বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কে কাৰাডে সদনত উপস্থাপন কৰা তথ্য উল্লেখ কৰি  এই কথা বুজাবলৈ চেষ্টা কৰিছিল  যে চৰকাৰে যোৱা কেইবছৰমানত বিলিয়নেয়াৰসকলক কোটি কোটি টকাৰ ঋণ দিছিল আৰু তেওঁলোকে সুকলমে সেই ধন লৈ দেশৰ পৰা পলাই গৈছিল। বৰুণ গান্ধীৰ এনে আক্ৰমণত স্বাভাৱিকতে শলঠেকত পৰিছে মোদীৰ চৰকাৰ৷ইয়াৰ পূৰ্বে  ‘অগ্নিপথ’ৰ বিষয়টোকলৈ চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছিল বৰুণ গান্ধী। অগ্নিবীৰৰ বাবে পেঞ্চনৰ দাবী উত্থাপন কৰি বৰুণ গান্ধীয়ে কৈছিল যে যদি অগ্নিবীৰৰ বাবে পেঞ্চন প্ৰৱৰ্তন কৰা নহয় তেন্তে তেঁৱো পেঞ্চন এৰি দিবলৈ সাজু আছে।
বৰুণ গান্ধীয়ে এইবুলি টুইট কৰিছিল, “যদি হ্ৰস্বম্যাদী সেৱাত নিয়োজিত অগ্নিবীৰসকল পেঞ্চনৰ বাবে যোগ্য নহয়, তেন্তে জনপ্ৰতিনিধিসকলক এই ‘লাভালাভ’ কিয় দিয়া উচিত? ৰাজ্যৰ ৰক্ষকসকলে পেঞ্চনৰ অধিকাৰ এৰি নিদিলেও মই মোৰ পেঞ্চন এৰি দিবলৈও সাজু। বিধায়ক,সাংসদসকলে তেওঁলোকৰ পেঞ্চন এৰি দিব নোৱাৰে আৰু এয়াও নিশ্চিত কৰিব নোৱাৰে যে অগ্নিবীৰসকলক পেঞ্চন দিয়া হ’ব“।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান